• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ কৃষক বিদ্ৰোহ : চ’ছিয়েল মিডিয়াত পুনৰ গ্ৰেটা থুনবাৰ্গৰ টুলকিট শ্বেয়াৰ কৃষক বিক্ষোভ বিৰোধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 6:27 pm
word-image-23
293
VIEWS
Share on FacebookShare on Twitter

চ’ছিয়েল মিডিয়াৰ যোগে ভাৰতৰ কৃষক বিদ্ৰোহক সমৰ্থন কৰাৰ পিছতে ভাৰতত সঘনাই চৰ্চিত হৈছে ১৮ বৰ্ষীয় চুইডিছ পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গ। বহুতে গ্ৰেটাক সমৰ্থন কৰিলেও একাংশই সমালোচনা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰো চলাই অহা পৰিলক্ষিত হৈছে।

ইতিমধ্যে কৃষক বিক্ষোভৰ সমৰ্থনত গেটা থুনবাৰ্গে কৰা টুইটৰ টুলকিট ব্যৱহাৰ কৰি বাংগালুৰুৰ পৰিৱেশকৰ্মী দিশা ৰবি দিল্লী আৰক্ষী দ্বাৰা গ্ৰেপ্তাৰ বৰণ কৰি কাৰাগাৰত আৱদ্ধ হৈ আছে।

ইয়াৰ পিছতে পুনৰ গ্ৰেটা থুনবাৰ্গে টুইটাৰত শ্বেয়াৰ কৰা এখন পুৰণি ফ’টো সম্পাদনা কৰি কৃষক বিক্ষোভ বিৰোধী একাংশ টুইটাৰ ইউজাৰে ভাইৰেল কৰিছে।

সম্পাদনা কৰা উক্ত ফ’টোখন টুইটাৰত শ্বেয়াৰ কৰি হেজষ্টেগেৰে কেপশ্যন দিয়া হৈছে “ভাৰতে বিৰোধী শক্তিবোৰক সুধিছে #AskGretaWhy”।

India ask these anti forces #AskGretaWhy pic.twitter.com/E4vWMMpKPX

— Bembde Pavan (@bembadep) February 16, 2021

টুলকিটৰ ফ’টোখনত গ্ৰেটা থুনবাৰ্গে এখন চলন্ত ৰে’লত কলসহ ব্ৰেকফাষ্ট কৰি থকা দেখা গৈছে আৰু খিৰিকীৰ সিপাৰে ভুকাতুৰ কেইটামান শিশুৱে থুনবাৰ্গলৈ লোভত চাই আছে।

ফ’টোখন এইদৰে সম্পাদনা কৰি সেয়ে সোধা হৈছে, ভাৰতৰ কৃষক বিক্ষোভক সমৰ্থন কৰা গ্ৰেটা থুনবাৰ্গে ক্ষুধাৰ্ত শিশুক দেখুৱাই নিজে লাহ বিলাহত ব্ৰেকফাষ্ট কিয় কৰি আছে?

ইতিমধ্যে এই টুইলকিটো জি নিউজৰ সম্পাদক সুধীৰ চৌধুৰীয়েও গ্ৰেটা থুনবাৰ্গক তদ্ৰূপ প্ৰশ্ন কৰি টুইটাৰত শ্বেয়াৰ কৰিছে।

ইফালে গ্ৰেটাৰ সমৰ্থক এগৰাকীয়ে সুধীৰ চৌধুৰীক তাচ্ছিল্য কৰি এই সম্পাদনা কৰা ফ’টোখন শ্বেয়াৰ কৰা বাবে কটাক্ষসুলভ ধন্যবাদ জ্ঞাপন কৰিছে।

ইমানেই নহয় উক্ত টুলকিটো ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জীয়াৰ বালচ’নাৰ’ পুত্ৰ এডৱাৰ্ড’ বালচ’নাৰ’ৱেও শ্বেয়াৰ কৰিছে।

আচলতে সম্পাদনা কৰা প্ৰকৃত ফ’টো দুখন কি আছিল?

ভাৰতৰ কৃষক বিক্ষোভ বিৰোধী শিবিৰে শ্বেয়াৰ কৰি থকা গ্ৰেটাৰ মূল ফ’টোখন হৈছে এখন পুৰণি ফ’টো। ২০১৯ বৰ্ষৰ জানুৱাৰি মাহত ডেনমাৰ্কৰ এখন চলন্ত ৰে’লত ব্ৰেকফাষ্ট কৰা ফ’টো, যিখন ফ’টো ২০১৯ চনৰ ২২ জানুৱাৰিত গ্ৰেটাই নিজৰ টুইটাৰ একাউন্টত ‘ডেনমাৰ্কত ব্ৰেকফাষ্ট’ বুলি লিখি শ্বেয়াৰ কৰিছিল।

Lunch in Denmark. pic.twitter.com/LWKMQ9AuqR

— Greta Thunberg (@GretaThunberg) January 22, 2019

উক্ত ফ’টোখনৰ সৈতে ব্যৱহাৰ কৰা ক্ষুধাৰ্ত শিশুকেইজনৰ ফ’টোখনো হৈছে ইয়াতকৈ পুৰণি এখন বিখ্যাত ফ’টো।

দ্য ৱায়েৰৰ অনুসৰি ২০০৭ চনৰ ২৩ আগষ্টত ৰয়টাৰত প্ৰকাশিত এটা প্ৰৱন্ধত সংলগ্ন উক্ত ফ’টোখন হৈছে ষ্টেফনি হানক’কে তোলা কেন্দ্ৰীয় আফ্ৰিকাৰ বুশ্ব যুদ্ধত আক্ৰান্ত কেইজনমান শিশুৰ ফ’টো।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd