• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফালৈ যোৱা সন্তানক ঘূৰাই বিচাৰি হাহাকাৰ মাকৰ; পৰেশ বৰুৱালৈ কাতৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2018 1:20 pm
PareshBaruah_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা (স্বাঃ)ত যোগদান কৰিবলৈ বুলি ঘৰ এৰি গুচি যোৱা সন্তানক কাষত বিচাৰি হাহাকাৰ কৰিছে এগৰাকী মাতৃয়ে। প্ৰায় দুমাহ নিৰুদ্দেশ হৈ থকা জয়ন্ত ডেকা নামৰ এই কোমল বয়সীয়া যুৱকজনৰ মাকে দুচকু পানীৰে ওপচাই পৰেশ বৰুৱাক আহ্বান জনাইছে তেওঁৰ সৰু পুতেকক সোঁশৰীৰে ঘৰলৈ ঘূৰাই পঠিয়াবলৈ। কাৰণ জয়ন্তই আলফা (স্বাঃ)ত যোগদান কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।

“মোৰ সৰু বোপাইক বহুদিন দেখা নাই। ক’ত আছে সি? শুনিছোঁ সি হেনো আলফাত যোগদান কৰিছে। কিন্তু কোনেও ভালকৈ  মোক ক’ব পৰা নাই। গতিকে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই স্পষ্ট কৰক। মোৰ সৰু বোপাইক সোঁশৰীৰে মোৰ বুকুৰ মাজলৈ ঘূৰাই পঠিয়াওক।” -কান্দি কান্দি এইদৰে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনালে হৰিশিঙা আমলাইগুৰিৰ নিৰুদ্দিষ্ট জয়ন্তৰ অসহায় মাক গীতা ডেকাই।

Apply Now

উল্লেখযোগ্য যে জিলাখনৰ তিনিজন যুৱক ক্ৰমে জয়ন্ত ডেকা, সুশান্ত নাথ আৰু ধনজিৎ ডেকা যোৱা প্ৰায় দুমাহ ধৰি নিৰুদ্দেশ হৈ আছিল। পিছত ওদালগুৰি আৰক্ষীয়ে হৰিশিঙা আৰক্ষীয়ে আটক কৰা আলফা (স্বাঃ)ৰ লিংকমেন বৰেংগাবাৰী গাঁৱৰ ক্ৰমে বলেন ডেকা(৩৫) আৰু ডিম্বেশ্বৰ ডেকা(৩২)ই জেৰাৰ সময়ত ওদালগুৰি জিলাৰ পৰা তিনিজন যুৱকে আলফা (স্বাঃ)ত যোগদান কৰা বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছিল। ইয়াৰ ভিত্তিতে জয়ন্ত ডেকাহঁত আলফা (স্বাঃ)ত যোগদান কৰা বুলি আৰক্ষী নিশ্চিত হৈছিল।

আলফা (স্বাঃ)ত নিজৰ সন্তানে যোগদান কৰাৰ খবৰ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ পোৱাৰ পিছতে পৰিয়ালকেইটাই দুশ্চিন্তাত দিন পাৰ কৰিছে। মাকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰা জয়ন্তই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ নৌহওঁতেই অধ্যয়ন সমাপ্ত কৰিছিল। পৰৱৰ্তী সময়ত ঘৰতেই থাকি পিতৃক কৃষি কাৰ্যত সহায় কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd