• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত হাৰিপৰা-দিচাংমুখ পথৰ উন্নয়নৰ শুভাৰম্ভণি কৰিলে সাংসদ তপন গগৈয়ে

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 13, 2021 6:50 pm

2 min read

IMG-20210213-WA0056
138
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জনসাধাৰণৰ যাতায়তৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হাৰিপৰা আলিৰ উন্নীতকৰণ কামৰ আজি শুভাৰম্ভণি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

১০ কোটি টকাৰ পুঁজিৰে অসম চৰকাৰৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ আঁচনি ২০২০-২১ বৰ্ষৰ অধীনত নিৰ্মাণ হব লগা ৮.২০ কি:মি: দৈঘ্যৰ পথটো আজি শুভাৰম্ভণি কৰি সাংসদ গগৈয়ে পথটোৰ উন্নয়ন আৰু বহলকৰণ কাৰ্য্যই শিৱসাগৰবাসী ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যাৰ সমাধান কৰিব বুলি মন্তব্য কৰে।

যোৱা বিশটা বছৰ কংগ্ৰেছ দলৰ দখলত থকা শিৱসাগৰ বিধানসভা সমষ্টিটোৰ বাট-পথৰ কোনো উন্নয়ন নহল বুলি উল্লেখ কৰি সাংসদ গগৈয়ে শিৱসাগৰ বিধানসভা সমষ্টিটোক আগন্তুক পাঁচ বছৰত অসমৰ ১২৬ সমষ্টিৰ প্ৰথম ৫ টা স্থানৰ ভিতৰত জিলিকাই তুলিবলৈ প্ৰচেষ্টা হাতত লোৱাৰ কথা অৱগত কৰে।

স্থানীয় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত হাৰিপৰা আলিৰ উন্নীতকৰণ কামৰ শুভাৰম্ভণি কৰাৰ পাছতে সাংসদগৰাকীয়ে শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ যাতায়তৰ আন এটা গুৰুত্বপূৰ্ণ পথ দিচাংমুখ আলিৰ উন্নীতকৰণ কামৰ শুভাৰম্ভণি কৰে।

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ শিৱসাগৰ আৰু থাওৰা ক্ষেত্ৰীয় সংমণ্ডলৰ অধীনৰ ২০২০-২১ বৰ্ষৰ গ্ৰাম্য  আন্ত:গাঁথনি উন্নয়ন পূঁজিৰ অধীনত ৮.৫৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ হব লগা ৭.৫০ কি:মি: দৈঘ্যৰ দিচাংমুখ আলিৰ উন্নীতকৰণ আৰু বহলকৰণ কাৰ্য্যই দিচাংমুখবাসীৰ লগতে শিৱসাগৰ জিলাৰ যাতায়ত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰিব।

পথটোৰ উন্নয়নৰ কামৰ শুভাৰম্ভণি কৰি সাংসদ গগৈয়ে ৰাজ্যৰ বাট-পথ সমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পথ উন্নয়ন আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰে।

তাৰ পাছতে সাংসদগৰাকীয়ে বানমুখ কাথপাৰত অৱস্থিত শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ থানত উপস্থিত হৈ এগছি বন্তি প্ৰজ্বলনেৰে অসমবাসী জনসাধাৰণৰ মংগলৰ বাবে সেৱা-প্ৰাৰ্থনা জনায়।

আজিৰ অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, ৰাজ্যিক অবিচি মৰ্চাৰ সভাপতি বিতোপন ৰাইদঙিয়া,  জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰী, লোক নিৰ্মাণ বিভাগৰ শিৱসাগৰ আৰু থাওৰা ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মহেন্দ্ৰ শইকীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

IMG-20210301-WA0015(1)

সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৪৮ ঘন্টীয়া অসহযোগ আন্দোলন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd