• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাই অকল বদৰুদ্দিন আজমলকহে ভয় কৰে’: এই বিস্ফোৰক মন্তব্য কাৰ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 24, 2021 8:04 pm

2 min read

index.jpgak
3.6k
VIEWS
Share on FacebookShare on Twitter

বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। অহা ২৭ মাৰ্চত উজনি অসমৰ ৪৭ টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উজনিৰ অসমত ভোটগ্ৰহণলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত নামনি অসমতো নিৰ্বাচনী বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে।

নিৰ্বাচনৰ এই গৰম বতাহৰ মাজতে নামনি অসমৰ কেবাটাও সমষ্টিত মহাজোঁটৰ এআইয়ুডিএফৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ বদৰুদ্দিন আজমলে কয় প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল বৰদৰুদ্দিন আজমলকহে ভয় কৰে।

এআইয়ুডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে কটাক্ষ কৰি কয় যে অসমৰ যিকোনো সমস্যাৰ সমাধানৰ কথা ক’লেই ভয়তে তেওঁলোকে মুখত লয় কেৱল বদৰুদ্দিন আজমলৰ নাম।

“আমি কওঁ মূল্যবৃদ্ধি ৰোধ কৰিছে নেকি? বোলে বদৰুদ্দিন আজমল, আমি কওঁ এনআৰচিৰ সমস্যাৰ সমাধান কৰিছে নেকি? বোলে বদৰুদ্দিন আজমল, কিমান নিৱনুৱাক চাকৰি দিলে? বোলে বদৰুদ্দিন আজমল, কা’ৰ সমস্যা সমধান কৰিছে? বোলে বদৰুদ্দিন আজমল, আমি কওঁ ডি ভোটাৰৰ সমস্যা সমাধান কৰিছে? বোলে বদৰুদ্দিন আজমল।” আজমলে এইদৰে তীব্ৰভাৱে কটাক্ষ কৰে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰক।

ইফালে মহাজোঁটৰ চৰকাৰে ৫ বছৰত ৫ লাখ নিৱনুৱাক চাকৰি দি’ব বুলিও দাবী কৰে আজমলে। আনকি প্ৰতিগৰাকী মহিলাক ২ হাজাৰ টকাকৈ বেংক একাউণ্টত জমা কৰি দিয়া হ’ব বুলিও মন্তব্য কৰে তেওঁ।

এইবাৰ মহাজোঁটৰ চৰকাৰ হ’ব বুলি দাবী কৰি ৰাইজৰ বাবেই স্কুল, কলেজ, মেডিকেল কলেজ, ইউনিৰ্ভাচিটি বনাই ৰাইজৰ সেৱা আগবঢ়াইছে বুলিও ভোটাৰক উদেশ্য কৰি মন্তব্য কৰে আজমলে।

ছোনীয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ৰিপুণ বৰা, ৰকিবুল হুছেইন আৰু হাগ্ৰামা মহিলাৰী তেওৰ লগত আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ আজমলে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd