• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিভ্ৰমী চৰাইৰ কলৰৱত প্ৰাণ পাই উঠিছে বানবিধ্বস্ত পবিতৰা : দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছেহি অভয়াৰণ্যখনত

NE NOW NEWS চানু গগৈ
মৰিগাঁও , November 26, 2020 4:15 pm

2 min read

index.jpg3

ফ'টো:- নৰ্থ ইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

পৰিভ্ৰমী পক্ষীৰ কল-কাকলিত মুখৰিত মায়ঙৰ পবিতৰা অভয়াৰণ্য। গুৱাহাটী মহানগৰৰ সমীপৰ তথা মৰিগাঁও জিলাৰ এক মাত্ৰ এশিঙীয়া গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ পৰিবেশ এতিয়া উদুলি-মুদুলি।

অভয়াৰণ্যখনত থকা জলাশয়লৈ সুদুৰ আষ্ট্ৰেলিয়া,কানাডা আৰু ছাইবেৰীয়াৰ পৰা ঢাপলি মেলি অহা পৰিভ্ৰমী চৰাইৰ মন প্ৰাণ পুলকিত কৰা দৃষ্টিনন্দন তথা মনোৰম দৃষ্য উপভোগ কৰিবলৈ পবিতৰা অভয়াৰণ্যলৈ সোঁত বৈছে পৰ্যটকৰ।

তাৰোপৰি পূৰ্ৱৰ দৰে পবিতৰা অভয়াৰণ্যৰ গড়, বনৰীয়া ম’হ, পহু,বাঘ, গাহৰি, বিবিধ সাপ আদি চাবলৈ পৰ্যটকৰ অস্বাভাৱিক ভিৰ পৰিলক্ষিত হৈছে।

ফ’টো:- নৰ্থ ইষ্ট নাও

প্ৰতি বছৰে নবেম্বৰৰ পৰা জানুৱাৰী মাহলৈ এই আলহী পক্ষীৰ আগমণ ঘটে অভয়াৰণ্যখনলৈ। আলহী পক্ষীৰ কলৰৱত মুখৰিত এনে নয়নাভিৰাম দৃশ্য উপভোগ কৰাৰ লগতে হাতী আৰু জিপ ছাফাৰিৰে আপুৰুগীয়া এশিঙীয়া গড় প্ৰত্যক্ষ কৰাৰ সুযোগ লোৱাৰ লগতে ‘হাডুক’ বিলৰ ওপৰত থকা ওলমা সেঁতুত উঠিও পৰ্যটকসকলে বিলত বিচৰণ কৰা বিবিধ পৰিভ্ৰমী পক্ষীৰ বিৰল দৃশ্য উপভোগ কৰিছে।

মনকৰিবলগীয়া যে, বিগত সময়ত ক’ৰ’ণাসৃষ্ট পৰিবেশৰ বাবে অভয়াৰণ্যখন পৰ্যটকৰ বাবে বন্ধ হৈ আছিল যদিও পৰিবেশ কিছু সলনি হোৱাত চৰকাৰ তথা অভয়াৰণ্যৰ কৰ্তৃপক্ষই অভয়াৰণ্যখনৰ দুৱাৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াত স্বাভাৱিকতে সন্তুষ্টি প্ৰকাশ কৰিছে পৰ্টকসকল।

আনহাতে বিগত সময়ত কা’ বিৰোধ আন্দোলন, বানপানী আৰু শেহতীয়াকে ক’ৰ’ণাসৃষ্ট পৰিবেশৰ বাবে ৰাজ্যৰ পৰ্যটন উদ্যোগটো অন্যান্য দিশৰ লগতে পবিতৰা অভয়াৰণ্যৰো ৰাজহ আয়ৰ ক্ষেত্ৰত স্থবিৰতা আহিছিল।

ফ’টো:- নৰ্থ ইষ্ট নাও

পুনৰ দেশী-বিদেশী পৰ্যযটকৰ আগমণত প্ৰাণ পাই উঠিছে অভয়াৰণ্যখনে। তাৰ সমান্তৰালভাৱে পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত স্থানীয় হোটেল, ৰি’জৰ্ট আদি সংস্থাসমূহৰ মুখলৈও এতিয়া আহিছে কিছু আশাৰ ৰেঙণি।

উল্লেখ্য যে উপৰ্যুপৰি বানপানীয়ে জুৰুলা কৰা অভয়াৰণ্যখনি পুনৰ পৰ্যটকৰ বাবে অভয়াৰণ্য কৰ্তৃপক্ষই আটোম-টোকাৰিকৈ সজায় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত কৰি গঢ়ি তুলাৰ বাবেও পৰ্যটকসকলে ভূঁয়সী প্ৰশংসা কৰা বুলি জানিব পৰা গৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd