• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

প্ৰত্যাৱৰ্তন কাক কয়! ন-কৃতিত্বৰে ছামিয়ে কৰিলে সংজ্ঞায়িত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2023 9:50 am
Mohammed Shami World Cup 2023
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গত ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিপক্ষে মেচেৰে বিশ্বকাপ অভিযানৰ আৰম্ভণি ঘটাইছিল ঘৰুৱা দল ভাৰতে। জয়েৰে প্ৰত্যাশিত আৰম্ভণিৰ পাছতে ক্ৰমে চাৰিখন মেচত অপৰাজিত হৈ ৰৈছিল ভাৰতীয় দল।

লীগৰ এই প্ৰথম চাৰিওখন মেচত মূল একাদশত নাছিল অভিজ্ঞ পেচাৰ মহম্মদ ছামি। বেঞ্চতে সুযোগৰ সন্ধানত অপেক্ষাত আছিল দুখনকৈ বিশ্বকাপৰ অভিজ্ঞতাৰে পুষ্ট তাৰকাগৰাকী।

Apply Now

অৱশেষত কালি আহিল সেই আকাংক্ষিত সুযোগ। শাৰ্দুল ঠাকুৰৰ স্থানত মূল একাদশত অন্তৰ্ভুক্ত হ’ল ছামি। এই সুযোগৰ সদব্যৱহাৰ কৰি ছামিয়ে কৰিলে চলিত বিশ্বকাপ অভিযানৰ সপোনৰ আৰম্ভণি।

নিজ স্পেলৰ প্ৰথমটো বলতে কিৱি অপেনাৰ উইল ইয়ঙৰ উইকেট দখল কৰি ছামিয়ে দিয়ে ৰাজকীয় প্ৰত্যাৱৰ্তনৰ ইংগিত। তাৰ পিছত আৰু থমকি নৰ’ল ছামিৰ নিখুঁত চমৎকাৰিতা।

৫৪ ৰাণত পাঁচ উইকেট দখলেৰে ছামিয়ে খহনীয়া তোলে কিৱি ইনিংছত। অভিজ্ঞ পেচাৰগৰাকীৰ এই চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদতে কিৱি বাহিনীক ২৭৩ ৰাণত বান্ধি ৰাখিবলৈ সক্ষম হয় মেন ইন ব্লু।

এই প্ৰদৰ্শনেৰে যেন ছামিয়ে নতুনকৈ সংজ্ঞায়িত কৰিলে প্ৰত্যাৱৰ্তনৰ অৰ্থক! লগতে গঢ়িলে ২০ বছৰীয়া ব্যৰ্থতাৰ অৱসান ঘটাই ICC ৰ কোনো বৃহৎ টুৰ্ণামেণ্টত কিৱি বাহিনীৰ বিপক্ষে জয়ৰ ভেটি।

ৰাজকীয় প্ৰত্যাৱৰ্তনেৰে তাৰকা পেচাৰগৰাকীয়ে লগতে অৰ্জন কৰে দুটাকৈ ঈৰ্ষণীয় কৃতিত্ব। মেচখনত ইয়ঙৰ ৰূপত নিজৰ প্ৰথমটো উইকেট দখলৰ লগে লগে ছামিয়ে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয়ৰ তালিকাত কিংবদন্তি স্পিনাৰ অনিল কুম্বলেক অতিক্ৰম কৰে।

চলিত বিশ্বকাপত সুযোগ পোৱাৰ পূৰ্বলৈকে ৩১ টা উইকেট দখলেৰে কুম্বলেৰ সৈতে যুটীয়াভাৱে এই তালিকাৰ দ্বিতীয় স্থানত আছিল ছামি। এতিয়া কালিৰ মেচত পাঁচ উইকেট দখলেৰে ছামিয়ে বিশ্বকাপ উইকেটৰ সংখ্যা ৩৬ টালৈ বৃদ্ধি কৰে।

এই ক্ষেত্ৰত ছামিৰ আগত আছে প্রাক্তন পেচাৰ জাহিৰ খান আৰু জৱাগল শ্রীনাথ। দুয়ো ৪৪টাকৈ উইকেট দখলেৰে বিশ্বকাপত সর্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰৰ তালিকাত যুটীয়াভাৱে শীৰ্ষত আছে।

ইয়াৰ লগতে এদিনীয়া বিশ্বকাপত একাধিক পাঁচ উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপেও পৰিগণিত হয় ছামি। ইয়াৰ পূৰ্বে ২০১৯ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমটো পাঁচ উইকেট দখল কৰিছিল পেচাৰগৰাকীয়ে।

ছামিৰ এই কৃতিত্বৰ বিপৰীতে ভাৰতীয় বলাৰ হিচাপে কপিল দেৱ, ভেংকটেশ প্ৰসাদ, ৰবিন সিং, আশীষ নেহৰা আৰু যুৱৰাজ সিঙে বিশ্বকাপত এবাৰকৈ পাঁচ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কে তিনিবাৰকৈ পাঁচ উইকেট দখলেৰে এই তালিকাৰ শীৰ্ষত আছে। ষ্টাৰ্কৰ বাদে আন কোনো বলাৰে প্ৰতিযোগিতাখনৰ ইতিহাসত দুবাৰতকৈ অধিক পাঁচ উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

June 18, 2026 7:52 pm
চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd