NORTHEAST NOW (Assamese)

অসমৰ ভূমি, সম্পদত ‘চূড়ান্ত অধিকাৰ’ দাবী নাগাৰ!

September 18, 2018 10:23 pm · এন ই নাও নিউজ
Updated: September 18, 2018 11:25 pm

নাগালিমত অসমৰ এক ইঞ্চিও মাটি অন্তৰ্ভুক্ত নহয় বুলি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বাৰম্বাৰ আশ্বাসৰ বিপৰীতে আলোচনাকাৰী নাগা সংগঠনে দাবী কৰিছে অসমৰ নাগা বসতিপূৰ্ণ এলেকাৰ মাটিকে ধৰি সকলো সম্পদৰ ‘চূড়ান্ত মালিকীস্বত্ব’।

এন এচ চি এন (আইজাক-মুইভা)কে ধৰি ৬টা নাগা সংগঠনৰ মঞ্চ নাগা জাতীয় ৰাজনৈতিক গোট (Naga national political groups)এ এই দাবী ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰৱিক ‘স্পষ্টকৈ’ জনাই দিয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ মজিয়াও পাইছেগৈ বিষয়টো।

বৃটিশ্ব-নিৰ্ধাৰিত চাৰিসীমাক ‘কৃত্ৰিম’ বুলি অভিহিত কৰি নাগালেণ্ডৰ লগতে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ম্যানমাৰৰ নাগা বসতি থকা অঞ্চলসমূহৰ ‘অখণ্ড ভূ-ৰাজনৈতিক’ গোটৰূপে বাস কৰিব খোজা ঐতিহাসিক দাবীতে আজিও অটল আছে নাগাসকল।

‘ৰাজনৈতিক চুক্তি টিকি নাথাকিব যেতিয়ালৈকে মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু অসমৰ নাগাসকলক তেওঁলোকৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰি পৈত্ৰিক ভূমি আৰু প্ৰকৃতি বা মানৱসৃষ্ট সম্পদৰ চূড়ান্ত মালিকীস্বত্ব প্ৰদান কৰা নহয়,’ ভাৰতৰ শীৰ্ষতম চোৰাংচোৱা বিষয়া তথা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী আৰ এন ৰৱিলৈ শেহতীয়াকৈ দিয়া পত্ৰৰ বক্তব্যক লৈ নাগা জাতীয় গোটটোৰ বিবৃতি।

লগতে পঢ়ক নাগালিমক লৈ আৰ এন ৰৱিৰ মন্তব্য

আনহাতে যোৱা ১০ ছেপ্তেম্বৰৰ পৰা চলি থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মানৱ অধিকাৰ পৰিষদত আলোচিত হৈছে নাগাৰ অধিকাৰ ৰক্ষাত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ বিচাৰি লিবাৰে’চন নামৰ এটা বেচৰকাৰী সংস্থাৰ আবেদন।

‘চুবুৰীয়া ৰাজ্যসমূহে’ শান্তি আলোচনাটো পথচ্যুত কৰাৰ ‘ভাবুকি দিছে’ বুলিও ৰাষ্ট্ৰসংঘৰ মজিয়াত আপত্তি দৰ্শাইছে সংস্থাটোৱে।

‘শান্তি প্ৰক্ৰিয়া পথচ্যুত কৰাৰ ভাবুকি দিয়া চুবুৰীয়া ৰাজ্যসমূহত ভাৰত চৰকাৰ আৰু এন এচ চি এন (আই এম)ৰ মাজত চলি থকা ভাৰত-নাগা শান্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে বৰ্ধিত বিৰোধ আৰু ধাৰাৱাহিক প্ৰতিবাদত আমি গভীৰভাৱে উদ্বিগ্ন,’ ৰাষ্ট্ৰসংঘত সংস্থাটোৰ বিবৃতি।

মানৱ অধিকাৰ পৰিষদত ৰাষ্ট্ৰসংঘক আহ্বান জনাই সংগঠনটোৱে কয়, ‘ভাৰত-নাগা শান্তি আলোচনাৰ জৰিয়তে সুদীৰ্ঘ নাগা ৰাজনৈতিক সমস্যাৰ এক সন্মানজনক দীৰ্ঘস্থায়ী ৰাজনৈতিক সমাধানত উপনীত হোৱাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি নিৰপেক্ষ ৩য় পক্ষক আদৰণি জনাবলৈ ভাৰত চৰকাৰক আহ্বান জনাওক।’

তাৎপৰ্য্যপূৰ্ণভাৱে প্ৰধান মন্ত্ৰী মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে এই শান্তি আলোচনা ‘চূড়ান্ত স্তৰত’ বুলি দাবী কৰি অহাৰ বিপৰীতে ‘ভাৰত ৰাষ্ট্ৰ’ই আলোচনা প্ৰক্ৰিয়া বিঘ্নিত কৰাৰ বাবে ‘পদ্ধতিগত’ প্ৰচেষ্টা চলোৱা বুলিহে বিস্ফোৰক অভিযোগ তুলিছে সংস্থাটোৱে।

‘ভাৰত-নাগা শান্তি প্ৰক্ৰিয়া বিঘ্নিত কৰাৰ দিশে মণিপুৰত ভাৰত ৰাষ্ট্ৰ আৰু ইয়াৰ চোৰাংচোৱা সংস্থাসমূহকে ধৰি নিৰাপত্তা বাহিনীয়ে পদ্ধতিগত বহুটো কাৰ্য্যপন্থা লৈছে,’ মোদী চৰকাৰক বিব্ৰত কৰিব পৰা এই অভিযোগ বেচৰকাৰী সংস্থাটোৰ।

নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্ত হোৱাক লৈ ইতিমধ্যে অসমত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ডিমা হাচাওৰ মাইবাঙত এই লৈ হোৱা প্ৰতিবাদত ডিমাচা যুৱকে অসম আৰক্ষীৰ গুলীত প্ৰাণ দিব লগাও হৈছিল।

লগতে পঢ়ক মাইবাঙত নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্তিৰ বিৰোধিতাকাৰীক আৰক্ষীৰ গুলীচালনা

মণিপুৰটো নাগালিমৰ বিৰুদ্ধে চলি আছে সুদীৰ্ঘ ধাৰাৱাহিক প্ৰতিবাদ।

এনে পৰিস্থিতিত নাগা শান্তি প্ৰক্ৰিয়াত সামান্যতম অসংবেদনশীলতায়ো অস্থিৰ কৰি তুলিব পাৰে সমগ্ৰ উত্তৰ-পূবক।

শান্তি আলোচনা চূড়ান্ত স্তৰত বুলি কেন্দ্ৰই দাবী কৰাত নাগালিমৰ ঘোষণাৰ বাহিৰে এতিয়া আন একো বাকী নাই আৰু নাগাই বিচাৰে ‘অখণ্ড ভূ-ৰাজনৈতিক গোট’– নাগাভূমি।

লগতে পঢ়ক নাগালিমক লৈ কিৰেন ৰিজিজুৰ মন্তব্য

আনফালে ‘নাগা শান্তি চুক্তিয়ে এক ইঞ্চিও ইফাল-সিফাল নকৰে কোনো ৰাজ্যৰে সীমা; আলোচনা ৰাজনৈতিক সমাধানৰ, সীমা পুনৰ্নিৰ্ধাৰণৰ নহয়’, বুলি যোৱা ৭ এপ্ৰিলত গুৱাহাটীতে ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

এতিয়া নাগাক সন্তুষ্ট কৰিবলৈ যোৱাৰ বাটত অস্থিৰ হৈ পৰিব পৰা উত্তৰ-পূৰ্বাঞ্চলত ’১৯ৰ নিৰ্বাচনৰ লক্ষ্যৰে কেন্দ্ৰই, লিবাৰে’চনে ৰাষ্ট্ৰসংঘত কোৱাৰ দৰে, খেলিছে নেকি কূটনৈতিক খেল—যাৰ লক্ষ্য ‘শান্তি’ নহয় ?

Related News