• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সহজ জয়েৰে প্লে’ অফৰ আশা সজীৱ কৰি ৰাখিলে মুম্বাই ইণ্ডিয়াঞ্চে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2021 9:07 am
Mumbai Indians keep their playoff hopes alive with an easy win
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুবাইত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ কালি অনুষ্ঠিত হোৱা খেলখনত মুম্বাই ইণ্ডিয়াঞ্চে চমকপ্ৰদ প্ৰদৰ্শনেৰে সহজ জয় সাব্যস্ত কৰি প্লে’ অফলৈ উন্নীত হোৱাৰ আশা সজীৱ কৰি ৰাখিলে।

কালি ডুবাইৰ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছক ৮ উইকেটত অনায়াসে পৰাস্ত কৰে মুম্বাই ইণ্ডিয়াঞ্চে।

খেলখনত টছত জয়ী হৈ মুম্বাই- এ ৰাজস্থানক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। কিন্তু মুম্বাইৰ পেচ বলিং আক্ৰমণত ধৰাষায়ী হয় ৰাজস্থানৰ বেটিং লাইন আপ। মুম্বাইৰ বলিং আক্ৰমণৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ৰাজস্থান ৰয়েলছে।

অপেনাৰ এভিন লুইছ আৰু য়স্বভী জয়ছোৱালে প্ৰথম উইকেটত ২৭ ৰান যোগ দিয়ে। এই দুই উইকেট পতনৰ পিছত ৰাজস্থানৰ কোনো বেটচমেনেই ক্ৰীজত অধিক সময় টিকিবলৈ সক্ষম নহ’ল।

Apply Now

লুইছে দললৈ সৰ্বাধিক ২৪ ৰানৰ বৰঙণি আগবঢ়োৱাৰ লগতে জয়ছোৱালৰ বেটৰ পৰা আহে ১২ ৰান। মিলাৰ আৰু টেৱাটিয়াৰ বেটৰ পৰা আহে ক্ৰমে ১৫ আৰু ১২ ৰান। দলৰ আন বেটচমেনে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল।

নিৰ্ধাৰিত ২০ অভাৰত ৰাজস্থানে ৯ উইকেটৰ বিনিময়ত মাত্ৰ ৯০ ৰানহে সংগ্ৰহ কৰে।

ৰাজস্থানৰ এই বেটিং দুৰ্দশাৰ মূলতে আছিল মুম্বাইৰ পেচ বলাৰত্ৰয় কাল্টাৰ নাইল, নিচাম আৰু বুমৰাহৰ দৰ্শনীয় বলিং।

কাল্টাৰ নাইলে ৪ অভাৰত মাত্ৰ ১৪ ৰান খৰচ কৰি ৪ টা উইকেট দখল কৰে। নিচামে ৪ অভাৰত ১২ ৰান দি পায় ৩ টা উইকেট। আনহাতে ৪ অভাৰত ১৪ ৰান দি ২ টা উইকেট দখল কৰে বুমৰাহে।

৯১ ৰানৰ সহজ লক্ষ্য আগত লৈ মুম্বাই ইণ্ডিয়াঞ্চে বিশেষ কষ্ট কৰিবলগীয়া নহ’ল। অপেনাৰ তথা অধিনায়ক ৰোহিত শৰ্মাই আক্ৰমণাত্মত বেটিঙেৰে মাত্ৰ ১৩ বলত ২২ ৰান সংগ্ৰহ কৰি দলক এক সফল আৰম্ভণি দিয়ে। অৱশ্যে ব্যৰ্থ হয় সুৰ্যকুমাৰ যাদৱ(১৩)।

আজিৰ মেচখনত ৰোহিত শৰ্মাই এক ঈৰ্ষণীয় সাফল্য অৰ্জন কৰে। মেচখনত দুটা ছয় কোবাই ৰোহিত শৰ্মাই টি-২০ ক্ৰিকেটত ৪০০ ছয় কোবোৱা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয়।

আনজন অপেনাৰ ঈশান কৃষণে বিধ্বংসী বেটিঙেৰে মাত্ৰ ২৫ টা বলত ৫০ ৰান সংগ্ৰহ কৰি মুম্বাই দললৈ আকাঙ্খিত জয় কঢ়িয়াই আনে। হাৰ্ডিক পাণ্ডিয়া ৫ ৰানত অপৰাজিত থাকে।

মুম্বাই ইণ্ডিয়াঞ্চে মাত্ৰ ৮.২ অভাৰতে বিজয়ৰ লক্ষ্যত উপনীত হয়।

মেচখনত দুৰ্দ্দান্ত বলিঙেৰে ৰাজস্থানৰ বেটিং লাইন আপক থকা-সৰকা কৰি তোলা নাথান কাল্টাৰ নাইলে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ।

আজিৰ জয়েৰে মুম্বাই ইণ্ডিয়াঞ্চে প্লে’ অফলৈ উন্নীত হোৱাৰ আশা সজীৱ কৰি পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয়। দলটোৱে এতিয়া প্লে’ অফলৈ যাবৰ বাবে নিজৰ অন্তিম মেচত হাইদৰাবাদক পৰাস্ত কৰিব লাগিব।

অৱশ্যে এইক্ষেত্ৰত মুম্বাইৰ সম্ভাৱনা কলকাতা নাইট ৰাইডাৰ্ছৰ ওপৰতো নিৰ্ভৰ কৰিব। কলকাতা নিজৰ অন্তিম মেচত ৰাজস্থানৰ বিৰুদ্ধে পৰাজিত হ’লে মুম্বাইৰ প্লে’ অফত স্থান লাভ কৰাটো নিশ্চিত। আনহাতে এই খেলখনত কলকাতা জয়ী হ’লে মুম্বাই- এ প্লে’ অফত স্থান লাভৰ বাবে হাইদৰাবাদক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব লাগিব।

আনহাতে আজিৰ পৰাজয়েৰে এই বৰ্ষৰ IPL ৰ পৰা বাহিৰ হোৱা প্ৰায় নিশ্চিত হ’ল ৰাজস্থান ৰয়েলছৰ। দলটোৱে বৰ্তমান পইন্ট তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd