• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফালৈ যোৱা সন্তানক ঘূৰাই বিচাৰি হাহাকাৰ মাকৰ; পৰেশ বৰুৱালৈ কাতৰ আহ্বান

NE NOW NEWS এন ই নাও নিউজ
ওদালগুৰি , November 14, 2018 1:26 pm

2 min read

PareshBaruah_2
192
VIEWS
Share on FacebookShare on Twitter

আলফা (স্বাঃ)ত যোগদান কৰিবলৈ বুলি ঘৰ এৰি গুচি যোৱা সন্তানক কাষত বিচাৰি হাহাকাৰ কৰিছে এগৰাকী মাতৃয়ে। প্ৰায় দুমাহ নিৰুদ্দেশ হৈ থকা জয়ন্ত ডেকা নামৰ এই কোমল বয়সীয়া যুৱকজনৰ মাকে দুচকু পানীৰে ওপচাই পৰেশ বৰুৱাক আহ্বান জনাইছে তেওঁৰ সৰু পুতেকক সোঁশৰীৰে ঘৰলৈ ঘূৰাই পঠিয়াবলৈ। কাৰণ জয়ন্তই আলফা (স্বাঃ)ত যোগদান কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।

“মোৰ সৰু বোপাইক বহুদিন দেখা নাই। ক’ত আছে সি? শুনিছোঁ সি হেনো আলফাত যোগদান কৰিছে। কিন্তু কোনেও ভালকৈ  মোক ক’ব পৰা নাই। গতিকে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই স্পষ্ট কৰক। মোৰ সৰু বোপাইক সোঁশৰীৰে মোৰ বুকুৰ মাজলৈ ঘূৰাই পঠিয়াওক।” -কান্দি কান্দি এইদৰে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনালে হৰিশিঙা আমলাইগুৰিৰ নিৰুদ্দিষ্ট জয়ন্তৰ অসহায় মাক গীতা ডেকাই।

উল্লেখযোগ্য যে জিলাখনৰ তিনিজন যুৱক ক্ৰমে জয়ন্ত ডেকা, সুশান্ত নাথ আৰু ধনজিৎ ডেকা যোৱা প্ৰায় দুমাহ ধৰি নিৰুদ্দেশ হৈ আছিল। পিছত ওদালগুৰি আৰক্ষীয়ে হৰিশিঙা আৰক্ষীয়ে আটক কৰা আলফা (স্বাঃ)ৰ লিংকমেন বৰেংগাবাৰী গাঁৱৰ ক্ৰমে বলেন ডেকা(৩৫) আৰু ডিম্বেশ্বৰ ডেকা(৩২)ই জেৰাৰ সময়ত ওদালগুৰি জিলাৰ পৰা তিনিজন যুৱকে আলফা (স্বাঃ)ত যোগদান কৰা বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছিল। ইয়াৰ ভিত্তিতে জয়ন্ত ডেকাহঁত আলফা (স্বাঃ)ত যোগদান কৰা বুলি আৰক্ষী নিশ্চিত হৈছিল।

আলফা (স্বাঃ)ত নিজৰ সন্তানে যোগদান কৰাৰ খবৰ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ পোৱাৰ পিছতে পৰিয়ালকেইটাই দুশ্চিন্তাত দিন পাৰ কৰিছে। মাকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰা জয়ন্তই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ নৌহওঁতেই অধ্যয়ন সমাপ্ত কৰিছিল। পৰৱৰ্তী সময়ত ঘৰতেই থাকি পিতৃক কৃষি কাৰ্যত সহায় কৰিছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd