• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টিনৰ চালিৰ সৈতে ৫০ ফুট উৰুৱাই নি পেলাই দিলে ধুমুহাই! তথাপি প্ৰাণ ৰক্ষা পৰিল নানহে মিঞাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2026 9:34 am
208
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ বাৰেলী জিলাত দেখা গ’ল প্ৰকৃতিৰ এক ৰুদ্ৰমূৰ্তি, যিয়ে আনকি হলিউডৰ কাল্পনিক দুৰ্যোগৰ দৃশ্যকো পৰাজিত কৰিব। বুধবাৰৰ ভয়ংকৰ ধুমুহাত এখন টিনৰ চালি উৰি যাবলৈ ওলাইছিল। সেই চালিখন বচাবলৈ বাৰেলিৰ নানহে মিঞাই ৰছীত ধৰি ওলমি আছিল। কিন্তু বতাহৰ বল ইমানেই প্ৰবল আছিল যে সেই টিনৰ চালিখনৰ সৈতে তেওঁক প্ৰায় ৫০ ফুট বতাহত উৰুৱাই নি পেলাই দিছিল।

বাৰেলীৰ ভামৰা থানা এলেকাৰ বামিয়ানা গাঁৱৰ এই শিহৰণকাৰী ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। মৃত্যুৰ মুখৰ পৰা উভতি আহিছে নানহে মিঞা। কিন্তু শূন্যা পৰা মাটিত আফালি পৰাৰ ফলত তেওঁৰ হাত-ভৰি ভাঙি যায়। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Apply Now

চিকিৎসালয়ৰ বিচনাত পৰি যন্ত্ৰণাত ভুগি থকা নানহে মিঞাই ভয়ংকৰ অভিজ্ঞতাটোৰ কথা ক’লে। এনডিটিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, ‘মই কমেও ৩০-৪০ ফুট ওপৰলৈকে উঠি গৈছিলো। ক’ত পৰিলোঁ নাজানো।মই ভাবো কমেও ৫০ ফুট দূৰত ছিটিকি পৰিলোঁ।

তেওঁ লগতে কয় যে ধুমুহাবতাহত যাতে চালিখন উৰি নাযায় তাৰ বাবে ৰছীডাল জোৰেৰে ধৰি ৰাখিছিল। ভাবিছিল যে যদি ৰছীডালত ধৰি থাকে তেন্তে তেওঁ নিৰাপদ হ’ব। কিন্তু প্ৰচণ্ড বতাহে ৰছীডাল ছিঙি পেলালে আৰু তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই টিনৰ চালিখনৰ লগতে উৰিবলৈ আৰম্ভ কৰে।

চৰকাৰী বিষয়াসকলে চিকিৎসালয়খনত নানহে মিঞাক দেখা কৰে। তেওঁলোকে মানুহজনৰ লগত কথা পাতি তেওঁৰ চিকিৎসাৰ বাবে সকলো খৰচ আৰু প্ৰয়োজনীয় সহায়ৰ আশ্বাস দিয়ে।

বাৰেলীৰ এই কাণ্ডটো আচলতে সমগ্ৰ উত্তৰ প্ৰদেশত সংঘটিত হোৱা এক বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ এটা সৰু অংশ মাত্ৰ। বুধবাৰৰ পৰা আৰম্ভ হোৱা বৰষুণ আৰু ধুমুহাৰ ফলত সমগ্ৰ ৰাজ্যখন কাৰ্যতঃ বিধ্বস্ত হৈ পৰিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি সমগ্ৰ ৰাজ্যতে এই দুৰ্যোগত কমেও ৮৯ জন লোকৰ মৃত্যু হৈছে। ৫৩ জন লোক আহত হৈছে। ধুমুহাত ৮৭টা ঘৰ ধ্বংস হোৱাৰ লগতে ১১৪টা গৰু মৃত্যুমুখত পৰিছে। প্ৰয়াগৰাজ, ভাদোহী, ফতেহপুৰ আৰু সোণভদ্ৰ জিলাৰ পৰা ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ আহিছে।

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দায়িত্ব লৈছে উত্তৰ প্ৰদেশ প্ৰশাসনে। মুখ্যমন্ত্রী যোগী আদিত্যনাথে ৰাজ্যৰ প্রতিখন জিলাক প্রতি ৩ ঘণ্টাৰ মূৰে মূৰে ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ শেহতীয়া তথ্য আপডেট কৰিবলৈ নির্দেশ দিছে৷ লগতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ থকা উদ্ধাৰ কাম আৰু অন্যান্য সাহায্য সম্পৰ্কীয় তথ্যৰ প্ৰতিও গুৰুত্ব দিবলৈ কয়। প্ৰশাসনে ক্ষিপ্ৰতাৰে সকাহ দিবলৈ কাম কৰি আছে।

उत्तर प्रदेश के कई जिलों में आज भीषण बारिश/तूफान के कारण करीब 31 लोगों की मौत हो गई !!

यह Video बरेली का है 👇 pic.twitter.com/5yPXTtz3Iy

— Sachin Gupta (@Sachingupta) May 13, 2026

অৱশ্যে ৫০ ফুটৰ ওপৰৰ পৰা পৰি নানহে মিঞা যিদৰে বাচি থাকিল, এতিয়া স্থানীয় বাসিন্দাসকলে বাৰেলীৰ আটাইতকৈ ডাঙৰ ‘অলৌকিক’ ঘটনা বুলি গণ্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd