ৰাজ্যত বিভিন্ন সময়ত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এইবাৰ ৰাজ্যখনৰ মহাগাণনিক বিষয়াৰ কাৰ্যালয়ৰ মহাগাণনিকৰ বিৰুদ্ধে মানসিক আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।
মহাগাণনিক বিষয়াৰ কাৰ্যালয়ৰ মহাগাণনিক আব্দুল ৰৌফে এগৰাকী মহিলা সহকৰ্মীক দীৰ্ঘদিনৰ পৰা মানসিক আৰু যৌন নিৰ্যাতন চলাই অহা বুলি মহিলা সহকৰ্মীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। মহিলা গৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি ফাইলত চহী কৰাবলৈ গ’লেই মহ গাণনিক বিষয়া গৰাকীয়ে মহিলা গৰাকীক অশ্লীল ইংগিত প্ৰদান কৰি আহিছিল।
মহাগাণনিক বিষয়া আব্দুল ৰৌফৰ মানসিক আৰু যৌন নিৰ্যাতনত অতিষ্ঠ হৈ মহিলা বিষয়াগৰাকীয়ে আজি বশিষ্ঠ থানাত মহা গাণনিক বিষয়া গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
আনহাতে মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত এটা গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বশিষ্ঠ মণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে যৌন নিৰ্যাতনৰ ঘটনাৰ তদন্ত কৰিছে।