• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ; নিশাৰ ভিতৰতে ৪ লাখ ডলাৰৰ মালিক হ’ল এজন ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 2:20 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰৰ আৰম্ভণিতে বিশ্ব ৰাজনীতিত এক অভূতপূৰ্ব পৰিঘটনাৰ সাক্ষী হৈ পৰিল সমগ্ৰ বিশ্ব। গভীৰ নিশাৰ এক নিখুঁত অভিযানত ট্ৰাম্পৰ সেনাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক কৰায়ত্ত কৰি আমেৰিকালৈ লৈ আহিছে।

এই খবৰে বিশ্বৰ ৰাজনীতি জোকাৰি গ’ল যদিও  এজন অচিনাকি ব্যক্তিয়ে ক’ৰবাত মনে মনে বহি উদযাপন কৰিছিল। কাৰণ এই খবৰটোৱে তেওঁক আনি দিছে প্ৰায় ৪ লাখ ডলাৰ। এতিয়া এটাই প্ৰশ্ন – এয়া কেৱল ভাগ্য নে প্ৰশাসনৰ ভিতৰ মহলৰ থবৰ জনাৰ সুফল?

Apply Now

‘দ্য নিউ ৰিপাব্লিক’ৰ এক প্ৰতিবেদন অনুসৰি এই বৃহৎ পৰিমাণৰ ধন অনলাইন প্ৰেডিকশ্যন মাৰ্কেট পলিমাৰ্কেটত উপাৰ্জন হৈছে। এই প্লেটফৰ্মত ব্যৱহাৰকাৰীয়ে ভৱিষ্যতৰ ৰাজনৈতিক আৰু বিশ্বৰ পৰিঘটনাৰ ওপৰত বাজি ধৰে। আৰু তাতেই পোহৰলৈ আহিল এটা ৰহস্যময় একাউন্ট।

প্ৰতিবেদনত কোৱা হৈছে যে একাউণ্টটো ২৭ ডিচেম্বৰত খোলা হৈছিল। একাউণ্টটোৱে মাত্ৰ দুটা কথাত বাজি ধৰিছিল—

১)আমেৰিকাই ভেনিজুৱেলাত বোমা আক্ৰমণ চলাব

২) ৩১ জানুৱাৰীৰ ভিতৰত নিকোলাছ মাদুৰোক ক্ষমতাৰ পৰা অপসাৰণ কৰা হ’ব

ব্যক্তিজনে এই দুটা বাজিত একেলগে প্ৰায় ৩৫ হাজাৰ ডলাৰ লগায়। আটাইতকৈ আচৰিত কথাটো হ’ল, যেতিয়া এই বাজি ধৰা হৈছিল, তেতিয়া এই ঘটনাৰ সম্ভাৱনা আছিল মাত্ৰ ৬ শতাংশ।

নিশাটোৰ ভিতৰতে সলনি হৈ গ’ল সৌভাগ্য

ভাগ্যই যেন মানুহজনক অদ্ভুতভাৱে সহায় কৰিছিল। বাজি ধৰাৰ কেইঘণ্টামানৰ ভিতৰতে সেই ভৱিষ্যদ্বাণী সঁচা হৈ পৰিল। এদিন নৌহওঁতেই এই একাউণ্টটোৱে ৪ লাখ ডলাৰতকৈ অধিক উপাৰ্জন কৰে। Axios য়ে জনোৱা মতে এই খবৰৰ জৰিয়তে আন কেইবাজনো ব্যৱহাৰকাৰীয়েও হাজাৰ হাজাৰ ডলাৰ লাভ কৰিছে। কিন্তু একেলগে ইমান বৃহৎ ধন লাভ কৰাটো অভূতপূৰ্ব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাত স্থানীয় সময় অনুসৰি শুকুৰবাৰে গভীৰ নিশা হঠাতে এনে বাজিৰ পৰিমাণ বৃদ্ধি পায়। আৰু মাত্ৰ কেইঘণ্টামানৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই অভিযানৰ কথা ঘোষণা কৰে। ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে নিশা ১০ বজাৰ আগতেই ‘মাদুৰো ধৰা পৰিব নে নাই’ এই প্ৰশ্নটোৰ ওপৰত বাজিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। এই হাৰ কেইবা সপ্তাহ ধৰি সৰ্বনিম্ন আছিল।

পুৱা ৪:২০ বজাত ৩১ জানুৱাৰীৰ ভিতৰত মাদুৰো আমেৰিকাৰ জিম্মাত থাকিব নে নাই সেই প্ৰশ্নত বাজিৰ হাৰ হঠাতে আকাশলংঘী হৈ পৰিল। এই সময়তে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এই অভিযানৰ কথা ঘোষণা কৰে। এক্সিওছৰ মতে, অভিযানৰ পিছত সেই একাউণ্টটোৰ মুঠ আয় হয় ৪৩৬,৭৫৯.৬১ ডলাৰ।

এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল – বিশাল অংকৰ বাজি জয় কৰা ব্যক্তিজনে কি হ’ব আগতীয়াকৈ জানিছিল নেকি? অৱশ্যে ব্যক্তিজনৰ পৰিচয় এতিয়াও পোহৰলৈ অহা নাই। পলিমাৰ্কেটেও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

চিবিএছৰ এক প্ৰতিবেদন অনুসৰি বৰদিনৰ সময়ত ভেনিজুৱেলাৰ আক্ৰমণৰ বিষয়ে আমেৰিকাৰ সামৰিক বিষয়াসকলে আলোচনা কৰিছিল। পিছত এই পৰিকল্পনা সলনি কৰি নাইজেৰিয়াত থকা আইছিছৰ ঘাটিত আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা হয়। অৱশ্যে প্ৰশ্ন ৰৈ গৈছে – এই গোপন আলোচনাবোৰ ক’ৰবাত ফাদিল হৈছিল নেকি?

ভেনিজুৱেলাৰ অভিযানক লৈ ট্ৰাম্প প্ৰশাসনে ৰাজহুৱাভাৱে মৌনতা অৱলম্বন কৰাৰ বিপৰীতে বিত্তীয় এই লেনদেনে নতুন সন্দেহৰ সৃষ্টি কৰিছে। বহুতে ধাৰণা কৰে যে কোনোবাই ভিতৰৰ তথ্য জনাৰ সুবিধা লৈ এই বৃহৎ ধনৰাশি লাভ কৰিছে। এতিয়া এই ৰহস্যময় জুৱাৰ আঁৰৰ ব্যক্তিজনৰ পৰিচয় কেতিয়াবা পোহৰলৈ আহে নে নাই সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd