NORTHEAST NOW (Assamese)

বয়স আছিল মাত্ৰ ২৫, ৰহস্যৰ আৱৰ্তত জনপ্ৰিয় ইনফ্লুৱেন্সাৰ ৰেডিঅ’ মিৰ্চিৰ আৰ জে ছিমৰণৰ মৃত্যু

December 29, 2024 2:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 29, 2024 2:10 pm

জনপ্ৰিয় ইনফ্লুৱেন্সাৰ ৰেডিঅ’ মিৰ্চিৰ আৰ জে ছিমৰন সিঙৰ ২৫ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ মৃত্যু ক্ৰমান্বয়ে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। জনপ্ৰিয় ইনফ্লুৱেন্সাৰ ৰেডিঅ’ মিৰ্চিৰ আৰ জে ছিমৰন সিঙে কম বয়সতে বিপুল খ্যাতি লাভ কৰিছিল। তেওঁৰ কেইবালাখো অনুগামী আছে।

ইমান খ্যাতি আৰু সফলতা লাভ কৰাৰ পিছতো আৰ জে ছিমৰন সিঙে কিয় আত্মহত্যা কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। গুৰুগ্ৰাম আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাইছে।

বহুতে অনুমান কৰিছে যে তেওঁ মানসিক চাপত আছিল। কিবা এটাক লৈ চিন্তাত ভূগিছিল। ইয়াৰ বাহিৰেও আৰু কিবা আন এটা কাৰণ আছে নেকি তাকলৈও প্ৰশ্ন উত্থাপন হৈছে।

গুৰুগ্ৰামৰ ৪৭ নং ছেক্টৰৰ ৫৯ নং ঘৰত বাস কৰিছিল আৰ জে ছিমৰন সিং। বৃহস্পতিবাৰে সন্ধিয়া তেওঁ আত্মহত্যা কৰে। জম্মুৰ নানক নগৰৰ বাসিন্দা আৰ জে ছিমৰন সিং। জম্মুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তাত বিশ্ববিদ্যালয়তে প্লেচমেণ্ট লাভ কৰিছিল।

ৰেডিঅ’ মিৰ্চিত তেওঁ দ্ৰুতগতিত নিজকে প্ৰতিষ্ঠা কৰিছিল। সমগ্ৰ জম্মু আছিল আৰ জে ছিমৰানৰ কণ্ঠৰ অনুৰাগী আছিল। তেওঁ যথেষ্ট খ্যাতি লাভ কৰিছিল।

আৰ জে ছিমৰন সিঙক বহু লোকে জম্মু কি ধড়কন বুলি অভিহিত কৰিছিল। ৰেডিঅ’ৰ কামৰ উপৰিও ছচিয়েল মিডিয়াতো জনপ্ৰিয় আছিল আৰ জে ছিমৰন সিং। পিছলৈ তেওঁ ইনফ্লুৱেন্সাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ২০২১ চনত ছিমৰনে হাৰিয়ানাৰ গুৰুগ্ৰামলৈ গুচি আহে। তাত কেইবাজনো বান্ধৱীৰ লগত ঘৰ ভাড়া লৈ আছিল।

আৰ জে ছিমৰন সিঙে কেইবাটাও ব্ৰেণ্ডৰ সৈতেও সহযোগিতাৰে কাম কৰিছিল। বিভিন্ন ব্ৰেণ্ডৰ বাবে ৰিল বনাইছিল। ছিমৰনে কেতিয়াবা ধেমেলীয়া কন্টেন্টো বনাইছিল। যিবোৰ ভাইৰেল হয়। ২৬ ডিচেম্বৰৰ সন্ধিয়া তেওঁ আত্মহত্যা কৰে। তেওঁৰ মৃত্যুত সকলোৱে স্তম্ভিত হৈ পৰে।

Related News