পুখুৰীৰ বোকাত সোমাই পৰি হাবাথুৰি খাইছে মন্ত্ৰী! কেনেকৈ উঠিল? লিখিলে,”জেচিবিৰ টেষ্ট আছিল…”

নাগালেণ্ডৰ মন্ত্ৰী টেনজেম ইম্না আলঙে তেওঁৰ ধেমেলীয়া মন্তব্য বা ভাইৰেল ভিডিঅ’ৰ বাবে বহুবাৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ ধেমেলীয়া ছ’চিয়েল মিডিয়া পোষ্টসমূহৰ বাবে তেওঁৰ ফেন ফ’ল’ৱাৰো কম নহয়। ইপিনে, শুকুৰবাৰে তেওঁৰ আন এটা পোষ্ট ভাইৰেল হৈ পৰে, যিটো মুহূৰ্ততে ভাইৰেল হৈ পৰে।

ভিডিঅ’ত টেনজেম ইম্না আলং বোকা পানীৰ পৰা ওলাই আহিবলৈ হাবাথুৰি খাই থকা দেখা যায়। বিজেপিৰ মন্ত্ৰীগৰাকীয়ে নিজেই নিজৰ পৰিস্থিতিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কৌতুকপূৰ্ণ মন্তব্য কৰে। তাৰপিছতে পোষ্টটোক লৈ হাঁহিত ফাটি পৰিছে নেটজগত!

লগতে পঢ়কঃ পিতা-পুত্ৰৰ সংঘাতঃ পিতৃৰ অভিযোগ, পুত্ৰৰ অস্বীকাৰ; তাৰ মাজতে ভাইৰেল জাদেজাৰ পুৰণি টুইট

নাগালেণ্ডৰ মন্ত্ৰী টেনজেম ইম্না আলঙে প্ৰায়ে নিজৰ পোষ্টত জীৱনৰ বিভিন্ন দিশৰ বিষয়ে সজাগতা সৃষ্টি কৰে। শেহতীয়াকৈ এজন ইউটিউবাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত আলঙৰ একাধিক মন্তব্যই দৰ্শকক আমোদ দিছে।

নাগালেণ্ডৰ এইগৰাকী স্পষ্টবাদী মন্ত্ৰীগৰাকীয়ে এইবাৰ তেওঁৰ বোকাপানীত পৰি হোৱা কঠিন পৰিস্থিতিৰ ভিডিঅ’ পোষ্ট কৰিলে। কেৱল সেয়াই নহয়, বোকাৰ পৰা উঠি অহাৰ তেওঁৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে তিনিজন ব্যক্তি আলঙক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। নিজেও পৰিস্থিতিটো উপভোগ কৰি আছে। সহায়কাৰীসকলৰ মুখতো অলপ হাঁহি বিৰিঙি আছে।

লগতে পঢ়কঃ বিজেপিৰ ‘জয় শ্ৰী ৰাম’ ধ্বনিত প্ৰতিফলিত হয় ঘৃণা আৰু ৰুঢ়তা! মন্তব্য গৌৰৱ গগৈৰ

অৱশ্যে যি ভিডিঅ’টোক লৈ মানুহে হাঁহিত ৰ’ব পৰা নাই, সেই ভিডিঅ’টোৰ পোষ্টটোত টেনজেমে এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিছে। তেওঁ লিখিছে যেতিয়াই গাড়ী কিনিব তেতিয়াই প্ৰথমে এন চি এ পি (নিউ কাৰ এচেছমেণ্ট প্ৰগ্ৰেম) পৰীক্ষা কৰিব লাগে। যাতে বাহনৰ সুৰক্ষাৰ লগত আপোচ নহয়।

পোষ্টটোৰ শেষত আলঙে লিখিছে, ‘কিউকি য়ে আপকা জানকা মামলা হায়।’ পোষ্টটোৰ কিছু মুহূৰ্তৰ ভিতৰতে ভিডিঅ’টোৱে ১ লাখ ১৪ হাজাৰ ভিউ লাভ কৰে। ভিডিঅ’টোত ৮ হাজাৰ লাইক আহে।

ইপিনে, এনে এজন নেতাক কেন্দ্ৰ কৰি উদ্বেলিত হৈ পৰিছে নেটজগত। বহুতে কৈছে, ‘আমাক এনেকুৱা মন্ত্ৰী লাগে।’ বহুতে লিখিছে, ‘আমাৰ দেশত তেওঁৰ দৰে ৰাজনীতিবিদ লাগে।’ এই ভিডিঅ’টো চোৱাৰ পিছত আপুনি এক চেকেণ্ডৰ বাবেও অনুভৱ নকৰিব যে তেওঁ দেশৰ অন্যতম ডাঙৰ ৰাজনীতিবিদসকলৰ মাজৰ এজন। বৰঞ্চ আপুনি নিজৰ মানুহৰ লগত আনন্দ-ধেমালি কৰা এজন সাধাৰণ মানুহৰ দৰেহে অনুভৱ কৰিব।

তেওঁ এনে এজন ডাউন টু আৰ্থ নেতা টেনজেম। কেতিয়াবা নিজৰ সৰু চকু দুটাক লৈও ধেমালি কৰি ভাইৰেল হৈ পৰিছে টেনজেম, কেতিয়াবা অবিবাহিত বুলি ধেমালি কৰি বহুতৰে মন জয় কৰিছে। ছ’চিয়েল মিডিয়াৰ এই  তাৰকাগৰাকীয়ে প্ৰায়ে সংবাদ জগতত দৃষ্টি আকৰ্ষণ কৰি কৰি আহিছে।