শ্বাহনাৱাজ শ্বেইখ নামৰ যুৱকজনে তেওঁৰ স্থানীয় বাসিন্দাসকলক অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিবলৈ তেওঁৰ ছুভ (SUV) ব্ৰেণ্ডৰ বিলাসী কাৰখন বিক্ৰী কৰি দিয়ে।
কাৰখনৰ মূল্য হৈছে ২২ লাখ টকা।
Shahnawaz Sheikh sold his SUV last year to buy 60 Oxygen cylinders + 40 he took on rent .Arranged 300 cylinders for patients last yr Covid.This yr he is getting 500 calls a day ,arranging as much as possible , all for free ,for saving lives in Mumbai .
Hats off ! pic.twitter.com/JcPzy2Iq7Y— Kishlay किसलय કિસલય কিশলয় கிஸ்லய் ਕਿਸਲਯ (@Kishlaysharma) April 20, 2021
মুম্বাইৰ মালাড় অঞ্চলৰ বাসিন্দা যুৱকজনে কাৰখন বিক্ৰী কৰি লাভ কৰা টকাসমূহ অক্সিজেনৰ অভাৱ পূৰণ কৰিবৰ বাবে চিকিৎসালয়সমূহক দান কৰে।
তদুপৰি তেওঁ এটা নিয়ন্ত্ৰণ কক্ষ প্ৰস্তুত কৰিছে, য’ত ক’ভিডত আক্ৰান্ত লোকসকলক সহায় কৰিবৰ বাবে এটা হেল্পলাইন নাম্বাৰৰ ব্যৱস্থা কৰিছে।
দলটোৱে ৰাতিয়ে দিনে নিয়ন্ত্ৰণ কক্ষটোত কাম কৰি আহিছে।
প্ৰতিদিনাই দলটোৱে ৫০০তকৈও অধিক ফোন কল লাভ কৰা বুলি জানিব পৰা গৈছে।
ছুভ (SUV)খন বিক্ৰী কৰি যুৱকজনে ১৬০টাৰো অধিক অক্সিজেল চিলিণ্ডাৰৰ যোগান ধৰিবলৈ সক্ষম হয়।
বিনামূলীয়াকৈ তেওঁ ৪,০০০ৰো অধিক লোকক এই পৰ্যন্ত সহায় কৰিছে।
Would you sell your car to help others?
Shahnawaz Sheikh, a man from Mumbai, sold his 22lakh Ford Endeavor, to help COVID19 patients with oxygen cylinders
Shahnawaz said that he had run out of money helping people so he had to sell his car#Verified #OxygenShortage #CovidHelp pic.twitter.com/BIMS5cpd8H
— Karmdeepsinh Zala (@imKzala) April 22, 2021
তেওঁৰ এই কৰ্মৰাজী সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে।
অসংখ্য লোকে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে।