ইতিমধ্যে বন্ধহৈ পৰা জাগীৰোডৰ নগাওঁ কাগজ কলৰ কৰ্মচাৰীসকলৰ আবেগ, তথা সমস্যাসমূহ চৰকাৰে জানিও যি চকুমুদা কুলিৰ ভাও ধৰিছে তাক অতি শীঘ্ৰে সমাধান কৰক। জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কে কেই জনালে এই আহ্বান।
জাগীৰোডৰ নগাওঁ কাগজ কলৰ কৰ্মচাৰী সকলৰ দুৰ্দশা দেখি মৰ্মাহত হৈ পৰে অভিনেতাগৰাকী। । কলটোৰ কৰ্মচাৰীসকলৰ সমস্যা চৰকাৰে শীঘ্ৰে সমাধান কৰাৰ দাবী জনালে কে কেই।
জাগীৰোড কাগজ কলৰ নাম ঘৰত শনিবাৰে কাগজ কলটোৰ আৱাসিক পৰিয়ালসকলে আয়োজন কৰা গুৰু জনাৰ সৃষ্টি অসমীয়া ভাওনা ‘ৰোহিতেশ্বৰ ধৰ্ম পৰীক্ষা ’ ভাওনাৰ শুভ উদ্ধোধন কৰি ‘বেহাৰবাৰী আউট পষ্ট ’ ধাৰাবাহিকখনৰ অভিনেতা গৰাকীয়ে কয় যে চৰকাৰে কৰ্মচাৰীসকলৰ অভাৱ-অসুবিধাসমূহৰ প্ৰতি পিঠি দিয়াটো গৰ্হিত কথা হৈছে৷
বিশিষ্ট অভিনেতাজনৰ লগত উপস্থিত থাকে উক্ত ধাৰাবাহিকখনৰ মোহনখ্যাত দ্বীপজ্যোতি কেওট আৰু ৰাকেশ ।
গুৰুজনাৰ অমৰ সৃষ্টি অসমীয়া ভাওনাখনৰ লগতে জনপ্ৰিয় অভিনেতাসকলক এবাৰ ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ কাগজ কলৰ আবাসিক অঞ্চল থকা নামঘৰত অগণন লোকৰ সমাগম পৰিলক্ষিত হয়।