গেৰুৱা বাহিনীয়ে তিৱা স্বায়ত্ত পৰিষদখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পৰিণত কৰিছে য’ত কিনা বেছা হয় প্ৰাৰ্থী। এক বাণিজ্যিক কেন্দ্ৰ হিছাপে পৰিষদখনক ব্যৱহাৰ কৰি তিৱা জনগোষ্ঠীয় ৰাইজৰ লগতে পৰিষদত অন্তৰ্ভুক্ত অ-তিৱা জনসাধাৰণৰ উন্নয়ণৰ ধন সমূহ শাসকীয় দলৰ নেতাসকলে দুৰ্নীতি, কেলেংকাৰিত নিমজ্জিত হৈ তিৱা পৰিষদ খনক অস্থিৰ কৰি তুলিছে।’
নৰ্থ ইষ্ট নাও’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষ্যাতকাৰত এই গুৰুতৰ অভিযোগ কৰে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰে।
শাসকীয় গেৰুৱা বাহিনীক তীৰ্যক ভাষাৰে সমালোচনা কৰি সভাপতি গৰাকীয়ে লগতে কয় যে সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত চৰকাৰ খনৰ আৰক্ষী বাহিনীয়ে দেখুওৱা আচৰণ কেতিয়াও সমৰ্থনযোগ্য নহয়।
জিলা সভাপতি গৰাকীয়ে কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলক দেখুৱাই অহা অসহিষ্ণুতা কোনো কাৰনতে গ্ৰহণযোগ্য ন’হয় বুলি দোহাৰি এই ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি মত প্ৰকাশ কৰে।
আনহাতে, তিৱা স্বায়ত্ত পৰিষদৰ ক্ষমতাৰ খোৱা-কামোৰাত পৰিষদৰ অধ্যুষিত অঞ্চলসমূহৰ জনসাধাৰণৰ উন্নয়ণমূলক কাম-কাজসমূহত বাধাৰ সৃষ্টি কৰা শাসকীয় দলটোৰ পৰা এইবাৰ পৰিষদৰ শাসনভাৰ কংগ্ৰেছ দলেই হস্তগত কৰিব বুলি দাবী কৰে কোঁৱৰে।
জিলাখনৰ ৩৬টা পৰিষদীয় সমষ্টিৰ ভোটাৰ ৰাইজে পৰিষদৰ উন্নয়ণৰ স্বাৰ্থত কংগ্ৰেছকেই ভোট দিব বুলি জিলা সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে।
ইপিনে, পৰিষদৰ একক সংখ্যা গৰিষ্ঠতা লাভ কৰিলে পূৰ্বৰ সকলো দুৰ্নীতি অনিয়মৰ উচিত তদন্ত কৰি দুৰ্নীতিকাৰীসকলক শাস্তিৰ দাবী জনাব বুলিও সভাপতি গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
এতিয়া নিৰ্বাচনী ফলাফলেহে নিৰ্ণয় কৰিব কংগ্ৰেছ দলৰ সভাপতিয়ে আগবঢ়োৱা মন্তব্য কিমান সত্যত পৰিণত হয়।