• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশতন্ত্ৰৰ ওপৰত আক্ৰমণ : দুটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে কটা হ’ব ৮০ হাজাৰতকৈ অধিক গছ, ধ্বংস হ’ব বৃহৎ বনাঞ্চল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 9:37 pm
85
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলগীয়া দুটা ডাঙৰ জলবিদ্যুৎ প্ৰকল্পৰ বাবে ৮০ হাজাৰতকৈও অধিক গছ কটা হ’ব আৰু প্ৰায় ১,১৩১ হেক্টৰ বনাঞ্চলৰ ভূমি অন্য কামত ব্যৱহাৰ কৰা হ’ব।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ বন পৰামৰ্শদাতা কমিটীৰ নথিপত্ৰৰ পৰা এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰালয়ে এই দুয়োখন প্ৰকল্পক কিছুমান পৰিৱেশ আৰু বন্যপ্ৰাণী সম্পৰ্কীয় কঠোৰ চৰ্ত সাপেক্ষে নীতিগতভাৱে অনুমোদন জনাইছে।

Apply Now

এই প্ৰকল্প দুখনৰ ভিতৰত ডাঙৰ প্ৰকল্পটো হৈছে লোহিত নদী অৱবাহিকাত নিৰ্মাণ হ’বলগীয়া ১,২০০ মেগাৱাট ক্ষমতা সম্পন্ন কালাই-২ জলবিদ্যুৎ প্ৰকল্প। টি এইচ ডি চি ইণ্ডিয়া লিমিটেডে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোৰ বাবে নামচাই আৰু আনজাও বন সংমণ্ডলৰ ৮৬৯.৩৫০৩ হেক্টৰ বনভূমি ব্যৱহাৰ কৰা হ’ব। কেৱল এই কামটোৰ বাবেই ৩৩,৩৩৮ জোপো গছ কাটি পেলোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। এই মুঠ বনভূমিৰ ভিতৰত প্ৰায় ৬৩৮.৪৫৬ হেক্টৰ ভূমি পানীৰ তলত বুৰ যাব আৰু বাকী থকা ভূমি পথ নিৰ্মাণ, কোৱাৰী, জাবৰ পেলোৱা ঠাই আৰু অন্যান্য কামৰ বাবে ব্যৱহাৰ কৰা হ’ব। এই অঞ্চলটোত হুলক গিবন, টুপীধৰী বান্দৰ, অসমীয়া বান্দৰ, নাহৰফুটুকী মেকুৰী, শৰপহু, টাকিন আৰু অতি সংকটত থকা বগা পেটৰ বগলী আদি বিৰল বন্যপ্ৰাণী পোৱা যায়। সেয়েহে এই বগা পেটৰ বগলী সংৰক্ষণৰ বাবে বিশেষ পৰিকল্পনা কৰিবলৈ ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াক নিৰ্দেশ দিয়া হৈছে।

আনহাতে দ্বিতীয়খন প্ৰকল্প হৈছে ডিবাং উপত্যকা জিলাৰ টালো নদী অৱবাহিকাত নিৰ্মাণ হ’বলগীয়া ৬৮০ মেগাৱাট ক্ষমতাৰ আটুনলি জলবিদ্যুৎ প্ৰকল্প। এছ জে ভি এন লিমিটেডে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোৰ বাবে ২৬১.৫৩ হেক্টৰ বনভূমি ডাইভাৰ্ট কৰা হ’ব আৰু ইয়াৰ বাবে অকলেই ৪৭,২৪৩ জোপো গছ কটা হ’ব। এই অঞ্চলটো অতি ঘন বনাঞ্চলৰ অন্তৰ্গত। পাহাৰীয়া অঞ্চল হোৱা বাবে ইয়াত ভূমিস্খলন আৰু মাটিৰ সুস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশ চৰকাৰক বিশেষজ্ঞ প্ৰতিষ্ঠানৰ জৰিয়তে ভূ-তাত্ত্বিক অধ্যয়ন কৰিবলৈ কোৱা হৈছে। অৱশ্যে প্ৰকল্পটো শেষ হ’লে জাবৰ পেলোৱা ঠাই আদিকে ধৰি প্ৰায় ১২০.৫৭ হেক্টৰ ভূমি পুনৰ বন বিভাগক ঘূৰাই দিয়া হ’ব।

অৰুণাচল প্ৰদেশ হৈছে ভাৰতৰ আটাইতকৈ চহকী জৈৱ-বৈচিত্ৰ্য আৰু বনভূমি থকা ৰাজ্যসমূহৰ অন্যতম। কিন্তু বৰ্তমান সময়ত ৰাজ্যখনত জলবিদ্যুৎ প্ৰকল্পৰ বাবে কৰা এনে প্ৰয়াসে পৰিৱেশৰ ব্যাপক ক্ষতি কৰাৰ লগতে বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস কৰিব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াৰ ফলত সামগ্ৰিকভাৱে ব্ৰহ্মপুত্ৰ নদী উপত্যকাৰ পৰিৱেশৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd