অসম কংগ্ৰেছৰ বাবে অপেক্ষা কৰি আছে আৰু বিপৰ্যয়? কি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটোঃ সংগ্ৰহীত।

অসমত কংগ্ৰেছ দলৰ বাবে আৰু বিপৰ্যয়ৰ সৃষ্টি  হ’বলৈ গৈ আছে নেকি?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি দলৰ স্থিতি নিৰ্বিশেষে কমেও দুজন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে সম্পূৰ্ণ সমৰ্থন দেখুৱাবলৈ সিদ্ধান্ত লৈছে।

অসম কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ আৰু বসন্ত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে বুধবাৰে (১৪ ফেব্ৰুৱাৰী) কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ আৰু বসন্ত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়।

লগতে পঢ়কঃ ‘কৃষকসকল অন্নদাতা, অপৰাধী নহয়’, কৃষক আন্দোলনৰ পক্ষত মন্তব্য ‘ভাৰতৰত্ন’ স্বামীনাথনৰ কন্যাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘অসম কংগ্ৰেছৰ দুই বিধায়ক – কমলাক্ষ্য দে পুৰকায়স্থ আৰু বসন্ত দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কল্যাণমূলক নীতিক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে।’

ৰাজ্যৰ বিধায়ক দুগৰাকীয়ে দেখুওৱা সমৰ্থনক লৈও মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ কটাক্ষ কৰে।

তেওঁ কয়- ‘ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিলেও এতিয়া ই কংগ্ৰেছ তোড়ো যাত্ৰাত পৰিণত হৈছে।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আশা প্ৰকাশ কৰে যে বাকী থকা সকলো কংগ্ৰেছ বিধায়কে যথা সময়ত সমৰ্থন আগবঢ়াব আৰু “অতি সোনকালে আমাৰ লগত যোগদান কৰিব”।

মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, ‘অসম কংগ্ৰেছৰ ২৫ জন বিধায়কৰ ভিতৰত এতিয়ালৈকে শশী কান্ত দাস, ছিদ্দিক আহমেদকে ধৰি চাৰিজন বিধায়কে আমাৰ বিকাশ যাত্ৰাত যোগদান কৰিছে।’

লগতে পঢ়কঃ JEE Mains 2024-ত উত্তৰ-পূবৰ ভিতৰত শীৰ্ষস্থান দখল জ্যোতিষ্মান শইকীয়াৰ

তেওঁ লগতে কয়, “বাকী ২১ জন বিধায়কেও আমাৰ লগত শীঘ্ৰে যোগদান কৰিব।”

তদুপৰি, অসম কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই বুধবাৰে (১৪ ফেব্ৰুৱাৰী) অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰে।

অৱশ্যে পদত্যাগ পত্ৰত অসম কংগ্ৰেছৰ বিধায়কগৰাকীয়ে দলৰ প্ৰাথমিক সদস্য হিচাপেহে দলৰ হৈ কাম কৰি যাব বুলি উল্লেখ কৰিছে।

লগতে পঢ়কঃ অশান্ত মণিপুৰত নিৰাপত্তাৰক্ষী চকীত আক্ৰমণঃ এজন নিহত, অস্ত্ৰ-শস্ত্ৰ লুট

অসম প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ভূপেন বৰালৈ প্ৰেৰণ কৰা পদত্যাগৰ পত্ৰত কমলাক্ষ্য দে পুৰকায়স্থই কয়, ‘মই ইয়াৰ দ্বাৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি পদৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছো আৰু কেৱল কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য হিচাপেহে কাম কৰি যাম।‘