• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডে অহা ১০ জুলাইৰ পৰা নিজাববীয়াকৈ আৰম্ভ কৰিব এন আৰ চি প্ৰক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2019 10:38 am
776741-769386-nrc-970-assam-1140x570

এন আৰ চিৰ পৰীক্ষণ প্ৰক্ৰিয়া : ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ড চৰকাৰে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া বাসিন্দাৰ এখন তালিকা প্ৰস্তুত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ গৃহ আয়ুক্তই শনিবাৰে জাৰি কৰা এখন জাননীত উল্লেখ কৰা হৈছে বুলি হিন্দুস্তান টাইমছে বাতৰি প্ৰকাশ কৰিছে।

জাননী অনুসৰি, নাগালেণ্ডৰ খিলঞ্জীয়া বাসিন্দাৰ নাগৰিকপঞ্জী (আৰ আই আই এন) প্ৰস্তুতিৰ কাম অহা ১০ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু ৬০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

Apply Now

জাননীখনত কোৱা হৈছে যে যোগ্যতাহীন ব্যক্তিক খিলঞ্জীয়া বাসিন্দাৰ প্ৰমানপত্ৰ (আই আই চি) প্ৰদান বন্ধ কৰাৰ বাবে এই প্ৰস্তুতি গ্ৰহণ কৰা হৈছে।

এই প্ৰক্ৰিয়াটো ৰাজ্যখনৰ প্ৰতিখন গাওঁ আৰু ৱাৰ্ডৰ বাসিন্দাসকলৰ এক ব্যাপক জৰীপৰ জৰিয়তে তথা উপলব্ধ চৰকাৰী তথ্যৰ ভিত্তিত গ্ৰহণ কৰা হ’ব। জৰীপত এগৰাকী খিলঞ্জীয়া বাসিন্দাই তেওঁৰ স্থায়ী বাসগৃহত বসবাস কৰি আছে নে আন ক’ৰবালৈ উঠি গৈছে সেয়াও চালিজাৰি চোৱা হ’ব।

এবাৰ সকলো বাসিন্দাৰ তথ্যসমূহ লিপিবদ্ধ হোৱাৰ পাছত খিলঞ্জীয়া বাসিন্দাৰ প্ৰাৰম্ভিক তালিকা প্ৰকাশ কৰা হ’ব আৰু গাঁও তথা ৱাৰ্ড কৰ্তৃপক্ষই যথাৰ্থতা নিৰ্ণয় কৰিব।

গাঁও আৰু ৱাৰ্ডসমূহত আৰু প্ৰতিখন জিলাৰ ৱেবছাইটত তালিকাসমূহ অহা ১১ ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰা হ’ব। দাবী আৰু আপত্তিৰ বাবে ৩০ দিনৰ সময় দিয়া হ’ব।

এই প্ৰস্তুতিৰ কাম চলাবলৈ আৰু সকলোবোৰ গাঁও তথা জনজাতীয় পৰিষদক অৱগত কৰিবলৈ সকলো জিলাৰে জিলা উপায়ুক্তসকলক টীম গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিষয়াসকলে চৰকাৰী তথ্য আৰু দাঙি ধৰা নথিপত্ৰৰ ওপৰত ভিত্তি কৰি দাবী আৰু আপত্তিৰ নিষ্পত্তি কৰিব। প্ৰতিজন খিলঞ্জীয়া বাসিন্দাকে এটা য়ুনিক আই ডি প্ৰদান কৰা হ’ব আৰু অহা ১০ ডিচেম্বৰৰ বা তাৰ আগেয়ে চূড়ান্ত তালিকা প্ৰস্তুত কৰি তোলা হ’ব।

নাগালেণ্ড চৰকাৰৰ বিষয়াৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে, ‘’এবাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’লে সকলো খিলঞ্জীয়া বাসিন্দাকে খিলঞ্জীয়া বাসিন্দাৰ প্ৰমানপত্ৰ (আই আই চি) প্ৰদান কৰা হ’ব আৰু তেওঁলোকৰ বৰ্তমানৰ খিলঞ্জীয়া বাসিন্দাৰ প্ৰমানপত্ৰসমূহ মূল্যহীন হৈ পৰিব।‘’

‘’এবাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পাছত কোনো নতুন  খিলঞ্জীয়া বাসিন্দাৰ প্ৰমানপত্ৰ (আই আই চি) প্ৰদান কৰা নহ’ব আৰু একমাত্ৰ খিলঞ্জীয়া বাসিন্দাৰ নতুনকৈ জন্মলাভ কৰা শিশুক এই প্ৰমান পত্ৰ প্ৰদান কৰা হ’ব আৰু তেওঁলোকৰ নাম খিলঞ্জীয়া বাসিন্দাৰ তালিকাত উন্নীত কৰা হ’ব।‘’

উল্লেখযোগ্য যে অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া চলি আছে আৰু ই প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছে। যোৱা বছৰ জুলাই মাহত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাইছিল য’ত মুঠ ৩.২৩ কোটি আবেদনকাৰীৰ ভিতৰত ৪০ লাখ লোকৰ নাম বাদ পৰিছিল।

আনহাতে, চলিত বছৰৰ জুন মাহত নথি পত্ৰৰ খেলিমেলি পোৱা ১ লাখ লোকৰ নাম বাদ দি এখন অতিৰিক্ত তালিকা প্ৰকাশ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা এন আৰ চিৰ চূড়ান্ত তালিকা অহা ৩১ জুলাইত প্ৰকাশ পাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd