• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰাগাৰত আক্ৰমণ : ১,৮০০ৰো অধিক কয়দীক লৈ পলায়ন আক্ৰমণকাৰীৰ; ক’ত ঘটিল এই অভাৱনীয় ঘটনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2021 3:16 pm
index.jpg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সশস্ত্ৰ আক্ৰমণকাৰীয়ে আক্ৰমণ কৰি কাৰাগৰৰ পৰা ১,৮০০ ৰো অধিক কাৰাবান্দীক পলুৱাই নিছে। এই অভাৱনীয় ঘটনাটো সংঘটিত হৈছে আফ্ৰিকান দেশ নাইজেৰিয়াত।

সংবাদ সংস্থা বিবিচি-এ প্ৰকাশ কৰা অনুসৰি আক্ৰমণ সংঘটিত কৰি মুঠ ১৮৪৪ গৰাকী কয়দীক লৈ পলায়ন কৰিছে আক্ৰমণকাৰীয়ে।

Apply Now

কোনো বিচ্ছিন্নতাবাদী সংগঠনে ওৱেৰীস্থিত কাৰাগাৰত আক্ৰমণ সংঘটিত কৰি এই বৃহৎ পৰিমাণৰ কয়দী পলুৱাই নিয়া বুলি প্ৰকাশ কৰিছে নাইজেৰিয়ান প্ৰশাসনে।

বাছ আৰু ট্ৰাকত অহা অত্যাধুনিক বন্দুক-বাৰুদেৰে সশস্ত্ৰ আক্ৰমণকাৰীয়ে কাৰাগাৰৰ প্ৰশাসনীয় ভৱনটোত বিস্ফোৰণ ঘটাই কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু কয়দীসকলক উলিয়াই পলুৱাই নিয়ে।

সংবাদ সংস্থাৰ বাতৰিৰ মতে সোমবাৰে পুৱতি নিশা আক্ৰমণকাৰীসকলে অস্ত্ৰেৰে ধুমুহাৰ গতিত আক্ৰমণ সংঘটিত কৰে। সমগ্ৰ কাৰাগাৰৰ আচবাব-পত্ৰ আৰু কাৰাগাৰৰ বাহিৰত থকা সকলো বাহন আক্ৰমণকাৰীৰ গোলা-বাৰুদৰ আক্ৰমণত ভস্মীভূত হৈছে।

নাইজেৰিয়ান আৰক্ষীয়ে নিষিদ্ধ বিচ্ছিন্নতাবাদী গোট ইণ্ডিজেনাছ পিপল অৱ বিয়াফ্ৰাৰ বিৰুদ্ধে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু এই সংগঠনটোৱে এই ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

index.jpg

আনহাতে পলায়ন কৰা ছগৰাকী কয়দী পুনৰ কাৰাগাৰলৈ ওভতি আহিছে আৰু ৩৬ গৰাকী কয়দীয়ে পলায়ন কৰিবলৈ অস্বীকাৰ কৰি কাৰাগাৰতে থাকে বুলি প্ৰকাশ পাইছে।

দেশখনৰ ৰাষ্ট্ৰপতি মোহম্মাদু বুহাৰীয়ে এই আক্ৰমণক ‘নৈৰাজ্যবাদীসকলৰ’ দ্বাৰা সংঘটিত ‘সন্ত্ৰাসবাদী কাৰ্য’ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰপতি বুহাৰীয়ে নিৰাপত্তা বাহিনীক আক্ৰমণকাৰী আৰু পলাতক বন্দীসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে।

ইফালে সংবাদ সংস্থা এএফপি-ৰ আগত ইণ্ডিজেনাছ পিপল অৱ বিয়াফ্ৰাৰ মুখপাত্ৰই এই ঘটনাত জড়িত থকাৰ যি অভিযোগ উত্থাপন কৰা হৈছে তাক অস্বীকাৰ কৰি কৈছে যে দেশখনৰ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে মিছা অভিযোগ আনিছে।

উল্লেখ্য যে দেশখনৰ ইমো ৰাজ্যত বিচ্ছিন্নতাবাদী শক্তি অধিক শক্তিশালী হৈ উঠিছে আৰু খিলঞ্জীয়া ইগব’ জনগোষ্ঠী আৰু নাইজেৰিয়ান কেন্দ্ৰীয় চৰকাৰৰ মাজৰ সম্পৰ্ক ক্ৰমশঃ তিক্ত হৈ পৰিছে।

স্মৰ্তব্য যে যোৱা জানুৱাৰী মাহৰ পৰা দক্ষিণ-পূৱ নাইজেৰিয়াত কেইবাখনো আৰক্ষী থানা আৰু নিৰাপত্তাৰক্ষীৰ বাহনত আক্ৰমণ কৰি বিচ্ছিন্নতাবাদী সংগঠনটোৱে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিছে।

ইফালে বিবিচিৰ বাতৰি মতে এই আক্ৰমণৰ দায়িত্ব বৰ্তমানলৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd