• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৃহকৰ্মীৰে মিলি দুই জোঁৱায়েকে মৃত শহুৰেকৰ একাউন্টৰ পৰা চুৰি কৰিলে ৩৫ লক্ষাধিক ধন

লকডাউনৰ মাজতে মৃত গৃহস্থৰ এটিএম কাৰ্ড চুৰি কৰি নিছিল গৃহকৰ্মীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2020 9:30 am
www.nenews.com
436
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ মাজতে এগৰাকী গৃহকৰ্মীয়ে গৃহস্থৰ দুই জোঁৱায়েকৰ সৈতে মিলি মৃত মালিক তথা শহুৰেকৰ এটিএম কাৰ্ড চুৰি কৰি ৩৫ লক্ষাধিক টকা উলিয়াই নিয়ে।

ঘটনাটো সংঘটিত হৈছে কলকলতাৰ যাদৱপুৰত।

ঘটনাৰ বিৱৰণীৰ মতে যাদৱপুৰৰ শ্বাহ ৰোডৰ বাসিন্দা সত্যৰায়াণ আগৰৱালাৰ ঘৰত বিগত সাত বছৰে গৃহকৰ্মীৰূপে কৰ্মৰত আছিল ৰীতা ৰায় নামৰ এগৰাকী মহিলা। ৰীতা ৰায়ে বৃদ্ধ সত্যনাৰায়ণ আগৰৱালাক চোৱাচিতা কৰি আহিছিল।

কিন্তু চলিত মাহৰ জানুৱাৰী মাহত সত্যনাৰায়ণ আগৰৱালাৰ মৃত্যু হোৱাত আগৰৱালাৰ পুত্ৰ অনুৰাগ আগৰৱালাই ৰীতা ৰায়ক কামৰ পৰা অব্যাহতি দিয়ে।

ইয়াৰ পিছৰ পৰাই অনুৰাগ আগৰৱালাই লক্ষ্য কৰে যে পিতৃৰ এটা বেচৰকাৰী বেংক একাউন্টৰ পৰা মাজে মাজে কোনোবাই ধন উলিয়াই থাকে। এইদৰে তিনি মাহৰ মাজতে প্ৰায় ৩৫ লক্ষাধিক টকা দেউতাকৰ একাউন্টৰ পৰা কোনোবাই উলিয়াই নিয়ে।

তাৰ পিছতে সন্দেহ হোৱাত অনুৰাগ আগৰৱালাই বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে আৰু বেংকৰ তথ্যত ধৰা পৰে যে একাউন্টটোৰ পৰা ইতিমধ্যে ৩৫ লক্ষাধিক টকা উলিয়াই নিয়া হৈছে।

বেংকৰ তথ্যপাতিৰ আধাৰত অনুৰাগ আগৰৱালাই আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে বেংকৰ তথ্যৰ ভিত্তিত তদন্ত আৰম্ভ কৰে আৰু চহৰৰ তিনি ঠাইৰ যিকেইটা এটিএমৰ পৰা ধন উলিওৱা হৈছিল তাৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে।

চিচিটিভিৰ ফুটেজত দুজন লোকে মাস্ক আৰু টুপী পিন্ধি ধন উলিওৱাৰ দৃশ্য ধৰা পৰে।

এই ফুটেজ আৰু স্থানীয় অঞ্চলৰ লোকৰ সৈতে আৰক্ষীৰ চোৰাংচোৱাই অনুসন্ধান কৰি পতিয়ন যায় যে এটিএমৰ পৰা ধন উলিওৱা ব্যক্তি দুজন মৃত সত্যনাৰায়ণ আগৰৱালাৰ জোঁৰায়েক ৰঞ্জিত মল্লিক আৰু সৌমিত্ৰ চৰকাৰ।

ইতিমধ্য সত্যনাৰায়ণ আগৰৱালাৰ দুই জোঁৰায়েকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু জেৰাত স্বীকাৰ কৰিছে যে গৃহকৰ্মী ৰীতা ৰায়ে আগৰৱলাৰ এখন এটিএম কাৰ্ড চুৰি কৰি তেওঁলোকৰ হাতত তুলি দিছিল।

আৰক্ষীয়ে ৰীতা ৰায়কো গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে তেওঁলোকৰ পৰা ২৭ লক্ষ টকা উদ্ধাৰ কৰিছে আৰু বাকী ধনখিনি খৰচ হোৱা বুলি জানিবলৈ দিছে তিনি ধন চোৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd