• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জৰুৰী অৱস্থা প্ৰত্যাহাৰ! ডিচেম্বৰৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি ম্যানমাৰত গঠন অন্তৱৰ্তীকালীন চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2025 10:56 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে ম্যানমাৰৰ সেনাই আনুষ্ঠানিকভাৱে অসামৰিক অন্তৱৰ্তীকালীন চৰকাৰক ক্ষমতা অৰ্পণ কৰে। কিন্তু জুন্টা নেতা মিন আং হ্লাইঙে অন্যান্য দায়িত্বৰ লগতে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি থাকিব।

২০২১ চনৰ অভ্যুত্থানৰ পিছত সামৰিক বাহিনীক ক্ষমতা প্ৰদান কৰা ডিক্রী বাতিল কৰা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এক ঘোষণাত কোৱা হৈছে। ইয়াৰ লগতে এক তত্বাৱধায়ক প্ৰশাসন গঠন কৰা হৈছে আৰু আগন্তুক নিৰ্বাচনৰ তদাৰক কৰিবলৈ বিশেষ আয়োগো গঠন কৰা হৈছে।

Apply Now

ম্যানমাৰৰ জুন্টাৰ এই পদক্ষেপে দেশখনৰ ক্ষমতাৰ গাঁথনিৰ কোনো পৰিৱৰ্তনৰ ইংগিত নিদিয়ে, কিয়নো অভ্যুত্থান নেতা মিন আং হিলাইঙে এতিয়াও ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিকে ধৰি সকলো মূল ক্ষমতা অক্ষুণ্ণ ৰাখিছে। তেওঁ সামৰিক বাহিনীৰ মুৰব্বী পদটোও অক্ষুণ্ণ ৰাখিছে।

চৰকাৰৰ মুখপাত্ৰ জাউ মিন টুনে কয় যে অভ্যুত্থানৰ পিছত দেশজুৰি জাৰি কৰা জৰুৰীকালীন অৱস্থা কালি প্ৰত্যাহাৰ কৰা হৈছে। জৰুৰী অৱস্থা জাৰি কৰাৰ পিছৰ পৰা ইয়াক সাতবাৰ নবীকৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মুখপাত্ৰগৰাকীয়ে কয় যে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি আৰু সেনা প্ৰধানে কৈছে যে অহা ছমাহক প্ৰস্তুতি আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময় বুলি গণ্য কৰা হ’ব।

২০২১ চনত নিৰ্বাচিত নেতা আং ছান ছু কিক উৎখাত কৰাৰ পিছৰে পৰা বিশৃংখলতাৰ মাজেৰে পাৰ হৈছে ম্যানমাৰ। তেতিয়াৰ পৰাই দক্ষিণ-পূব এছিয়াৰ এই দেশখনত গৃহযুদ্ধৰ সৃষ্টি হৈছে। বিদ্ৰোহ দমন কৰাৰ সমান্তৰালকৈ সেনাই মানৱ অধিকাৰৰ ব্যাপক উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু এই অভিযোগবোৰ অস্বীকাৰ কৰিছে জুন্টাই।

ম্যানমাৰৰ আগন্তুক নিৰ্বাচনক প্ৰহসন বুলি পশ্চিমীয়া চৰকাৰবোৰে উলাই কৰিছে। তেওঁলোকৰ মতে, এই নিৰ্বাচন জেনেৰেলসকলৰ ক্ষমতা সুদৃঢ় কৰাৰ উপায়ৰ বাহিৰে আন একো নহয়। নিৰ্বাচনত সামৰিক সমৰ্থিত দলৰ আধিপত্যৰ সম্ভাৱনা আছে। কাৰণ বিৰোধী দলসমূহক হয়তো নিৰ্বাচন কৰাত বাধা দিয়া হৈছে, নাইবা তেওঁলোকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে।

ম্যানমাৰ বিষয়ক স্বতন্ত্ৰ বিশ্লেষক ডেভিদ মেথেছনে কয় যে ক্ষমতাৰ যি পৰিৱৰ্তন কৰা হৈছে সেয়া লোকক দেখুৱাবলৈহে কৰা। ক্ষমতাত থকাসকলে আগৰ দৰেই অত্যাচাৰী আৰু দমনমূলক আচৰণ কৰি যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd