• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিধ্বংসী ভাৰত: শ্ৰীলংকাক বিধ্বস্ত কৰি বিশ্বকাপৰ ছেমিত প্ৰৱেশ

দুৰন্ত ছামিয়ে গঢ়িলে ঈৰ্ষণীয় বিশ্বকাপ ৰেকৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2023 10:12 pm
India vs Sri Lanka Cricket World Cup Mohammed Shami
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগ্ৰাসী নে দুৰ্দমনীয়; দুৰ্জেয় নে দুৰন্ত; কি দিয়া যায় উপমা! সকলোৱেই যেন নিষ্প্ৰভ এই প্ৰদৰ্শনৰ সমুখত! এক যেন কালগ্ৰাসী বিধ্বংসী ধুমুহা, মহতিয়াই লৈ গৈছে সমুখৰ সকলো বাধা! নিস্ফল প্ৰতিপক্ষৰ সকলো প্ৰচেষ্টা। চলিত বিশ্বকাপত এয়াই ভাৰত, অপৰাজেয় আৰু দুৰ্দান্ত!

ইতিপূৰ্বৰ ছয়খন মেচতে জয়েৰে ৰোহিত বাহিনীয়ে প্ৰায় নিশ্চিত কৰিছিল ছেমিৰ পথ। বাকী আছিল মাথোন আনুষ্ঠানিকতা, এখন মেচত জয়ৰ। আৰু আজি ৱাংখাড়েত শ্ৰীলংকাক বিধ্বস্ত কৰি এই আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিলে ভাৰতীয় দলে।

Apply Now

বিধ্বংসী প্ৰদৰ্শনেৰে শ্ৰীলংকাক ৩০২ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰি চলিত বিশ্বকাপত বিজয়ৰ অশ্বমেধ গতিয়ে অব্যাহত ৰাখিলে ভাৰতে। প্ৰথমে বেটিং কৰা ভাৰতৰ আৰম্ভণি অৱশ্যে সুখকৰ নাছিল।

দুৰ্দান্ত ফৰ্মত থকা ৰোহিত শৰ্মাই প্ৰথমটো বলতে এটা চাৰি কোবাই এক প্ৰত্যাশিত আৰম্ভণিৰ আশা দিছিল যদিও দ্বিতীয় বলতে এক অভিনৱ বলেৰে তেওঁক পেভিলিয়নৰ পথ দেখুৱায় মদুশংকাই। ইয়াৰ পিছতে আহে ‘কিং কোহলী’ আৰু ‘প্ৰিন্স গিল’ শ্ব’।

শ্ৰীলংকাৰ বলাৰক দিশহাৰা কৰি দুয়ো তাৰকাই আগুৱাই নিয়ে ভাৰতীয় ইনিংছ; যোগ দিয়ে ১৮৯ ৰাণ। অৱশ্যে শতকৰ কাষ চাপিও ব্যৰ্থ হয় দুয়ো। ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ সম্ভাৱনা হৈ পৰা গিল নাৰ্ভাছ নাইণ্টিৰ চিকাৰ হৈ ৯২ ৰাণত বিদায় লয়।

আনহাতে শচীন টেণ্ডুলকাৰৰ নামত থকা সৰ্বাধিক এদিনীয়া শতকৰ ৰেকৰ্ড স্পৰ্শৰ কাষ চাপিয়ো থমকি ৰয় কোহলী। আৰু ব্যক্তিগত ৮৮ ৰাণৰ স্ক’ৰত পেভিলিয়নমুখী হয়। এই দুই তাৰকাৰ বাদেও উজলি উঠে শ্ৰেয়স আয়াৰ। ৮২ ৰাণৰ এক আক্ৰমণাত্মক ইনিংছেৰে আয়াৰে ভাৰতক দিয়ে এক সবল স্থিতি।

ৰাহুল আৰু জাদেজাৰ বেটৰ পৰা আহে ক্ৰমে গুৰুত্বপূৰ্ণ ২১ আৰু ৩৫ ৰাণ। সূৰ্যকুমাৰে কৰে ১২ ৰাণ। এই দুৰন্ত বেটিং প্ৰদৰ্শনেৰে ভাৰতে থিয় কৰায় ৩৫৭ ৰাণৰ বিশাল স্ক’ৰ। শ্ৰীলংকাৰ হৈ দিলচান মদুশংকা কিছু খৰচী প্ৰমাণিত হ’লেও দখল কৰে পাঁচটাকৈ উইকেট।

ইফালে এই বিশাল লক্ষ্য অনুসৰ কৰি টাচপাতৰ দৰে খহি পৰে শ্ৰীলংকা। ভাৰতীয় পেচ আক্ৰমণৰ সন্মুখত যেন দিকবিদিক হেৰুৱাই পেলায় দলটোৱে। ইনিংছৰ প্ৰথমটো বলতে বুমৰাহে নিচাংকাৰ উইকেট দখলেৰে দিয়া আঘাতৰ পৰা যেন মূৰ দাঙি উঠিব নোৱাৰিলে শ্ৰীলংকাই।

ভাৰতীয় বলিঙৰ পেচ ত্ৰিমূৰ্তি বুমৰাহ, চিৰাজ আৰু ছামিৰ দুৰ্দান্ত বলিঙত দিশহাৰা হৈ পৰে লংকান বাহিনী। প্ৰথমে বুমৰাহ, তাৰ পিছত চিৰাজ আৰু তাৰ পিছতেই ছামিয়ে ২২ গজৰ অন্তৰালত অনা ধুমুহাত বিপৰ্যস্ত হৈ শ্ৰীলংকা থমকি ৰয় মাত্ৰ ৫৫ ৰাণতে।

আকৌ এবাৰ যেন ক্ৰিকেট অনুৰাগীৰ মনত ভাহি আহে শেহতীয়া এছিয়া কাপৰ ফাইনেল মেচখনহে! বুমৰাহে প্ৰথম বলতে হনা আঘাতৰ পিছত চিৰাজে দ্বিতীয় অভাৰত পেভিলিয়নৰ পথ দেখুৱায় দুই লংকান বেটাৰক। পুনৰ চতুৰ্থ অভাৰত চিৰাজৰে চমক।

ইয়াৰ পিছতে আৰম্ভ হয় ছামি শ্ব’। বিশ্বকাপৰ প্ৰথম চাৰিখন মেচত মূল দলৰ পৰা বাহিৰত থকাৰ পিছত প্ৰত্যাৱৰ্তনৰ পিছৰে পৰা যি চমক অভিজ্ঞ পেচাৰগৰাকীয়ে দেখুৱাই আহিছে, তাৰ ধাৰাবাহিকতা আজিৰ মেচতো অটুট ৰাখি দখল কৰে পাঁচটাকৈ উইকেট।

এই বিধ্বংসী প্ৰদৰ্শনেৰে ছামিয়ে জাহিৰ খানক অতিক্ৰমি ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰৰ ঈৰ্ষণীয় অভিলেখ স্থাপন কৰে। ২০১৫, ২০১৯ আৰু চলিত বিশ্বকাপত অংশ লোৱা ছামিয়ে বিশ্বকাপত এইপৰ্যন্ত ৪৫ টা উইকেট দখল কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd