• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , January 24, 2021 6:40 am

2 min read

IMG_20210123_191432~2

ফটো: নর্থইষ্ট নাও।

171
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ সহযোগত বোকাখাতত ২১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনীৰ শনিবাৰে সামৰণি পৰে ৷

তিনিদিনীয়া এই ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত দেশ-বিদেশৰ বহু অতিথি, কৃষি বিশেষজ্ঞ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰে ৷

প্ৰদৰ্শনীৰ অন্তিম দিনা বোকাখাতৰ প্ৰদৰ্শনী থলীত সুসজ্জিত মণ্ডপত কৃষি যান্ত্ৰিককৰণ আৰু পৰিমিত কৃষি, কৃষি মুল্যায়ন আৰু পৰিচালনা আৰু বৈজ্ঞানিক পদ্ধতিত গাহৰি পালন আৰু এন্ট্ৰাপ্ৰিনয়ৰশ্বিপ ডেভিলপমেন্ট বিষয়ত এলানি প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷

মেকাডনিয়াৰ উচ্চ পদস্থ বিষয়া নেহাট ইমিনি, ইন্দোনেচিয়াৰ সচিব এলী উলিয়ান্তি, ভুটানৰ কনচ্যুল জেনেৰেল ফুব চেৰিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাবে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যলয়ৰ অধ্যাপক মানস বৰুৱা,পঙ্কজ বৰুৱা আৰু ড০ অনন্ত শইকীয়া ৷

প্ৰশিক্ষণৰ শেষলৈ বিয়লি প্ৰদৰ্শনী থলীৰ মুল মণ্ডপত অনুষ্ঠিত হয় প্ৰদৰ্শনীৰ অংশ গ্ৰহণকাৰী সকলৰ মাজত আয়োজিত প্ৰতিযোগিতাৰ বঁটা বিজয়ী সকলক বঁটা প্ৰদান কৰে ৷

এই লানি প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে তিতাবৰৰ কৃষক বিপিন লাহনক, শ্ৰেষ্ঠ প্ৰতিযোগিতামুলক উৎপাদনৰ বাবে বোকাখাত এগ্ৰ’কোম্পানীক, শ্ৰেষ্ঠ উদ্ভাৱনী দক্ষতাৰ বাবে সৰুপথাৰৰ অমৰেন্দ্ৰ চন্দ্ৰ পাল, শ্ৰেষ্ঠ বিপনিৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ কৃষি বিভাগক, শ্ৰেষ্ঠ বিভাগীয় বিপনিৰ বাবে অসমৰ পশু কল্যাণ আৰু পশু চিকিৎসা বিভাগক, শ্ৰেষ্ঠ জিলা বিপনি হিচাবে গোলাঘাট জিলাৰ কৃষি বিভাগক, শ্ৰেষ্ঠ নাৰ্চাৰীৰ বাবে শিমলুগুৰিৰ সেউজবন নাৰ্চাৰীক আৰু শ্ৰেষ্ঠ কৃষি যন্ত্ৰ আৰু কৃষি সঁজুলিৰ বিপনিৰ বাবে জালুকবাৰীৰ কুমাৰ ইঞ্জিনিয়াৰিঙক বঁটা প্ৰদান কৰা হয় ৷

ইয়াৰ উপৰিও এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা নৰ্থ ইষ্ট এগ্ৰি আইডিয়া চেলেঞ্জ ২০২১ বঁটাও প্ৰদান কৰে ৷ এই শিতানত প্ৰথম পুৰস্কাৰ ড০ ৰাজশেখৰ সাপকটাক, দ্বিতীয় পুৰস্কাৰ ৰিমঝিম বৰুৱাক আৰু তৃতীয় পুৰস্কাৰ প্ৰনৱ জ্যোতি পাৱেলক প্ৰদান কৰা হয় ৷

Recent News

bhaba

দুধনৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই হুংকাৰ দিলে বিজেপি কৰ্মীয়ে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd