• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ নিজ বাসগৃহত ন্যায়াধীশৰ ৰহস্যজনক মৃত্যু: পত্নীৰ বিৰুদ্ধে পৰিয়ালৰ গুৰুতৰ অভিযোগ

by
May 21, 2026 10:30 am
73
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ গ্ৰীণ পাৰ্ক অঞ্চলৰ নিজা বাসগৃহত অমন কুমাৰ শৰ্মা নামৰ এজন ৩০ বছৰীয়া ন্যায়াধীশৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে। মৃত অমন কুমাৰ শৰ্মাই উত্তৰ-পূব দিল্লীৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক হিচাপে কাৰ্কাৰডুমা আদালতত কৰ্মৰত আছিল। তেওঁৰ ভাতৃ শিৱমে ছফদাৰজং এনক্লেভ থানাত খবৰ দিয়াৰ পিছতে আৰক্ষীৰ এটা দল উপস্থিত হৈ বাথৰুমৰ পৰা তেওঁক উদ্ধাৰ কৰে। চিকিৎসালয়লৈ লৈ যোৱাৰ পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

প্ৰাথমিক তথ্য অনুসৰি ফাঁচীৰ ফলতে তেওঁৰ মৃত্যু হৈছে। আৰক্ষীয়ে বৰ্তমান সকলো দিশৰ পৰা তদন্ত চলাই আছে যদিও এতিয়ালৈকে কোনো ফাউল প্লে বা সন্দেহজনক কথা পোহৰলৈ অহা নাই। ইপিনে, মৃত ন্যায়াধীশগৰাকীৰ পৰিয়ালে এই ঘটনাৰ আঁৰত তেওঁৰ পত্নী থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ মতে, বিগত প্ৰায় দুমাহ ধৰি অমন আৰু তেওঁৰ পত্নীৰ মাজত বিভিন্ন সমস্যাক লৈ বিবাদ চলি আছিল। তেওঁৰ পত্নীও একেদৰে এগৰাকী ন্যায়িক বিষয়া।

Apply Now

অমনৰ পিতৃয়ে জানিবলৈ দিয়া মতে, মৃত্যুৰ আগদিনা নিশা প্ৰায় ১০ বজাত অমনে তেওঁলৈ ফোন কৰিছিল। ফোনত অমনে বৰ আৱেগিক হৈ কৈছিল যে তেওঁ মানসিকভাৱে ভাগি পৰিছে আৰু তেওঁৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিছে। এই কথা শুনাৰ পিছতে পিতৃয়ে আলৱাৰৰ পৰা ততাতৈয়াকৈ দিল্লীলৈ ৰাওনা হয় আৰু মাজনিশা ঘৰ পায়হি। পিতৃৰ অভিযোগ অনুসৰি, ঘৰখনত পত্নী নিধি মালিকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছিল আৰু অমনে প্ৰায়ে মানসিক নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছিল। আনকি পত্নীৰ পিতৃ-মাতৃৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰোতেও তেওঁলোকে ফোন নম্বৰ ব্লক কৰি থৈছিল বুলি অভিযোগ কৰা হৈছে। এই সমস্যা সমাধানৰ বাবে এজন আত্মীয়ক মতা হৈছিল যদিও পিছত তেওঁ এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব নোৱাৰিম বুলি আঁতৰি যায়।

নিশা ঘৰৰ ভিতৰত স্বামী আৰু পত্নীৰ মাজত তীব্ৰ হুলস্থুল আৰু কাজিয়া হৈছিল বুলিও পিতৃয়ে প্ৰকাশ কৰিছে। আত্মীয়ৰ ভাষ্য অনুসৰি, পত্নীয়ে ডাঙৰ ডাঙৰকৈ কথা কৈ থকাৰ সময়ত অমনে নিৰৱে কান্দি আছিল। পিছত যেতিয়া অমনক ঘৰৰ কতো বিচাৰি পোৱা নগ’ল, তেতিয়া তেওঁৰ ম’বাইললৈ ফোন কৰা হয় আৰু ফোনটো বাথৰুমৰ ভিতৰত বাজি উঠা শুনা যায়। লগে লগে বাথৰুমৰ দুৱাৰ আৰু খিৰিকীৰ আইনা ভাঙি ভিতৰত প্ৰৱেশ কৰাত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে, ২০১৮ চনত পুনেৰ চিম্বায়’ছিছ ল স্কুলৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰা অমনে ২০২১ চনৰ ১৯ জুনত দিল্লী ন্যায়িক সেৱাত যোগদান কৰিছিল। নিজৰ কৰ্মজীৱনত তেওঁ দেৱানী আৰু অপৰাধমূলক দুয়োবিধ গোচৰ সুচাৰুৰূপে পৰিচালনা কৰিছিল। বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীয়ে পৰিয়ালৰ লোক তথা আত্মীয়ৰ ভাষ্য গ্ৰহণ কৰি এই কৰুণ ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ আনিবলৈ তদন্ত অব্যাহত ৰাখিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd