বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰা গাৱঁৰ আমিৰ হুছেইনৰ পুত্ৰ সাজাহান আলীৰ (৩৮) শনিবাৰে বাংগালোৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নহাৰ বাবেই আত্মহত্যাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে।
জানিব পৰা মতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত পৰিয়ালৰ ভাই ককাইৰ নাম আছে যদিও সাজাহান আলীৰ পৰিয়ালটোৰ নাম নথকাত চিন্তিত হৈ পৰিছিল। সাহজাহানে লিগেচী হিচাপে ১৯৫১ চনৰ এন আৰ চিৰ তথ্য ব্যৱহাৰ কৰিছিল। কিন্তু ভেৰিফিকেশ্যনৰ সময়ত ভুলতে আনৰ লিগেচী ব্যৱহাৰ কৰা বুলি প্ৰমাণিত হোৱাত আবেদন বাতিল হয়।
উল্লেখযোগ্য যে সাজাহান আলীৰ জেঠাক, খুড়াকৰ পৰিয়ালে ১৯৬৬ চনৰ লিগেচী ব্যৱহাৰ কৰাত সকলোৰে নাম চূড়ান্ত খচৰাত উঠিছে। কিন্তু সাজাহান আলীৰ নাম এন আৰ চিৰ খচৰাত নহাত তেওঁ মানসিকভাৱে ভাগি পৰি আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকে দাবী কৰে।
সাহজাহান বাংগালোৰত ব্যাক্তিগত সুৰক্ষা কৰ্মী হিচাবে কৰ্মৰত আছিল। শনিবাৰে যুৱকজনে চিপ লৈ গছত উলমি থকা অৱস্থাত স্থানীয় লোকে প্ৰতক্ষ্য কৰে। বাংগালোৰ আৰক্ষীয়ে পিছত গছত উলমি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰু মৃতদেহটো আত্মীয় স্বজনৰ হাতত চমজাই দিয়ে।
আনহাতে, ঘটনাৰ প্ৰতক্ষ্যদৰ্শীসকলে সাজাহানৰ শৰীৰত আঘাতৰ চিন লক্ষ্য কৰি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে। ইয়াৰ মাজতে পৰিয়ালৰ লোকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নিজৰ পৰিয়ালৰ নাম নথকাৰ বাবে সাহজাহানে মানসিকভাৱে ভাগি পৰা বুলি বহুতৰ আগত প্ৰকাশ কৰা বুলি জানিবলৈ দিয়ে। ঘটনাটোৱে ভাণ্ডাৰাত শোকৰ ছাঁ পেলাইছে ।