ফুটবল বিশ্বকাপ কোৱালিফায়িং মেচৰ প্ৰস্তুতি শিবিৰত অসমৰ হলিচৰণ-বিনীত

Untitled

অসম ফুটবল প্ৰেমীৰ বাবে আন এক সুখবৰ। অহা ৫ ছেপ্তেম্বৰত ওমানৰ বিৰুদ্ধে খেলিব লগীয়া ফিফা বিশ্বকাপৰ কোৱালিফায়িং মেচৰ বাবে ভাৰতীয় ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে অসমৰ ফুটবলাৰ হলিচৰণ নাৰ্জাৰী আৰু বিনীত ৰায়।

ভাৰতীয় ফুটবল দলৰ নৱ নিযুক্ত প্ৰশিক্ষক ইগ’ৰ ষ্টিমাচে অত্যন্ত গুৰুত্বপূৰ্ণ মেচখনৰ প্ৰস্তুতিৰ বাবে ৩৫ গৰাকী ফুটবলাৰক শিবিৰলৈ আমন্ত্ৰণ জনাইছে।

আঘাতজনিত কাৰণৰ বাবে দীৰ্ঘদিন ধৰি ফুটবলৰ পৰা আঁতৰি থকা হলিচৰণ পুনৰ সুস্থ হৈ উঠাৰ বাবেই প্ৰশিক্ষক ষ্টিমাচে অসমৰ ফুটবলাৰ গৰাকীক প্ৰস্তুতি শিবিৰলৈ আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে।

অসমৰ এই দুগৰাকী প্ৰতিভা সম্পন্ন ফুটবলাৰৰ উপৰি মিজোৰামৰ জেৰি লালৰিনজুৱালা আৰু লালিৱানজুৱালা চাংটেও প্ৰস্তুতি শিবিৰলৈ নিৰ্বাচিত হৈছে।

লগতে পঢ়ক : ভাৰতে গুৱাহাটীৰ সৰুসজাইৰ পৰা আৰম্ভ কৰিব বিশ্বকাপ অভিযান!

উল্লেখ্য যে ২০২২ চনত কাটাৰত অনুষ্ঠিত হ’ব লগীয়া ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে ভাৰতীয় ফুটবল দলে অহা ৫ ছেপ্তেম্বৰত গুৱাহাটীৰ পৰাই আৰম্ভ কৰিব অভিযান।

ভাৰতে ওমানৰ বিৰুদ্ধে দ্বিতীয় ৰাউণ্ডৰ এছিয়ান কোৱালিফায়াৰৰ প্ৰথমখন মেচ খেলিব। মেচখন গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে বিশ্বকাপ কোৱালিফায়াৰৰ দ্বিতীয় ৰাউণ্ডত ভাৰতে ওমানৰ সৈতে বাংলাদেশ, আফগানিস্তান আৰু ফিফা বিশ্বকাপৰ আয়োজক দেশ কাটাৰৰ সৈতে স্থান লাভ কৰিছে।