NORTHEAST NOW (Assamese)

মণিপুৰত আস্থা ভোটত জয় লাভ ক্ষমতাসীন বিজেপি চৰকাৰৰ

August 11, 2020 7:24 am · এন ই নাও নিউজ
মণিপুৰ বিধানসভাত ভাষণৰত মুখ্য মন্ত্ৰী এন বীৰেন সিং। ফাইল ফটো: ডিআইপিআৰৰ সৌজন্যত

বিধানসভাৰ আস্থাভোটত বিজয়ী হৈ মণিপুৰত ক্ষমতা অক্ষুন্ন ৰাখিলে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰখনে।

সোমবাৰে ধ্বনিভোটৰ সহায়ত শাসনাধীন বিজেপি চৰকাৰখনে সংখ্যাগৰিষ্ঠতা প্ৰমান কৰে।

আস্থা ভোটৰ পাছতে মুখ্য মন্ত্ৰীৰ উপদেষ্টা ৰজত শেঠীয়ে টুইট কৰি কয়, ‘’চৰকাৰক ক্ষমতাচ্যুত কৰাৰ বাবে চলোৱা কংগ্ৰেছৰ পৰিকল্পনা ব্যৰ্থ হ’ল। মণিপুৰত বিজেপি চৰকাৰে আস্থাভোটত জয়লাভ কৰিছে। মুখ্য মন্ত্ৰী এন বীৰেন সিং ডাঙৰীয়াক অভিনন্দন।‘’

সোমবাৰে আস্থাভোটৰ সময়ত বৰ্তমান ৫৩জনীয়া মণিপুৰ বিধানসভাত অধ্যক্ষ আৰু উপাধ্যক্ষসহ বিজেপিৰ ২৮জন বিধায়ক উপস্থিত থাকে।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমান বিৰোধী দলপতি ইবোবি সিঙৰ নেতৃত্বত ২৪জন বিৰোধী বিধায়কৰ ভিতৰত ১৬জন উপস্থিত থাকে।

মণিপুৰ বিধানসভাত বিধিভংগৰ অভিযোগত ৪জন বিধায়কক বহিস্কাৰ আৰু ৩জন বিজেপি বিধায়কে পদত্যাগ কৰাৰ পাছত ৬০জনীয়া বিধানসভাত সদস্যৰ সংখ্যা ৫৩জনলৈ হ্ৰাস পায়।

ইপিনে, আস্থা ভোটৰ পূৰ্বে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। চৰকাৰে বিকাশৰ পথত আগবাঢ়ি যোৱা বুলিও তেওঁ দাবী কৰে।

উল্লেখ্য যে যোৱা ২৮জুলাইত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ আনিছিল।

Related News