• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰাগাৰত আক্ৰমণ : ১,৮০০ৰো অধিক কয়দীক লৈ পলায়ন আক্ৰমণকাৰীৰ; ক’ত ঘটিল এই অভাৱনীয় ঘটনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2021 3:16 pm
index.jpg
378
VIEWS
Share on FacebookShare on Twitter

সশস্ত্ৰ আক্ৰমণকাৰীয়ে আক্ৰমণ কৰি কাৰাগৰৰ পৰা ১,৮০০ ৰো অধিক কাৰাবান্দীক পলুৱাই নিছে। এই অভাৱনীয় ঘটনাটো সংঘটিত হৈছে আফ্ৰিকান দেশ নাইজেৰিয়াত।

সংবাদ সংস্থা বিবিচি-এ প্ৰকাশ কৰা অনুসৰি আক্ৰমণ সংঘটিত কৰি মুঠ ১৮৪৪ গৰাকী কয়দীক লৈ পলায়ন কৰিছে আক্ৰমণকাৰীয়ে।

কোনো বিচ্ছিন্নতাবাদী সংগঠনে ওৱেৰীস্থিত কাৰাগাৰত আক্ৰমণ সংঘটিত কৰি এই বৃহৎ পৰিমাণৰ কয়দী পলুৱাই নিয়া বুলি প্ৰকাশ কৰিছে নাইজেৰিয়ান প্ৰশাসনে।

বাছ আৰু ট্ৰাকত অহা অত্যাধুনিক বন্দুক-বাৰুদেৰে সশস্ত্ৰ আক্ৰমণকাৰীয়ে কাৰাগাৰৰ প্ৰশাসনীয় ভৱনটোত বিস্ফোৰণ ঘটাই কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু কয়দীসকলক উলিয়াই পলুৱাই নিয়ে।

সংবাদ সংস্থাৰ বাতৰিৰ মতে সোমবাৰে পুৱতি নিশা আক্ৰমণকাৰীসকলে অস্ত্ৰেৰে ধুমুহাৰ গতিত আক্ৰমণ সংঘটিত কৰে। সমগ্ৰ কাৰাগাৰৰ আচবাব-পত্ৰ আৰু কাৰাগাৰৰ বাহিৰত থকা সকলো বাহন আক্ৰমণকাৰীৰ গোলা-বাৰুদৰ আক্ৰমণত ভস্মীভূত হৈছে।

নাইজেৰিয়ান আৰক্ষীয়ে নিষিদ্ধ বিচ্ছিন্নতাবাদী গোট ইণ্ডিজেনাছ পিপল অৱ বিয়াফ্ৰাৰ বিৰুদ্ধে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু এই সংগঠনটোৱে এই ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

index.jpg

আনহাতে পলায়ন কৰা ছগৰাকী কয়দী পুনৰ কাৰাগাৰলৈ ওভতি আহিছে আৰু ৩৬ গৰাকী কয়দীয়ে পলায়ন কৰিবলৈ অস্বীকাৰ কৰি কাৰাগাৰতে থাকে বুলি প্ৰকাশ পাইছে।

দেশখনৰ ৰাষ্ট্ৰপতি মোহম্মাদু বুহাৰীয়ে এই আক্ৰমণক ‘নৈৰাজ্যবাদীসকলৰ’ দ্বাৰা সংঘটিত ‘সন্ত্ৰাসবাদী কাৰ্য’ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰপতি বুহাৰীয়ে নিৰাপত্তা বাহিনীক আক্ৰমণকাৰী আৰু পলাতক বন্দীসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে।

ইফালে সংবাদ সংস্থা এএফপি-ৰ আগত ইণ্ডিজেনাছ পিপল অৱ বিয়াফ্ৰাৰ মুখপাত্ৰই এই ঘটনাত জড়িত থকাৰ যি অভিযোগ উত্থাপন কৰা হৈছে তাক অস্বীকাৰ কৰি কৈছে যে দেশখনৰ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে মিছা অভিযোগ আনিছে।

উল্লেখ্য যে দেশখনৰ ইমো ৰাজ্যত বিচ্ছিন্নতাবাদী শক্তি অধিক শক্তিশালী হৈ উঠিছে আৰু খিলঞ্জীয়া ইগব’ জনগোষ্ঠী আৰু নাইজেৰিয়ান কেন্দ্ৰীয় চৰকাৰৰ মাজৰ সম্পৰ্ক ক্ৰমশঃ তিক্ত হৈ পৰিছে।

স্মৰ্তব্য যে যোৱা জানুৱাৰী মাহৰ পৰা দক্ষিণ-পূৱ নাইজেৰিয়াত কেইবাখনো আৰক্ষী থানা আৰু নিৰাপত্তাৰক্ষীৰ বাহনত আক্ৰমণ কৰি বিচ্ছিন্নতাবাদী সংগঠনটোৱে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিছে।

ইফালে বিবিচিৰ বাতৰি মতে এই আক্ৰমণৰ দায়িত্ব বৰ্তমানলৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd