• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন যায়: একবিংশ শতিকাৰ সাৰ্থক প্ৰেমৰ গানঃ জিতেন বেজবৰুৱা

জিতেন বেজবৰুৱা by জিতেন বেজবৰুৱা
September 21, 2025 2:43 pm
78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাক্তৰ : তোমাৰ জীৱনৰ আৰু দহ মিনিট বাকী আছে। এই শেষ মুহূৰ্তত তুমি যি ইচ্ছা কৰি লোৱা।

কথাটো শুনাৰ লগে লগেই ডেকাজনে ম’বাইলত ‘মন যায়’ লগাবলৈ আৰম্ভ কৰি দিলে।

Apply Now

ডাক্তৰ : কিন্তু এই গানটোতো দহ মিনিট একচল্লিছ ছেকেণ্ডৰ?

ভগৱান : ঠিক আছে, মই অনুমতি দিছো।

ইউটিউবত ‘মন যায়’ গানটোৰ তলত এঠাইত মন্তব্য আকাৰে ওপৰৰ কৌতুকটো (?) পাইছিলো। ইয়াৰপৰাই এটা ধাৰণা কৰিব পাৰি, ‘মন যায়’ যুৱ প্ৰজন্মৰ বাবে কিমান আপোন এটা গান। একে আষাৰে ক’বলৈ গ’লে, ই এটা সাংঘাতিকধৰণে জনপ্ৰিয় গান। বছৰৰ পাছত বছৰ ধৰি লাখ লাখ যুৱক-যুৱতীয়ে এই গানটো বাৰংবাৰ শুনি আহিছে, শুনি শুনি কান্দি আহিছে। জুবিনৰ বহু গানেই যুৱসমাজৰ প্ৰিয়, বহু গানেই তেওঁলোকৰ জীৱনৰ এৰাব নোৱৰা অংগ হৈ পৰিছে। কিন্তু ‘মন যায়’ৰ এটা বিশেষত্ব আছে, এটা সামাজিক তাৎপৰ্য আছে – যাৰ বাবে ইয়াৰ সৈতে এই মুহূৰ্তত আন কোনো গানৰে তুলনা নহয়। হয়তো বহুতেই ইয়াৰ মাজত নিজৰ এৰি অহা প্ৰেমৰ কাহিনী তথা বিষাদ-অনুভূতি বিচাৰি পাইছে, যাৰ বাবে গানটোৱে তেওঁলোকৰ চকুপানী বোৱাইছে। (সাধাৰণ পৰ্যবেক্ষণ আৰু ইউটিউবৰ বহুসংখ্যক মন্তব্যৰ আধাৰত আমি এই কন্দাৰ কথাটো কৈছো।) কিন্তু কেৱল ব্যক্তিগত প্ৰেমৰ স্মৃতিয়েই গানটোৰ অবিশ্বাস্য জনপ্ৰিয়তাৰ কাৰণ হয় জানো? উক্ত প্ৰশ্নৰ উত্তৰ সন্ধান কৰাটোৱেই ইয়াত আমাৰ ঘাই উদ্দেশ্য। কিন্তু তাৰ বাবে প্ৰথমে জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰাৰ কিছুমান সাধাৰণ দিশ আমি থোৰতে আলোচনা কৰিব লাগিব। এই লেখাটো জুবিনৰ গানৰ বিষয়ে কোনো সামগ্ৰিক পৰ্যালোচনা নহয়, আমি কেৱল ‘মন যায়’ গানটোৰ ঐতিহাসিক আৰু সামাজিক তাৎপৰ্য নিৰ্ণয় কৰাৰ তাগিদাতহে কিছুমান দিশৰ যথাসম্ভৱ চমু বিশ্লেষণ দাঙি ধৰিবলৈ চেষ্টা কৰিম।

জুবিনৰ প্ৰেমৰ গানসমূহৰ মূল চৰিত্ৰ হ’ল বিমূৰ্ততা। জুবিনে তেওঁৰ দীঘলীয়া সাংগীতিক যাত্ৰাকালত ঘাইকৈ প্ৰেমৰ গানেই গাইছে। আনহাতে, তেওঁৰ আন বিষয়ৰ গানসমূহতো বহু সময়ত এই বিমূৰ্ততাৰ ভাবগত আৰু ভাষাগত ছাঁ বিদ্যমান। গতিকে ক’ব পাৰি যে বিমূৰ্ততা হ’ল তেওঁৰ সাংগীতিক সৃষ্টিৰাজিৰ এটা প্ৰধান লক্ষণ। এতিয়া প্ৰশ্ন হ’ল, এই বিমূৰ্ততাৰ ৰূপ আৰু তাৰ ঐতিহাসিক চৰিত্ৰ কেনেধৰণৰ? প্ৰসংগক্ৰমে আমি ভূপেন হাজৰিকাৰ প্ৰেমৰ গানসমূহৰ কথা উল্লেখ কৰিব পাৰো। আনধৰণৰ গানৰ দৰেই ভূপেন হাজৰিকাৰ প্ৰেমৰ গানসমূহো খুবেই কংক্ৰিট গান। কংক্ৰিট দুটা দিশৰপৰা : প্ৰথমটো হ’ল, গানটোৱে দাঙি ধৰা চিত্ৰখন কংক্ৰিট, তাত কি ঘটি আছে আমি স্পষ্টভাৱে গম পাওঁ; দ্বিতীয়টো হ’ল, গানটো ঐতিহাসিকভাৱে কংক্ৰিট, এটা যুগৰ কংক্ৰিট ইংগিত আমি তাত পাওঁ। উদাহৰণ হিচাপে আমি ভূপেন হাজৰিকাৰ যিকোনো এটা প্ৰেমৰ গান ল’ব পাৰো। যিটো প্ৰেমৰ গানক খুবেই কাব্যিক আৰু বিমূৰ্ত বুলি কোৱা হয়, যাৰ আৰম্ভণিয়েই ‘বিমূৰ্ত’ শব্দৰে, সেই ‘বিমূৰ্ত মোৰ নিশাটি যেন’ গানটোও এটা খুবেই কংক্ৰিট গান।

শিল্পীয়ে বৰ্ণনা কৰা নিশাটো হয়তো বিমূৰ্ত, কিন্তু গানটো মূৰ্ত। গানটোত কোন সময়ত কি ঘটি আছে আমি সঠিকভাৱে গম পাওঁ। কিন্তু তাতকৈ ডাঙৰ কথা হ’ল, যৌনপ্ৰেমৰ উমৰ মাজতো কাব্যিকতাৰ চাদৰৰ আঁৰত প্ৰকাশ পাইছে সামাজিক দ্বন্দ্বৰ আভাস। নিজৰ যৌনপ্ৰেমক শিল্পীয়ে কৈছে ‘নিয়ম ভঙাৰ নিয়ম ই যে’ বুলি, তেওঁ শুনা পাইছে দূৰৈৰ আৰ্তনাদ। ভ্ৰূক্ষেপ কৰা-নকৰাটো পিছৰ কথা (ভ্ৰূক্ষেপ নাই বুলিয়েই তেওঁ কৈছে); কিন্তু মুঠ কথাটো হ’ল, তেওঁ দূৰৈৰ আৰ্তনাদৰ নদীখন পাহৰি যাব পৰা নাই। ইয়াৰ লগত যদি আমি জুবিনৰ প্ৰেমৰ গানৰ তুলনা কৰো, তেনেহ’লে দেখিম যে উপৰোক্ত দুইটা দিশৰপৰাই তেওঁৰ গানবোৰ বিমূৰ্ত। এইটো কথা ঠিক যে জুবিনে বিভিন্ন গীতিকাৰৰ গান গাইছে, সেইবিলাকৰ মাজত ভাব-ভাষাৰ তাৰতম্য আছে। কিন্তু জুবিনৰ বৈশিষ্ট্যসূচক ঘাই ঘাই আৰু বিখ্যাত গানবোৰৰ সৰহখিনি জুবিনে নিজেই লিখা। তাতোকৈ ডাঙৰ কথা হ’ল, গানটো যিয়েই লিখা বা সুৰ কৰা নহওক, জুবিনৰ অমৃত কণ্ঠ তথা আশ্চৰ্যকৰ সংগীত প্ৰতিভাই সিবিলাকক এনেদৰে হজম কৰি পেলায় যে সিবিলাক হাড়ে-হিমজুৱে হৈ পৰে জুবিনৰ গান। আনহাতে, লাহে লাহে অসমৰ সংগীত জগতত জুবিনে এনে এক জুবিনীয় সাংগীতিক পৰিসীমা বান্ধি দিলে যে পৰৱৰ্তী সময়ত আন আন গীতিকাৰ-সুৰকাৰসকলেও সেই পৰিসীমাৰ ভিতৰত থাকিয়েই সংগীত সৃষ্টি কৰিছে। সি যি নহওক, বিমূৰ্ততাৰ কথা কওঁতে আমি ঘাইকৈ জুবিনৰ বৈশিষ্ট্যসূচক প্ৰেমৰ গানবিলাকৰ কথাই কৈছো। ‘হাঁহিলে তুমি মুকুতামণি সৰে’, ‘জোনাকে কাণে কাণে আহি ক’লে’, ‘মায়া মাথোঁ মায়া’, ‘প্ৰীতিৰ সুবাসে’, ‘মনৰ নিজানত’, ‘এতিয়া হিয়া মোৰ বৰষে তোমালে’, ‘অলকানন্দা ওঁঠৰ পাহি যেন’ আদি বিভিন্ন সময়ৰ দুটামান গানৰ উদাহৰণ আমি ল’ব পাৰো।

গানবোৰ শুনিলে একোটা মূল ভাব বা সূত্ৰ সহজে ধৰিব পৰা যায় – বোলে এইটো বিৰহৰ গান, বোলে এইটোত প্ৰেমিকাৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থকাৰ কথা কৈছে, বোলে এইটোত প্ৰেমৰ মহিমাই জীৱনটো সঞ্জীৱিত কৰি থৈ যোৱাৰ কথা কৈছে, ইত্যাদি ইত্যাদি। কিন্তু তাতকৈ অধিক বুজিবলৈ অসুবিধা। সেইবাবে এইবোৰ গান প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাটো বৰ জটিল কাম। কিয়নো জুবিনৰ গানত শিল্পীয়ে নিজে বিশেষ একো নকয়, যি ক’ব লাগে উপমা, প্ৰতীক আৰু চিত্ৰকল্পই কয়। কাব্যিকতাৰ এই সকলোবিলাক উপাদান মিলি গানবোৰত এক নিভাঁজ বিমূৰ্ততাৰ সৃষ্টি কৰিছে – য’ত অস্পষ্টতা আছে, ধূসৰতা আছে, ৰহস্য আছে। কিন্তু তাৰ লগতে আছে এক উদ্দামতা, এক সতেজতা। এই বিমূৰ্ততাই হ’ল জুবিনৰ গানৰ আচল শক্তি, জুবিনৰ মেজিক। কিন্তু কালক্ৰমত এই বিমূৰ্ততাই হৈ পৰিলগৈ জুবিনৰ বাবে এক দুৰ্বহ বোজা, নিজৰেই অৰ্থহীন পুনৰাবৃত্তিৰ কাৰক।

জুবিনৰ সাংগীতিক জন্ম হৈছিল বিংশ শতিকাৰ নব্বৈৰ দশকত। ৰাজনৈতিকভাৱে আত্মসচেতন শিল্পীৰ যুগটো কাহানিবাই শেষ হৈ গৈছিল। সমসাময়িক সমাজৰ ৰূপ আৰু নিজৰ ঐতিহাসিক অৱস্থানক লৈ সচেতন শিল্পীৰ বাবেহে কংক্ৰিট ৰসোত্তীৰ্ণ শিল্পৰ সৃষ্টি সম্ভৱপৰ। কিন্তু জুবিন আছিল নতুন যুগৰ শিল্পী। তেওঁৰ জন্মৰ সমসাময়িকভাৱেই ভাৰতত বিশ্বায়নৰ প্ৰবেশ ঘটিছিল, অসমৰ সংগীত জগতো ব্যৱসায়িকভাৱে ঠন ধৰি উঠিছিল। অসমত আৰম্ভ হৈছিল জনপ্ৰিয় সংস্কৃতিৰ যুগ। জুবিন ক্ৰমাগতভাৱে হৈ উঠিছিলগৈ অসমীয়া জনপ্ৰিয় সংস্কৃতি আটাইতকৈ ডাঙৰ তাৰকা। আৰু এই যাত্ৰাত জুবিনৰ সাংগীতিক যাত্ৰাৰ প্ৰধান সংগী আছিল তেওঁৰ বিমূৰ্ততা। যুগৰ ধৰ্ম অনুসৰিয়েই জুবিনৰ কোনো ৰাজনৈতিক আত্মসচেতনতা নাছিল, নাছিল নিজৰ ঐতিহাসিক অৱস্থান সম্পৰ্কে উপলব্ধি। তেওঁৰ চকুৰ সন্মুখতেই অসমৰ সমাজজীৱনৰ ওপৰেদি বৈ গৈছিল এজাক কালধুমুহা – প্ৰতিবাদ আৰু ৰাষ্ট্ৰসন্ত্ৰাসে জুৰুলা কৰি পেলাইছিল অসম। কিন্তু তেওঁৰ গানত সেইবিলাকৰ ৰেশ পাবলৈ নাই। কাৰণ শিল্পৰ সৈতে সামাজিক জীৱনৰ ওতপ্ৰোত সম্পৰ্ক তেওঁ বুজি পোৱা নাছিল। কিন্তু সমান্তৰালভাৱে, নিজৰ অজ্ঞাতেই তেওঁ হৈ পৰিছিল অসমৰ সমাজজীৱনত ঘটি থকা এটা দীঘলীয়া সামাজিক প্ৰক্ৰিয়াৰ, এটা অন্তঃস্ৰোতৰ অবিসম্বাদী প্ৰতিনিধি। কি আছিল সেই সামাজিক প্ৰক্ৰিয়াটো? সেই সময়লৈ অসমৰ গ্ৰাম্য সমাজখনত ক্ৰমাগত এটা ভাঙোনে দেখা দিছিল।

চহৰলৈ হোৱা প্ৰব্ৰজন আৰু তাৰ প্ৰতি সাধাৰণ আকৰ্ষণ বৃদ্ধি পাইছিল। দূৰৈত শুনিবলৈ পোৱা গৈছিল বিশ্বায়নে কঢ়িয়াই অনা নতুনৰ পদধ্বনি। ক্ৰমবৰ্ধমান সামাজিক গতিশীলতাৰ এই ধাৰাটোৰ প্ৰভাৱ প্ৰধানকৈ পৰিছিল যুৱচামৰ মাজত – নতুন চেতনা আৰু আকাংক্ষাই লাহে লাহে মূৰ দাঙি উঠিছিল। আৰু জুবিনৰ প্ৰেমৰ গানে এই যুৱ প্ৰজন্মৰ চেতনা আৰু আকাংক্ষাকেই প্ৰতিনিধিত্ব কৰিছিল। আচলতে যাক আমি আজি প্ৰেম বুলি কওঁ, সি হ’ল এটা আধুনিকতাৰ বস্তু। আমাৰ নিচিনা জাতি, বৰ্ণ, ধৰ্ম, বয়স, লিংগ আদি সকলো দিশৰপৰাই বৈষম্য আৰু পদানুক্ৰমৰদ্বাৰা ভাৰাক্ৰান্ত এখন সমাজত এই প্ৰেম সহজ নহয়। সেয়ে প্ৰেম এটা অন্তহীন আৰু চিৰন্তন ফেণ্টাছি হৈ পৰিছে আমাৰ সমাজত। প্ৰেম এনে এটা ফেণ্টাছি যাৰ জৰিয়তে প্ৰকাশ পায় সামাজিক দ্বন্দ্ব আৰু সমস্যাসমূহ, যাৰ জৰিয়তে অনুভৱ কৰিব পাৰি সামাজিক বৈষম্য আৰু পদানুক্ৰমসমূহৰ অস্তিত্ব, আৰু যাৰ জৰিয়তে দেখিব পাৰি সামাজিক মুক্তিৰ স্বপ্ন। ই এটা ফেণ্টাছি – সেইবাবে ই আত্মসচেতন নহয়, সেইবাবে ই সুদৃশ্যভাৱে ৰাজনৈতিক নহয়। জনপ্ৰিয় সংস্কৃতিত স্বাভাৱিকতেই প্ৰেমৰ সেই ফেণ্টাছি ৰূপ সৰ্বব্যাপী ৰূপত দেখিবলৈ পাওঁ। ই প্ৰকৃততে চেতনাগত সামাজিক পৰিবৰ্তনৰে এটা অভিন্ন অংগ। অৰ্থাৎ প্ৰেমৰ ফেণ্টাছি ৰূপৰ উপস্থাপনৰ জৰিয়তে জনপ্ৰিয় সংস্কৃতিয়ে সামাজিক পৰিবৰ্তনত অংশগ্ৰহণ কৰিছে। ক’বলৈ গ’লে, আধুনিকতাৰ এটা আধৰুৱা দায়িত্ব পালন কৰিবলৈ গাত পাতি লৈছে জনপ্ৰিয় সংস্কৃতিয়ে। এই প্ৰক্ৰিয়াত জুবিনৰ প্ৰেমৰ গানসমূহেও এটা মূল্যৱান ভূমিকা পালন কৰিছে। কিন্তু এই ভূমিকাক অধিক জীৱন্ত কৰি তুলিছে সেই সময়ৰ অসমৰ সামাজিক সন্ধিক্ষণ আৰু যুৱপ্ৰজন্মৰ মাজত দেখা দিয়া সামাজিক গতিশীলতাৰ স্বপ্নই।

জুবিনৰ গানত যুৱপ্ৰজন্মৰ নতুন চেতনা আৰু আকাংক্ষাসমূহ বৈ আছিল নদীৰ তলৰ গভীৰ সোঁতৰ দৰে – যাক ওপৰত দেখা পোৱা নাযায়, কিন্তু অনুভৱ কৰিব পৰা যায় যাৰ উপস্থিতি। এইক্ষেত্ৰত জুবিনক সহায় কৰিছিল তেওঁৰ বিমূৰ্ততাই। জুবিনে নিজৰ ধৰণে প্ৰেমৰ গানবোৰক কংক্ৰিট ৰূপ দিবলৈ ধৰা হ’লে হয়তো সেইবোৰ হৈ পৰিলেহেঁতেন কিছুমান নিছক প্ৰেমৰ গান – আন একো নহয়। কিন্তু এতিয়া বিমূৰ্ততাই তাৰ মাজলৈ কঢ়িয়াই আনিলে যুৱপ্ৰজন্মৰ চেতনাৰ নিৰ্যাস। প্ৰেমৰ গানবোৰ চালিজাৰি চালে দেখা যায় যে সেইবোৰত প্ৰেমিকা, আনকি প্ৰেমো হ’ল মাত্ৰ এটা অজুহাতহে। তাৰ আলম লৈ গানসমূহত মেলি দিয়া হৈছে অনুভৱৰ এখন বিশাল জাল – য’ত প্ৰকাশ পাইছে যুৱ মনৰ নিভৃত কোণৰ এটি এটি অনুভৱ আৰু আকাংক্ষা। কিন্তু এই জালখনৰ কোনো সীমা নাই, সি গৈ গৈ হয়তো আকাশকো ছুইছেগৈ। এই অনুভৱ আৰু আকাংক্ষাৰো কোনো সংজ্ঞা নাই। সংজ্ঞায়িত কৰা আৰু সীমা নিৰ্ধাৰণ কৰা মানেই হ’ল সীমাবদ্ধতা আৰোপ কৰা, সকলো সম্ভাৱনা নিঃশেষ কৰি দিয়া। কিন্তু জুবিনৰ গান এই সকলোৰেপৰা মুক্ত। আনকি অনামিকা, মায়া আদি এলবামৰ নামবিলাকেও এই সীমাহীনতা তথা ৰহস্যকেই প্ৰতিফলিত কৰে। অনামিকা – যাৰ কোনো নাম নাই, যাক সংজ্ঞায়িত কৰিব নোৱাৰি। মায়া – যি ৰহস্যময়।

যি ‘কলিজা ৰঙা কৰি উজলি’ আছে, ‘ফুলৰ পাহে পাহে মেঘৰ আঁৰে আঁৰে’ নীৰৱে লুকাই আছে, যাৰ বাবে চিৰব্যাকুল প্ৰেমিক হৃদয় বাট চাই আছে – অথচ যাৰ শৰীৰী সাক্ষাৎ পাবলৈ নাই। প্ৰেম-অনুভৱৰ এনেধৰণৰ ব্যাপক আত্মনিষ্ঠ উদযাপন অসমীয়া সংগীতৰ ইতিহাসত বিৰল। প্ৰকৃততে এই প্ৰেমৰ গানবোৰ হ’ল যুৱপ্ৰজন্মৰ বিষয়ীসত্তাৰ (subjectivity) এক স্বগতোক্তিস্বৰূপ। ঠিক স্বগতোক্তি বুলিলেও হয়তো ভুল হ’ব, যদিহে সি একমুখী বক্তব্যক সূচায় – সি হ’ল এই বিষয়ীসত্তাৰ নিজৰ লগতেই এক আলাপ। এই আলাপৰ জৰিয়তে যি আধুনিক সংবেদনশীলতা (modern sensibility) প্ৰকাশ পাইছে আৰু বিকাশ লাভ কৰিছে, সেয়া সমসাময়িক আন কোনো সাংস্কৃতিক সৃষ্টিৰ মাজত পাবলৈ নাই। গতিকে চমুকৈ এনেদৰে ক’ব পাৰি যে জুবিনৰ বিমূৰ্ত প্ৰেমৰ গানসমূহৰ জৰিয়তে সেই সময়ৰ যুৱপ্ৰজন্মৰ নতুন সামাজিক চেতনা আৰু আকাংক্ষাই প্ৰাণ পাই উঠিছিল। ই হৈ পৰিছিল individuation প্ৰক্ৰিয়াটোৰ অনুঘটকস্বৰূপ। সেইবাবেই জুবিন হৈ উঠিছিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব।

কিন্তু পৰৱৰ্তী সময়ত জুবিনে আন বিশেষ একো কাম নকৰিলে নিজক অলসভাৱে পুনৰাবৃত্তি কৰি যোৱাৰ বাদে। যুগ অনুসৰি নিজক পুনৰাৱিষ্কাৰ কৰিবলৈ চেষ্টা নকৰিলে। পৰিবৰ্তনৰ যিটো সামাজিক প্ৰক্ৰিয়াই জুবিনৰ গানসমূহক জীৱন্ত কৰি তুলিছিল, সেই প্ৰক্ৰিয়াটোৱে এটা নতুন পৰ্যায়ত উপনীত হৈছিল। কিন্তু জুবিনৰ গানে সেইটো ঢুকি পোৱা নাছিল। ব্যৱহৃত হৈ হৈ বিমূৰ্ততাৰ সকলো সম্ভাৱনা লোপ পাইছিল, আৰু সি হৈ পৰিছিল অৰ্থহীনতাৰ নামান্তৰ মাত্ৰ। জুবিনে যি ঐতিহ্য ইতিমধ্যে প্ৰতিষ্ঠা কৰিছিল, তাৰপৰা বিভিন্ন লাম-লাকটু লৈ, শব্দ-চিত্ৰকল্প লৈ অহৰহ নতুন নতুন গান সৃষ্টি হৈ আছিল। কিন্তু সেইবোৰ আছিল প্ৰাণহীন আৰু ফোঁপোলা। অ’ত-ত’ত পাই কিছুসংখ্যক সুন্দৰ গান তেওঁ আমাক উপহাৰ দিছিল। কিন্তু সামগ্ৰিকভাৱে তেওঁৰ সংগীতৰ নদীখন হৈ পৰিছিল তৰাং। ‘অনামিকা’ৰ যুগৰ সেই উদ্দামতা আৰু সতেজতা হেৰাই গৈছিল।

বহুদিনৰ মূৰত আমি শুনিবলৈ পালো ‘মন যায়’। ২০০৮ চনৰ ‘মন যায়’ চিনেমাত সন্নিৱিষ্ট হৈছে গানটো, গীতিকাৰ দিগন্ত ভাৰতী। গানটোত সুৰৰ বৈচিত্ৰ্য বিশেষ নাই, গীতাংশতো নাই তেনে কোনো চমৎকাৰ। কিন্তু গানটোত আছে এক নতুন সতেজতা – যাৰ মাজত অনুভৱ কৰিব পাৰি নতুন যুগৰ স্পন্দন। ইয়াৰ মাজত পাব পাৰি ঐকৈছ শতিকাৰ ‘ফিল’টো। জুবিনৰ কণ্ঠ আৰু গায়কীত জীপাল হৈ উঠিছে গানটো – সি হৈ উঠিছে হাড়ে-হিমজুৱে জুবিনৰ গান। সেইবাবেই আমাৰ বোধেৰে, ‘মন যায়’ হ’ল একবিংশ শতিকাৰ এতিয়ালৈকে শ্ৰেষ্ঠ অসমীয়া প্ৰেমৰ গান। কিন্তু এই গানটোৰ আলোচনাৰ পূৰ্বে আমি আন দুটা গানৰ আলোচনা কৰিম।

২০০১ চনৰ ‘দাগ’ চিনেমাত সন্নিৱিষ্ট হৈছে ‘মায়াৱিনী ৰাতিৰ বুকুত’ গানটো। কথা, সুৰ, গায়কী সকলো দিশৰপৰাই এই গানটো জুবিনৰ এটা সকলো সময়ৰে শ্ৰেষ্ঠ গান। আনকি এনেকৈয়ো ক’ব পাৰি যে জুবিনৰ আন সকলো গান পাহৰি পেলালেও একমাত্ৰ এই গানটো শুনিয়েই কৈ দিব পাৰি যে তেওঁ কিমান এক আশ্চৰ্যকৰ সাংগীতিক প্ৰতিভাৰ গৰাকী। গানটোৰ কথাংশ জুবিনৰ নিজৰ।

‘তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেঁচা টোপাল

নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱাত

ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন

নিজানৰ গান মোৰ শেষ হ’ব ভাবো তোমাৰ বুকুত’

এইছোৱা কথাংশক ক’ব পাৰি গীতিকাৰ হিচাপে জুবিনৰ শ্ৰেষ্ঠ সৃষ্টি। ইমান কংক্ৰিট ৰূপত প্ৰেমৰ কথা জুবিনে কাহানিও কোৱা নাছিল, প্ৰেমৰ সঞ্জীৱনী ভূমিকাৰ কথা ইমান ভালদৰে কাহানিও গোৱা নাছিল। কিন্তু দুখৰ বিষয় এইটোৱেই যে এই চমৎকাৰৰ পিছতে গানটোত জুবিন নামি পৰে সহজ পুনৰাবৃত্তিত। মেঘালী নিশাৰ জোন, সপোন আঁতৰি দিঠক নমা, আকৌ দিঠক আঁতৰি সপোন অহা আদিবোৰ আমাৰ পুৰণি দিনৰ চিনাকি বস্তু। আনকি মায়াৱিনী ৰাতিও আমি দেখি আহিছো, মায়া কি বস্তু বুজি আহিছো। গতিকে ক’ব পাৰি যে বিৰাট সম্ভাৱনাপূৰ্ণ সৃষ্টি এটা ঐতিহ্যৰ ভৰত আদবাটতে থমকি ৰ’ল। এই ঐতিহ্য জুবিনৰ নিজৰেই ঐতিহ্য। জুবিনে নিজেই নিজক বাধা দি আহিছে নতুন ৰসোত্তীৰ্ণ সৃষ্টিত।

এতিয়া আমি গানটোৰ নিজৰ কিছু চৰিত্ৰগত বৈশিষ্ট্যৰ উল্লেখ কৰিব খুজিছো। প্ৰথম, জুবিনৰ সৰহভাগ প্ৰেমৰ গানৰ বিপৰীতে এই গানটো হ’ল আদহীয়া মানুহৰ প্ৰেমৰ গান। কত দুখৰ ধুমুহা পাৰ হৈ অহাৰ কথা, বহু যুগ অপেক্ষা কৰাৰ কথা বিভিন্নধৰণে বিভিন্ন গানত তেওঁ গাইছে। কিন্তু সেইবোৰ হ’ল প্ৰেমিক হৃদয়ৰ অনুভৱৰ কথা। তাৰ বিপৰীতে এই গানটোত সঁচাসঁচিকৈ ‘ধুমুহাৰ স’তে বহু যুগৰ নাচোন’ দি অহা এজন দুৰ্দান্ত জীৱন-যুঁজাৰুৰ প্ৰেমৰ কথা কোৱা হৈছে। জীৱনৰ ধুমুহা-বিদীৰ্ণ বহু যুগ পাৰ কৰাৰ পাছত এতিয়া ব্যক্তিজনে অৱশেষত প্ৰেমিকাৰ স্পৰ্শৰ মাজত নিজানৰ গান শেষ হ’ব বুলি আশা কৰিছে। দ্বিতীয়, ইমানৰ পাছতো কিন্তু গানটোত কোনো উদ্বেগ-আশংকা নাই। কিয়? ই ব্যক্তিজনৰ আৰ্থ-সামাজিক নিৰাপদ অৱস্থানৰ কথা সূচাব পাৰে নেকি? ধুমুহা-বিদীৰ্ণ যাত্ৰাৰ শেষত প্ৰেমৰ প্ৰাপ্তিয়ে একধৰণৰ সমাপ্তি বা closureঅৰ ইংগিত বহন কৰিছে নেকি বাৰু? এইসমূহ প্ৰশ্নৰ কোনো উত্তৰ পাবলৈ নাই। কিন্তু এইসমূহ বৈশিষ্ট্যৰপৰা এটা কথা বুজিব পাৰি যে এই গানটো একবিংশ শতিকাৰ যুৱপ্ৰজন্মৰ বাবে প্ৰতিনিধিত্বমূলক প্ৰেমৰ গান হৈ উঠিব নোৱাৰে। এফালে এই গানটোক জুবিনৰ ঐতিহ্যৰ প্ৰভাৱে অতীতলৈ টানি আছে, আৰু আনফালে গানটোৰ মাজত একবিংশ শতিকাৰ সামাজিক প্ৰৱণতাসমূহৰ ছবি দেখি পাবলৈ নাই। গতিকে এটা শ্ৰেষ্ঠতম গান হ’লেও ‘মায়াৱিনী ৰাতিৰ বুকুত’ গানটো একবিংশ শতিকাৰ শ্ৰেষ্ঠ প্ৰেমৰ গান হ’ব নোৱাৰে।

জুবিনৰ এটা অফিচিয়েলি একবিংশ শতিকাৰ গান আছে – ‘একবিংশ শতিকাৰ প্ৰেম কাহিনী’। এখন ৰঙা ৰুমালৰ আলম লৈ শিল্পীয়ে স্কুলীয়া জীৱনৰ প্ৰেমৰ স্মৃতি ৰোমন্থন কৰিছে। ৰুমালখন হৈ পৰিছে সেই অতীত প্ৰেমৰ প্ৰতীক –

‘ৰুমালত কাহিনী

ৰুমালত জীৱনী

ৰুমালত হুমুনিয়াহ

ৰুমালত উচুপনি

ৰুমাল ৰুমাল ৰুমাল ৰুমাল

এখন ৰঙা ৰুমাল

ৰুমাল ৰুমাল ৰুমাল ৰুমাল

আজিৰ শেঁতা ৰুমাল।’

এইটো এটা মজলীয়া কোৱালিটিৰ প্ৰেমৰ গান। কিন্তু প্ৰশ্নটো হ’ল, ই একবিংশ শতিকাৰ বৈশিষ্ট্যসূচক হয়নে? প্ৰেমৰ প্ৰতীক হিচাপে ৰুমালৰ ব্যৱহাৰ অসমীয়া সংগীত তথা সাহিত্যত বহুতো আছে। ৰুমাল এই বৈশিষ্ট্যৰ আঁৰৰ মূল কাৰণ হ’ল অসমীয়া নাৰীৰ তাঁতশালৰ সৈতে থকা অংগাংগী সম্পৰ্ক। তাঁতশালখন হ’ল অসমীয়া নাৰীৰ বাবে অৰ্থনৈতিক আৰু সাংস্কৃতিক উভয় জীৱনৰে এটা কেন্দ্ৰবিন্দুস্বৰূপ। তাঁতশালৰ সৈতে নাৰীৰ শ্ৰম আৰু স্বপ্ন জড়িত হৈ থাকে। সেইবাবেই তাৰপৰা বৈ উলিওৱা বিহুৱানখনৰ মূল্য টকাৰে জুখিব নোৱাৰি। ৰুমালখনৰ ক্ষেত্ৰতো একে কথাই খাটে। ছোৱালীয়ে সৰুৰেপৰাই তাঁতশালত বোৱা-কটা শিকে। তেনেকৈয়ে নিজে প্ৰস্তুত কৰি উলিয়ায় ৰুমাল। এতেকে ৰুমালৰ উপহাৰ দি প্ৰেম যাচিব পাৰি : ৰুমালে বহন কৰিব পাৰে প্ৰেমৰ সমস্ত কামনা-আকাংক্ষা, যাক আন একো উপহাৰেৰে সলাব নোৱাৰি। কিন্তু অসমৰ সামাজিক ছবিখন কালক্ৰমত সলনি হোৱাৰ লগে লগে তাঁতশালৰ গুৰুত্ব লাহে লাহে কমি আহিছে। গতিকে কমি আহিছে ৰুমালৰ সাংস্কৃতিক তাৎপৰ্যও। গ্ৰামাঞ্চলত হোৱা গুণগত সাংস্কৃতিক পৰিবৰ্তনে ছোৱালীৰ জীৱনত ব্যাপক প্ৰভাৱ পেলাইছে – সামাজিক গতিশীলতাই ছোৱালীক গাঁৱৰ পৰম্পৰাৰ সংকীৰ্ণ বান্ধোন অতিক্ৰম কৰি নতুন জীৱনৰ সন্ধানত সংগ্ৰামত অৱতীৰ্ণ হ’বলৈ ঠেলি পঠিয়াইছে। এনে প্ৰেক্ষাপটত ৰুমালৰ সৈতে ছোৱালীৰ কোনো আত্মিক সম্বন্ধ নথকাই স্বাভাৱিক। গতিকে ৰুমালখন একবিংশ শতিকাৰ প্ৰেমৰ প্ৰতীক হ’ব নোৱাৰে। বৰং সি বিংশ শতিকাৰ প্ৰেমৰহে প্ৰতীক। সেইবাবে ‘একবিংশ শতিকাৰ প্ৰেম কাহিনী’ গানটোৱে প্ৰকৃততে এটা বিংশ শতিকাৰ প্ৰেম কাহিনীহে আমাক শুনাইছে। ৰুমাল থাকিব পাৰে, প্ৰেমৰ মাজত ৰুমাল বিনিময়ো হ’ব পাৰে – কিন্তু ৰুমালে একবিংশ শতিকাৰ চৰিত্ৰগত বৈশিষ্ট্যক প্ৰতিনিধিত্ব নকৰে।

তাৰ বিপৰীতে ‘মন যায়’ গানটোক একবিংশ শতিকাৰ প্ৰেমৰ গান বুলি নিঃসন্দেহে ক’ব পাৰি। ‘মন যায়’ কথাটোৱেই প্ৰকৃততে এক নতুন আকাংক্ষাৰ কথা সূচায়। ব্যাখ্যাৰ সুবিধাৰ্থে, যুগ অনুসৰি শব্দৰ সামাজিক তাৎপৰ্য কিদৰে সংযোগ হ’ব বা সলনি হ’ব পাৰে তাৰ এটা সৰু উদাহৰণ এইখিনিতে ল’ব পাৰি। ‘লাইফটো এনজয় কৰিব লাগে’ – ইয়াত ‘লাইফ’ শব্দটোৰ সলনি ‘জীৱন’ শব্দটো বহাবলৈ অসুবিধা। কাৰণ নব্য উদাৰতাবাদী পৃথিৱীত লাইফ, এনজয় – এই দুইটা শব্দই বিশেষ অৰ্থ বহন কৰিছে, সিবিলাকে এক নতুন জীৱনধাৰাক প্ৰতিনিধিত্ব কৰিছে। এইবোৰ হ’ল সামাজিক পৰিবৰ্তনে কঢ়িয়াই অনা কিছুমান নতুন অৰ্থ। গতিকে আমি সদায় ব্যৱহাৰ কৰি অহা জীৱন শব্দটোৰে লাইফৰ তাৎপৰ্য সূচাব নোৱাৰো। লিখোতে আমি সচেতনভাৱে কি শব্দ প্ৰয়োগ কৰিম সেইটো বেলেগ কথা, কিন্তু সাংস্কৃতিক অৰ্থৰ দিশৰপৰা জীৱন আৰু লাইফ দুটা বেলেগ বস্তু। জনপ্ৰিয় সংস্কৃতিৰ মাজত এই শব্দবিলাকৰ ব্যৱহাৰলৈ মন কৰিলেই কথাটো বুজি পাব পাৰি। ঠিক একেদৰে, মন যায় বুলি মানুহে আগৰেপৰাই কৈ আহিছে। কিন্তু একবিংশ শতিকাৰ সামাজিক পৰিবৰ্তন প্ৰক্ৰিয়াৰ মাজত ৰৈ ‘মন যায়’ বুলি ক’লে তাৰ নতুন আৰু বিশিষ্ট অৰ্থ সৃষ্টি হয়।

ভাৰতত বিশ্বায়নৰ সূচনা যদিও যোৱা শতিকাৰ নব্বৈৰ দশকতেই হৈছিল, তাৰ সামাজিক প্ৰভাৱসমূহ পূৰ্ণাংগ আৰু গভীৰ ৰূপত আমাৰ সমাজত দেখা দিওঁতে একবিংশ শতিকা সোমাইছিলহি। উদাৰীকৰণ, বেচৰকাৰীকৰণ আৰু বিশ্বায়নৰ একত্ৰিত আক্ৰমণৰ ফলস্বৰূপে সমাজত এক সৰ্বাত্মক পৰিবৰ্তন সংঘটিত হৈছিল। এফালে কৃষি অৰ্থনীতি ভাগি পৰিছিল, আনফালে চৰকাৰী সেৱামূলক ব্যৱস্থাসমূহ জহি-খহি যাব ধৰিছিল, সকলো বস্তু আৰু সেৱা পণ্যত পৰিণত হৈছিল, ক্ৰমবৰ্ধমান মূল্যবৃদ্ধি হৈছিল, নগদ টকাৰ প্ৰয়োজন ক্ৰমাৎ বাঢ়ি গৈছিল, কৰ্মসংস্থাপন ক্ৰমাৎ দুষ্প্ৰাপ্য আৰু ভয়ংকৰভাৱে প্ৰতিযোগিতামূলক হৈ আহিছিল। এই সকলোৰে আঁৰত সমাজৰ ভিতৰে ভিতৰে ঊৰ্ধ্বমুখী সামাজিক গতিশীলতাৰ এটা প্ৰচণ্ড সোঁত বৈ গৈছিল। পুৰণি কূপমণ্ডূক গ্ৰাম্য সমাজৰ অচলায়তন ভাঙি গতিশীলতাৰ স্বপ্ন সমাজত ক্ৰমে সাৰ্বজনীন হৈ পৰিবলৈ ধৰিছিল। এনে প্ৰেক্ষাপটত অসমৰ অধিকাংশ যুৱপ্ৰজন্ম এক নতুন অস্তিত্বমূলক সংকটৰ মুখামুখি হৈছিল। তেওঁলোকে গোটেই পৃথিৱীৰ কথা জানিব পাৰিছিল, তাৰ সৈতে আনুভূতিক সম্পৰ্ক স্থাপন কৰিব পাৰিছিল; এই বিশ্বায়িত পৃথিৱীত তেওঁলোকে এক নতুন আকাংক্ষিত জীৱনৰ সন্ধান কৰিব খুজিছিল; পুৰণি প্ৰজন্মসমূহৰ সীমিত পৰিসীমা ভেদি তেওঁলোকে যাব বিচাৰিছিল এখন বহল জগতলৈ। সেইবাবেই তেওঁলোকে চিয়ঁৰি উঠিছিল – মন যায়। কিন্তু তেওঁলোকৰ সামৰ্থ্য আছিল তেনেই সীমিত। দাৰিদ্ৰ্য-পশ্চাদপদতাই তেওঁলোকক কোঙা কৰি ৰাখিছিল; সপোনৰ পিছত দৌৰি দৌৰি তেওঁলোক ভাগৰি পৰিছিল; প্ৰতিযোগিতাৰ ৰণক্ষেত্ৰত তেওঁলোক ধৰাশায়ী হৈছিল বাৰংবাৰ। গতিকে স্বপ্ন আৰু স্বপ্নভংগৰ আলিদোমোজাত পৰি তেওঁলোকে কৰি উঠিছিল চিৎকাৰ। তেনে এটা চিৎকাৰৰ প্ৰতিধ্বনিয়েই আহি ছিটিকি পৰিছে ‘মন যায়’ গানটোৰ শাৰীয়ে শাৰীয়ে।

‘মন যায়’ গানটোত বৰ্ণিত হৈছে এজন সৎ, দুখীয়া গাঁৱলীয়া যুৱকৰ প্ৰেমৰ কাহিনী। সেই প্ৰেমৰ কাহিনীৰ মাজতেই ধ্বনিত হৈছে নব্য উদাৰতাবাদী অসমীয়া সমাজৰ এক দায়িত্বশীল যুৱকৰ জীৱন সংগ্ৰামৰ ছন্দ, আশা আৰু আশাভংগৰ আৰ্তনাদ। যুৱকজনৰ প্ৰেমৰ কামনাই পাহি মেলি উঠিছে, প্ৰেমিকাক লৈ তেওঁ বহুতো কল্পনা কৰিছে, কিন্তু আগ বাঢ়ি যাবলৈ তেওঁ সংকোচবোধ কৰিছে, বাৰে বাৰে আগ বাঢ়ি গৈও তেওঁ পিছুৱাই আহিছে, যাযাবৰ অভিমান হাতৰ মুঠিত ৰাখি তেওঁ নিজৰ মাজতে নিৰ্বাপিত কৰিছে সমস্ত আকাংক্ষা। ইমান দায়িত্বশীল প্ৰেমিক আচলতে অসমীয়া সংগীতৰ ইতিহাসত বিৰল। পাৰ ভাঙি যোৱা প্ৰেমৰ ঢৌত উটি যোৱা আৰু প্ৰেমিকাক যিকোনোপ্ৰকাৰে আয়ত্তলৈ আনিব খোজাটোৱেই সাধাৰণ প্ৰৱণতা। কিন্তু ‘মন যায়’ বুলি কোৱা বিৰাট আকাংক্ষা বুকুত সাবটি লৈ ফুৰা প্ৰেমিকজনে নিজে নিজকে পিছুৱাই আনিছে প্ৰেমিকাৰপৰা। কেৱল সেয়েই নহয়, তেওঁৰ প্ৰেম-ভাবনাৰ প্ৰতিটো বিন্দুতে আমি দেখিছো দ্বিধা আৰু দ্বন্দ্বৰ পয়োভৰ। আচলতে এয়া হ’ল, নব্য উদাৰতাবাদী যুগৰ অসমীয়া সমাজত যুৱপ্ৰজন্মৰ বিষয়ীসত্তাৰ আত্মোপলব্ধিৰ এক কৰুণ কাহিনী। এই বিষয়ীসত্তাটো যেনেকৈ নিজৰ আকাংক্ষাক লৈ সচেতন, ঠিক একেদৰে নিজৰ ক্ষুদ্ৰ আৰু অসহায় অস্তিত্বক লৈও সমানেই সচেতন। গতিকে সি কেতিয়াও দায়িত্বজ্ঞানহীন হ’ব নোৱাৰে। সামগ্ৰিকভাৱে ইয়াকেই ক’ব পাৰি যে ‘মন যায়’ গানটো হ’ল একবিংশ শতিকাৰ অসমীয়া যুৱপ্ৰজন্মৰ এক existential angstৰ মূৰ্ত প্ৰকাশ। অসমীয়া সংগীতৰ ইতিহাসত ইয়াৰ জৰিয়তে এক নতুন সংবেদনশীলতাৰ সূচনা হ’ল। সেইবাবেই হয়তো গানটো যুৱপ্ৰজন্মৰ মাজত ভয়ংকৰভাৱে জনপ্ৰিয়।

তলত গানটোৰ কথাংশ সম্পূৰ্ণৰূপে তুলি দিয়া হ’ল। কিন্তু গানটোৰ মহিমাটো কথাংশত নহয়, জুবিনৰ কণ্ঠত জীৱন্ত ৰূপত শুনিলেহে উপলব্ধি কৰিব পৰা যাব। সেয়ে লগতে ইউটিউবৰপৰা গানটোৰ লিংকো দিয়া হ’ল।

মন যায় মোৰো মন যায়

চকুত চকু থৈ চাবলে

লাহে লাহে ওচৰ পাবলে

কাষে কাষে খোজ দিবলে

মন যায় মোৰো মন যায়

চকুত চকু থ’ব মন যায় ।

তোমাক দেখা পালে সপোন জাগি উঠে

বুকুখনি হয় তাজমহল,

মন নদী হৈ মৰম সুঁতি বয়

ঢৌবোৰো তাত হয় সাঁথৰ,

সন্মুখত যেতিয়া তোমাক দেখো

যাযাবৰ অভিমান মুঠিতে ৰাখো

মন যায়, মন যায়, মন যায়

মোৰ বুলিবলে আছেহি বুকুত

মৌমিঠা তোমাৰে অনুভৱ,

ভয় লাগে জানা কথাৰে ক’বলে

নাম দিয়া জানো শিহৰণ,

ক’বানে কিয় এনে ভাল লগা

অসহায় অসহায় নীৰৱতা

মন যায়, মন যায়, মন যায়

উদাসী উদাসী গধুৰ পলকতে

যোৰ সপোন আহি বহে,

চুবুৰীয়া বহু শিহৰণে আহি মোক

অকলশৰীয়া কৰে,

মোৰ খোজৰ বাটত ছায়া নামে

তুমি পোহৰ দিয়া, সাহনো বাঢ়ে

মন যায়, মন যায়, মন যায়

আৰু কিছু বেলি দেখা দিবা নেকি

তোমাক চোৱাৰ বতৰ এয়া,

হৃদয়ৰে বাকী তেজ সিঁচি সিঁচি

তোমাক ভবাৰ বতৰ এয়া,

দুচকুলে আহা সুৰে হাঁহে

পাৰ হৈ আঁতৰা কাঁইটে খোঁচে

মন যায়, মন যায়, মন যায়

টুকুৰা টুকুৰা ভাঙি গুৰি হোৱা

মনটোক কিদৰে জোৰা দিওঁ,

খেলিমেলিবোৰে ধুই শেঁতা কৰা

বুকুৰ কিহৰেনো ৰং সানো,

বেদনা বেদনা মোৰ ভাল পোৱা

তোমাক হেৰুৱাই পাথৰ হিয়া

মন যায়, মন যায়, মন যায়

সুখী হৈয়ে ৰোৱা মই অবিহনে

এয়া মোৰে শুভকামনা

লাহে লাহে আঁতৰাই আনি ল’লো

মই মোক তোমাৰ পৰা

কিনো হ’ল সপোন সপোনেই ৰ’ল

সাধনা আজি যে আধৰুৱা হ’ল

মন যায়, মন যায়, মন যায়।

(লেখকৰ অনুমতি সাপেক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই পুনৰ প্ৰকাশ কৰা হ’ল)

জিতেন বেজবৰুৱা

জিতেন বেজবৰুৱা

জিতেন বেজবৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd