আজি নলবাৰী জিলাৰ মুকালমুৱাত এটা গভীৰ খাৱৈত বেলেনো বাহন এখন দুৰ্ঘটনাগ্ৰস্ত হয়। হাজো-দৌলাশাল পথত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাটোত গাড়ীখনত থকা তিনিজন লোকৰ এজন নিহত হোৱাৰ লগতে আন দুগৰাকী গুৰুতৰভাৱে আহত হয়।
লোক তিনিজন পশ্চিম নলবাৰীৰ দাহুদীৰ মাধৱ ভূঞা, ৰাণী বৰ্মন আৰু বিপুল বৰ্মন বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, AS-01-EH-3104 নম্বৰৰ এখন বেলেনো বাহনেৰে ৰামদিয়াৰ পৰা আহি থাকোতে মুকালমুৱাৰ সাপকাটাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা দ খাৱৈত সোমাই যায়।
এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে গাড়ীখনত থকা তিনিজন লোকক উদ্ধাৰ কৰে।
ইয়াৰ পিছতে স্থানীয় লোকৰ সহায়ত তিনিওজন লোকক মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
পিছত সংকটজনক অৱস্থাত মাধৱ ভূঞাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে ভূঞাৰ মৃত্যু হয়।
উল্লেখ্য যে দুৰ্ঘটনাটোত মৃতুক সাৱটি লোৱা মাধৱ ভূঞা শুকেকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত আছিল।
অসম আন্দোলনৰ সময়ত সক্ৰিয় ভুমিকা গ্ৰহণ কৰা পশ্চিম নলবাৰী অঞ্চলৰ অতি জনপ্ৰিয় মাধৱ ভূঞাৰ মৃত্যুত সমগ্ৰ অঞ্চল জুৰি শোকৰ ছা পৰে।