NORTHEAST NOW (Assamese)

বিশ্বকাপ ফুটবলৰ চূড়ান্ত খেলৰ দিনাই মোডীৰ ‘লাল কাৰ্ড’ ভাষণ

December 18, 2022 5:57 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 18, 2022 6:00 pm

আজি ১৮ ডিচেম্বৰ। কাটাৰত আজি সন্ধিয়া বাজি উঠিব বিশ্বকাপ ফুটবলৰ ৰণ দুন্দুভী। দুই শক্তিশালী দল ফ্ৰান্স আৰু আৰ্জেন্টিনাই কঁপাই তুলিব কাটাৰৰ বিশ্বকাপ ফুটবলৰ ৰণক্ষেত্ৰ। তাৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৱৰ ভ্ৰমণৰ কালত শ্বিলঙৰ এখন খেলপথাৰত জাহিৰ কৰে নিজৰ ‘ৰেড কাৰ্ড নীতি’ৰ বিষয়ে।

মোডীয়ে কয় যে তেওঁ উত্তৰ-পূবক উন্নয়নৰ দিশে আগুৱাই নিছে। তেওঁ এই উন্নয়নৰ পথত যিয়েই বাধা দিবলৈ চেষ্টা কৰিছে তাকেই মোডীয়ে ‘ৰেড কাৰ্ড’ দেখুৱাই আঁতৰাই পঠাইছে।

উত্তৰ পূৰ্বাঞ্চলত যোৱা ৮ বছৰত আমাৰ হাতত অনগ্ৰসৰতা, দুৰ্নীতি, ৰাজনৈতিক পক্ষপাতিত্ব, অস্থিৰতা আদি সমস্যাক আমি ৰেড কাৰ্ড দেখুৱাইছোঁ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এনেকৈয়ে শ্বিলঙৰ সভাত বিজেপি চৰকাৰৰ ‘ৰেড কাৰ্ড নীতি’ দাঙি ধৰে মোডীয়ে।

পিছে আচল কথাটো হ’ল – মোডীৰ ‘ৰেড কাৰ্ড নীতি’ কেৱল সমস্যা সমূহৰ বাবেই নে ? কোনোবাই চৰকাৰৰ কিবা কাৰ্যক সমালোচনা কৰিলেই ৰেডকাৰ্ড দেখুৱাই আঁতৰাই পঠোৱা নহয় নে ? এই প্ৰশ্ন উত্থাপিত হৈছে এতিয়া সামাজিক মাধ্যমত।

 

Related News