• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

স্তন, হাঁওফাঁও আৰু খাদ্যনলীৰ কৰ্কট ৰোগসহ দহবিধ কৰ্কট ৰোগ প্ৰাথমিক পৰ্যায়তে ধৰা পেলাব পৰা ব্যৱস্থা প্ৰথমে দিল্লী, চেন্নাই, হায়দৰাবাদ আৰু আহমেদাবাদত উপলব্ধ হ'ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2026 4:37 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্কট ৰোগৰ প্ৰাথমিক নিৰ্ণয়ৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে ঔষধ নিৰ্মাতা সংস্থা জাইডাছ লাইফছায়েন্সেছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা গাৰ্ডাণ্ট হেল্থৰ সৈতে যৌথভাৱে ভাৰতত ‘শ্বিল্ড মাল্টি-কেন্সাৰ ডিটেকচন‘ (এম চি ডি) নামৰ এক অত্যাধুনিক ৰক্ত পৰীক্ষা পদ্ধতি মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। এটা মাত্ৰ ৰক্ত পৰীক্ষাৰ জৰিয়তে স্তন, খাদ্যনলী, যকৃতকে ধৰি প্ৰায় দহ ধৰণৰ কৰ্কট ৰোগ প্ৰাথমিক পৰ্যায়তে চিনাক্ত কৰিব পৰা এই ব্যৱস্থাটো অতি শীঘ্ৰেই হায়দৰাবাদ, আহমেদাবাদ, চেন্নাই আৰু নতুন দিল্লীৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়সমূহত উপলব্ধ কৰোৱা হ‘ব বুলি জানিবলৈ দিছে। পৰৱৰ্তী সময়ত দেশৰ আন প্ৰান্তলৈকো এই সেৱা সম্প্ৰসাৰিত কৰা হ‘ব যদিও বৰ্তমানলৈকে পৰীক্ষাটোৰ ব্যয় সন্দৰ্ভত সংস্থাই কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।

গৱেষনা অনুসৰি এই নতুন পৰীক্ষা পদ্ধতিয়ে মানৱ শৰীৰৰ ৰক্তপ্ৰবাহত থকা কৰ্কট কোষৰ ক্ষুদ্ৰ ডি এন এ অংশ বিশ্লেষণ কৰি ৰোগ নিৰ্ণয় কৰে, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘চাৰ্কুলেটেড চেল-ফ্ৰি ডি এন এ‘ বুলি কোৱা হয়। ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ লোক আৰু কৰ্কট ৰোগৰ উচ্চ আশংকা থকা লোকসকলৰ বাবে বিশেষভাৱে নিৰ্ধাৰিত এই পৰীক্ষাই ম্যেম‘গ্ৰাম বা কলন‘স্ক‘পিৰ দৰে যন্ত্ৰণাদায়ক পৰীক্ষাৰ বিকল্প হিচাপে কাম কৰিব। স্তন, মূত্ৰাশয়, কলন, যকৃত, হাঁওফাঁও, খাদ্যনলী, পাকস্থলী, অগ্ন্যাশয়, ডিম্বাশয় আৰু প্ৰষ্টেট কৰ্কট ৰোগ এই পদ্ধতিৰ জৰিয়তে নিখুঁতভাৱে চিনাক্ত কৰিব পৰা যাব বুলি গৱেষকসকলে দাবী কৰিছে।

Apply Now

এই পৰীক্ষাই চিনাক্ত কৰিব পৰা অন্যতম জটিল ৰোগ হৈছে খাদ্যনলীৰ কৰ্কট ৰোগ। খাদ্যনলীত অস্বাভাৱিক কোষৰ বৃদ্ধিয়ে টিউমাৰৰ সৃষ্টি কৰিলে এই ৰোগ হয়, যাক মূলতঃ এডেন‘কাৰ্চিন‘মা আৰু স্কোৱামাছ চেল কাৰ্চিন‘মা হিচাপে দুটা ভাগত ভগোৱা হয়। সাধাৰণতে ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকৰ ক্ষেত্ৰত সঘনাই দেখা দিয়া এই ৰোগৰ প্ৰাথমিক পৰ্যায়ত কোনো বিশেষ লক্ষণ প্ৰকাশ নাপায়। পৰৱৰ্তী সময়ত ৰোগীয়ে খাদ্য গিলিবলৈ কষ্ট পোৱা, অস্বাভাৱিকভাৱে ওজন হ্ৰাস হোৱা, বুকুৰ বিষ, ক্ৰমাগত কাঁহ, মাত ভঙা আদি লক্ষণ অনুভৱ কৰে। অত্যধিক মদ্যপান, ধঁপাত সেৱন, বেৰেটছ ইছ‘ফেগাছ, এচিড ৰিফ্লাক্স আৰু হিউমেন পেপিল‘মা ভাইৰাছৰ সংক্ৰমণক এই ৰোগৰ প্ৰধান কাৰক হিচাপে গণ্য কৰা হয়।

খাদ্যনলীৰ কৰ্কট ৰোগ নিৰ্ণয়ৰ বাবে বৰ্তমান বেৰিয়াম ছোৱাল‘, চি টি স্কেন, আপাৰ এণ্ড‘স্ক‘পি আৰু বায়‘প্সিৰ দৰে পৰীক্ষা সম্পন্ন কৰা হয়। ৰোগৰ পৰ্যায় আৰু টিউমাৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি চিকিৎসকসকলে চিকিৎসা প্ৰণালী নিৰ্ধাৰণ কৰে। প্ৰাথমিক পৰ্যায়ৰ চিকিৎসাৰ বাবে ইছ‘ফেজেক্টমী আৰু এণ্ড‘স্কপিক পদ্ধতি ব্যৱহাৰ কৰা হয়। ৰোগীৰ অৱস্থা অনুসৰি ৰেডিয়েচন থেৰাপী, কেম‘থেৰাপী, টাৰ্গেটেড থেৰাপী আৰু ইমিউন‘থেৰাপীৰ দৰে উন্নত চিকিৎসাও প্ৰয়োগ কৰা হয়। ৰোগে খাদ্যনলীৰ বাহিৰৰ অংগ স্পৰ্শ কৰিলে মাল্টিভিচেৰেল ৰিচেকচনৰ দৰে জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।

আমেৰিকাৰ নেশ্যনেল কেন্সাৰ ইনষ্টিটিউটৰ তথ্য অনুসৰি, কৰ্কট ৰোগৰ পৰ্যায়ৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ হাৰ নিৰ্ধাৰিত হয় আৰু ৰোগটো শৰীৰৰ আন অংশলৈ বিয়পি পৰিলে চিকিৎসা অতিশয় কঠিন হৈ পৰে। বিশেষজ্ঞসকলৰ মতে, প্ৰাথমিক পৰ্যায়তে ৰোগ নিৰ্ণয় কৰিব পাৰিলে আৰোগ্যৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। এই পৰিপ্ৰেক্ষিতত, জাইডাছ আৰু গাৰ্ডাণ্ট হেল্থৰ দ্বাৰা প্ৰৱৰ্তন কৰিবলগীয়া এই নতুন ৰক্ত পৰীক্ষা পদ্ধতিয়ে ভৱিষ্যতে খাদ্যনলীকে ধৰি অন্যান্য জটিল কৰ্কট ৰোগসমূহ সোনকালে ধৰা পেলাই চিকিৎসা প্ৰক্ৰিয়াত এক যোগাত্মক আৰু নিৰ্ণায়ক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd