• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ত্বিষা শৰ্মাৰ মৃত্যুৰ ৰহস্য: চিবিআইৰ জিম্মাত শাহুৱেক আৰু স্বামী, ডিজিটেল প্ৰযুক্তিৰে হ’ব তদন্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2026 5:46 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী ভোপালৰ বহুল চৰ্চিত ত্বিষা শৰ্মাৰ মৃত্যুৰ গোচৰত এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই সক্ৰিয় হৈ পৰিছে। এই হাইপ্ৰফাইল গোচৰটোত যৌতুকৰ বাবে হত্যা আৰু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ গিৰীবালা সিং আৰু তেওঁৰ অধিবক্তা পুত্ৰ তথা ত্বিষাৰ স্বামী সমৰ্থ সিঙক চিবিআইয়ে পাঁচ দিনৰ জিম্মাত লৈছে। ভোপাল জিলা আদালতৰ মহিলা অপৰাধ শাখাৰ ন্যায়াধীশ শোভনা ভালাভীৰ আদালতে তেওঁলোকক অহা ২ জুনলৈকে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে দুয়োকে চিকিৎসা পৰীক্ষা কৰোৱা হৈছিল।

চিবিআইয়ে এতিয়া ৭ মে’ত ত্বিষাৰ কথিত গৰ্ভপাতৰ পৰা আৰম্ভ কৰি ১২ মে’ৰ নিশা তেওঁৰ মৃত্যু হোৱা আৰু তাৰ পিছত ১৪ জুনত ভোপাল আৰক্ষীয়ে যৌতুক বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰালৈকে প্ৰতিটো মুহূৰ্তৰ সময়ৰেখা বা টাইমলাইন প্ৰস্তুত কৰিছে। এই কেইটা দিনৰ ভিতৰত আচলতে কি ঘটিছিল আৰু কেনেকৈ এই সমগ্ৰ ঘটনাটো এটা ৰহস্যলৈ ৰূপান্তৰিত হ’ল, সেই সত্য উদঘাটন কৰিবলৈ তদন্তকাৰী সংস্থাই চেষ্টা চলাইছে। এই তদন্তৰ বাবে চিবিআইয়ে আধুনিক উচ্চ প্ৰযুক্তি আৰু ডিজিটেল পুনৰ নিৰ্মাণৰ সহায় লৈছে। গিৰীবালা সিং, সমৰ্থ সিং আৰু ত্বিষাৰ ম’বাইল ফোনৰ কল ডিটেইলছ, মেছেজ, অডিঅ’-ভিডিঅ’ কল ৰেকৰ্ড, ঘৰৰ চিচিটিভি ফুটেজ আৰু ৱাই-ফাই লগছ আদি সকলো ডিজিটেল প্ৰমাণ এতিয়া পৰীক্ষা কৰা হৈছে।

Apply Now

মৃত্যুৰ ঠিক পূৰ্বৰ শেষৰ কেইটামান ঘণ্টাত ত্বিষাই কি কৰি আছিল, সেই কথা জানিবলৈ চিবিআইয়ে টানেল ভিউ নামৰ এক বিশেষ ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰিছে। ইয়াৰ জৰিয়তে ঘটনা সংঘটিত হোৱা ঘৰখনৰ ভিতৰত ত্বিষা ক’ত аছিল, কাৰ লগত কথা পাতিছিল আৰু ঘৰলৈ কোন আহিছিল বা গৈছিল, তাৰ এক কাল্পনিক দৃশ্য ডিজিটেল পদ্ধতিৰে তৈয়াৰ কৰা হ’ব। ইয়াৰ উপৰিও ঘটনাৰ পিছত কোনো ডিজিটেল প্ৰমাণ মচি পেলোৱা বা সালসলনি কৰা হৈছিল নেকি, সেই দিশটোও পৰীক্ষা কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰা চিচিটিভি ফুটেজত ত্বিষাক ছাদলৈ যোৱা দেখা গৈছিল আৰু পিছত তিনিজন মানুহে তেওঁক তললৈ নমাই আনিছিল। এতিয়া চিবিআইয়ে ৭ মে’ৰ পিছৰ সম্পূৰ্ণ চিচিটিভি ৰেকৰ্ড বিচাৰিছে আৰু কেমেৰা স্থাপন কৰা কৰ্মচাৰীসকলকো সোধা-পোছা কৰিছে। ত্বিষাৰ মূৰত থকা আঘাত আৰু শৰীৰৰ অন্যান্য অংশৰ দাগবোৰ কেনেকৈ লাগিছিল, সেইয়া এতিয়াও এক ডাঙৰ ৰহস্য হৈ আছে।

চিবিআইয়ে এতিয়া শাহুৱেক গিৰীবালা সিং আৰু স্বামী সমৰ্থ সিঙক মুখামুখিকৈ বহুৱাই জেৰা কৰিব। ইয়াৰ পূৰ্বে দুয়োকে পৃথককৈ সোধা-পোছা কৰা হৈছিল। ১২ মে’ৰ নিশা ত্বিষাৰ মৃত্যুৰ ঠিক আগত ঘৰৰ ভিতৰত আচলতে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই কথা জানিবলৈ চিবিআই নিশ্চিত হ’ব বিচাৰে। ঘটনাৰ স্থানত প্ৰমাণ নষ্ট কৰাৰ সন্দেহতে গিৰীবালা সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। অনাগত দিনত এই যৌথ সোধা-পোছাৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd