NORTHEAST NOW (Assamese)

যিকোনো চৰ্তত থাকিব লাগিব উপস্থিত! কুনাল কামৰাক তৃতীয়বাৰৰ বাবে চমন জাৰি মুম্বাই আৰক্ষীৰ…

April 2, 2025 2:45 pm · এন ই নাও নিউজ, গুৱাহাটী

ইমান সময় উকলি যোৱাৰ পাছতো কমেডিয়ান কুনাল কামৰাক লৈ বিতৰ্ক চলি আছে। একেৰাহে দুবাৰকৈ আৰক্ষীৰ চমন এৰাই চলাৰ পাছত সোমবাৰেও আৰক্ষীৰ এটা দলে কুনালৰ ঘৰত অভিযান চলায়। সেই ঘটনাৰ দুদিন পাছত মুম্বাই আৰক্ষীয়ে একেটা গোচৰতে তৃতীয়বাৰৰ বাবে কুনালক চমন জাৰি কৰিছিল। ততাতৈয়াকৈ তেওঁক সোধা-পোছাৰ বাবে থানাত কায়িকভাৱে হাজিৰ হবলৈ কোৱা হৈছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক উপহাস কৰি কুনাল বিতৰ্কত লিপ্ত হৈছিল। অভিযোগ অনুসৰি কমেডী শ্বৰ সময়ত তেওঁ একনাথক পৰোক্ষভাৱে নাম উল্লেখ নকৰাকৈয়ে ‘দেশদ্ৰোহী বুলি অভিহিত কৰিছিল। এটা জনপ্ৰিয় হিন্দী গীতৰ লগতে শিণ্ডেৰ ভংগীমা অনুকৰণ কৰিলে কুনালে। ইয়াৰ সমান্তৰালকৈ তেওঁ কেন্দ্ৰৰ বিজেপি চৰকাৰক ‘তানাশাহি (একনায়কত্ববাদ) চলাইছে বুলিও সমালোচনা কৰে। ইয়াৰ পাছতে মুম্বাই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে তৃতীয়বাৰৰ বাবে কুনালক চমন কৰা হয়। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে দুবাৰকৈ কুনালক চমন জাৰি কৰা হৈছিল। ইয়াৰ উত্তৰত কুনালে কয় যে তেওঁৰ জীৱন বিপদত পৰিছে। কমেডিয়ানগৰাকীয়ে উপস্থিত হবলৈ ৩ এপ্ৰিললৈকে সময় বিচাৰিছিল।

সোমবাৰে তেওঁ হাজিৰ নোহোৱাৰ বাবেই তেওঁৰ ঘৰত উপস্থিত হয় আৰক্ষীৰ এটা দল। পিছদিনা তেওঁক আকৌ মাতি অনা হল। জনোৱা হৈছে যে এইবাৰ যিকোনো চৰ্তত কুনাল থানাত হাজিৰ হব লাগিব।

নয়া ভাৰত নামৰ অনুষ্ঠানত ভাৰতৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে কটু মন্তব্য কৰাৰ অভিযোগ কুনালৰ বিৰুদ্ধে। এই সন্দৰ্ভত থানাত কেইবাটাও অভিযোগ দাখিল কৰা হয়। শিৱসেনাৰ বিধায়কৰ অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। ভিডিঅটো ওলোৱাৰ লগে লগে কুনালে শিণ্ডেসেনাৰ ক্ৰোধৰ সন্মুখীন হল। শিণ্ডে সেনাৰ কৰ্মী আৰু সমৰ্থকসকলে অনুষ্ঠানটো অনুষ্ঠিত হোৱা ষ্টুডিঅটোত প্ৰৱেশ কৰি ভাঙি ভাঙি লণ্ডভণ্ড কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছেও কুনালে শীঘ্ৰে ক্ষমা খুজিব লাগে বুলি দাবী জনায়। আনহাতে, ইতিমধ্যে সুৰক্ষা বিচাৰি আদালতৰ কাষ চাপিছে কুনালে। তেওঁৰ আগতীয়া জামিনৰ আবেদন মাদ্ৰাজ উচ্চ ন্যায়ালয়েও মঞ্জুৰ কৰিছে। ৭ এপ্ৰিললৈকে তেওঁক চৰ্তসাপেক্ষ সুৰক্ষা প্ৰদান কৰা হৈছে।

Related News