• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামৰিক শাসকৰ ৰঙা চকুলৈ কেৰেপ নকৰি হিলদল ভাঙি ৰাজপথলৈ ওলাই আহিছে ম্যানমাৰৰ প্ৰতিবাদী জনতা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2021 7:10 pm
_117110244_hi065853581
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২১ টা দিন অতিক্ৰম কৰিলে ম্যানমাৰৰ সামৰিক অভ্যুত্থানে। যোৱা ১ ফেব্ৰুৱাৰিত আং চ্যু কীসহ ম্যানমাৰৰ ৰাষ্ট্ৰপতি আৰু অন্যান্য মন্ত্ৰী আৰু গণতান্ত্ৰিক নেতাসকলক বন্দী কৰি জুণ্টাই ম্যানমাৰৰ শাসন হস্তগত কৰিছিল।

দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু আং চ্যু কীসহ আটাইসকল বন্দী নেতাক মুকলি কৰাৰ দাবীত দেশখনৰ জনসাধাৰণে গণ বিক্ষোভ অব্যাহত ৰাখিছে।

Apply Now

ইতিমধ্যে আৰক্ষীৰ গুলীত মহিলাসহ তিনিগৰাকীকৈ প্ৰতিবাদকাৰীৰ মৃত্যুও ঘটিছে দেশখনত।

ইফালে জুণ্টা প্ৰশাসনে দেশৰ জনগণক বাৰে বাৰে ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই আহিছে যদিও দেশখনৰ গণতন্ত্ৰকামী জনতাই সামৰিক প্ৰশাসনৰ ৰঙা চকুলৈ কেৰেপ নকৰি প্ৰতি দিনে ৰাজপথত বিশাল প্ৰতিবাদী মিছিল বাহিৰ কৰি আহিছে।

আনফালে বিক্ষোভকাৰীৰ ওপৰত আৰক্ষীয়ে অব্যাহত ৰাখিছে অত্যাচাৰ। প্ৰতিবাদকাৰী মিছিললৈ পানী হিলৈ নিক্ষেপ কৰাৰ লগতে আৰক্ষীয়ে গুলীচালনাও কৰি আহিছে।

সোমবাৰেও দেশখনৰ ৰাজধানী চহৰ নাইপিটাওত প্ৰতিবাদকাৰী মিছিলক বাধা প্ৰদান কৰিবলৈ আৰক্ষীয়ে পানী হিলৈৰ ট্ৰাক মজুত কৰি ৰখাৰ উপৰিও পথৰ যোগাযোগ বিচ্ছিন্ন কৰা ৰখা দেখা গৈছে।

“আমি জুণ্টাক নিবিচাৰো, আমি গণতন্ত্ৰ বিচাৰো। আমি আমাৰ ভৱিষ্যৎ নিৰ্মাণ কৰিবলৈ বিচাৰো।” ৰয়টাৰৰ উদ্ধৃতিৰে বিবিচি-এ য়াংগুনৰ এগৰাকী প্ৰতিবাদকাৰীৰ মন্তব্য প্ৰকাশ কৰিছে এইদৰে।

স্থানীয় সংবাদ পত্ৰ আউটলেট ফ্ৰণ্টিয়াৰৰ সম্পাদক থমাছ চাউৱে বিবিচিক জনোৱা অনুসৰি দেশখনৰ সকলো ফালে ৰাজপথ আৰু সকলোধৰণৰ সাধাৰণ পথ অৱৰোধ কৰা হৈছে, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দেশখনৰ জনগণে পূৰ্বতকৈ অধিক সংগঠিত ভাৱে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।

দেশখনৰ প্ৰতিবাদকাৰীসকলে নেশ্যনেল লীগ ফ’ৰ ডেম’ক্ৰেছি(NLD)ৰ নেত্ৰী আং চু কীসহ সকলো আটকাধীন নেতাকে মুকলি কৰি দিবলৈ দাবী জনাইছে জুণ্টাক।

বিশ্ব সম্প্ৰদায়ে ম্যানমাৰৰ সামৰিক প্ৰশাসকক দেশখনত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে সকিয়নী প্ৰদান কৰিছে। আমেৰিকা, ব্ৰিটেইনসহ ইউৰোপৰ প্ৰায়বোৰ দেশে ম্যানমাৰত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবী তুলি জুণ্টাক সকিয়নী দিছে।

ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদেও ম্যানমাৰৰ সামৰিক প্ৰশাসকক দেশখনৰ ৰাজনৈতিক নেতাসকলক শীঘ্ৰে মুক্তি দি গণতন্ত্ৰক পুনৰ প্ৰতিষ্ঠাৰ বাবে সকীয়াই দিছে।

ইফালে দেশখনৰ গণ বিক্ষোভৰ লগতে বিশ্ব সম্প্ৰদায়ৰ সকিয়নীলৈ কোনো ভ্ৰক্ষেপ কৰা নাই জুণ্টাই।

ম্যানমাৰৰ এমআৰ টিভিৰ দ্বাৰা প্ৰচাৰিত সামৰিক বাহিনীৰ এক বিবৃতিত প্ৰতিবাদকাৰীসকলক সকিয়নী প্ৰদান কৰি কোৱা হৈছে “এতিয়া মানুহ, বিশেষকৈ কিশোৰ আৰু যুৱকসকলক এক সংঘৰ্ষৰ মুখলৈ ঠেলি দিয়া হৈছে, য’ত তেওঁলোকে নিজৰ জীৱন হেৰুৱাব।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd