NORTHEAST NOW (Assamese)

মুকেশ আম্বানীৰ বাবে বৃহৎ আঘাত! মাত্ৰ এদিনতে হেৰুৱালে কেইবাহাজাৰ কোটি টকা

October 5, 2024 1:22 pm · এন ই নাও নিউজ, গুৱাহাটী
মুকেশ আম্বানি। ফাইল ফটোঃ সংগ্ৰহীত।

উদ্যোগপতি মুকেশ আম্বানীৰ সাম্ৰাজ্যই এক বৃহৎ সংকটৰ সন্মুখীন হৈছে। মাত্ৰ এদিনতে তেওঁ ৭৭,৬০৬ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ আঁৰত বজাৰৰ কাৰ্যকলাপ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ প্ৰায় ৪ শতাংশ হ্ৰাস পাইছে। ফলত হাজাৰ হাজাৰ কোটি টকাৰ ক্ষতি হৈছে মুকেশ আম্বানীৰ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে বিভিন্ন খণ্ডত বিনিয়োগ কৰিছে। তেল, প্ৰাকৃতিক গেছ, এফএমচিজিকে ধৰি ৰিলায়েন্সৰ বহু শ্বেয়াৰ হ্ৰাস পাইছে। ফলত এদিনতে মুকেশ আম্বানীয়ে ৭৭,৬০৬ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। মঙলবাৰে (৩ অক্টোবৰ) ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূল্য ১৯,০৪,৭৬২.৭৯ টকালৈ হ্ৰাস পায়।

লগতে পঢ়কঃ উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনা, খাৱৈত পৰিল দৰাযাত্ৰীৰ বাছ; কমেও ৩০ জনৰ মৃত্যু

মুকেশ আম্বানীৰ ফ্লেগশ্বিপ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ প্ৰায় ৪ শতাংশ হ্ৰাসেই এই লোকচানৰ মূল কাৰণ। ইয়াৰ আঁৰৰ মূল কাৰণ হৈছে মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ। ইজৰাইল, লেবানন, ইৰাণকে ধৰি চুবুৰীয়া দেশসমূহৰ যুদ্ধৰ ফলত গেছ আৰু তেলৰ বজাৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৰিলায়েন্স অইল আৰু নেচাৰেল গেছৰ ওপৰত প্ৰভাৱ পৰিছে।

বিগত তিনিদিন ধৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ হ্ৰাস পাইছে। ৰিলায়েন্সৰ শ্বেয়াৰ ৭.৭৬ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে বি এছ ই চেন্সেক্সৰ শ্বেয়াৰ ২.১০ শতাংশ হ্ৰাস পাইছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ বিপৰীতে মুকেশ আম্বানীৰ ব্যক্তিগত সম্পত্তিৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। বৰ্তমান মুকেশ আম্বানীৰ মুঠ সম্পত্তি ৯৩,০৮৩৬ কোটি। ফলত এছিয়াৰ আটাইতকৈ ধনী লোকসকলৰ তালিকাত এতিয়াও তেওঁ শীৰ্ষস্থান দখল কৰিছে।

লগতে পঢ়কঃ প্ৰেমিকক গছত বান্ধি থৈ যুৱতীক দলবদ্ধ ধৰ্ষণ! পুনেত ভয়ংকৰ ঘটনা

হিজবুল্লাহ, ইৰাণ, লেবাননকে ধৰি কেইবাখনো দেশে ইজৰাইলক আক্ৰমণ কৰিছে। ইয়াৰ প্ৰভাৱ পৰিছে তেলৰ বজাৰত। যদি এনেদৰে যুদ্ধ চলি থাকে তেন্তে ইয়াৰ প্ৰভাৱ ভাৰতকে ধৰি আন দেশৰ ওপৰত পৰিব। এইটোৱেই হৈছে শ্বেয়াৰ বজাৰত প্ৰথম পৰ্যায়ৰ কাৰ্যকলাপ। 

Related News