ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সহযোগত অহা ১১ডিচেম্বৰত দেশৰ বিভিন্ন জিলাৰ লগতে বঙাইগাঁৱতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব।,
পূৰ্ৱৰ তুলনাত এইবাৰ অলপ ব্যতিক্ৰমভাৱে লোক আদালত অনুষ্ঠিত কৰা হ’ব।
কোভিড পৰিস্থিতিৰ বাবে দেশৰ বিভিন্ন আদালতত বৃহৎ সংখ্যক গোচৰ বিচাৰাধীন অৱস্থাত আছে আৰু ক্ৰমে ক্ৰমে বৰ্ধিত হৈ আছে।ফলস্বৰূপে সাধাৰণ নাগৰিকৰ নিজৰ নিজৰ গোচৰ নিষ্পত্তিত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে।
উক্ত সমস্যাৰ ওপৰত গুৰুত্ব দি মহামান্য উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে অধিক গোচৰ নিষ্পত্তিত জোৰ দিছে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনাত এইবাৰ প্ৰথাগত প্ৰক্ৰিয়া ভাঙি “প্ৰাক-লোক আদালত সমঝোতা মীমাংসা বৈঠক”( PRELOK ADALAT CONCILIATION SETTINGS) ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই ব্যৱস্থাৰ মাধ্যমত প্ৰতিদিনে গোচৰৰ উভয়পক্ষৰ মাজত সমঝোতাকাৰী অধিৱক্তাৰ মধ্যস্থতাত বৈঠক চলি আছে।গোচৰৰ উভয়পক্ষই যাতে গোচৰ মীমাংসাৰ স্বাৰ্থত অধিক সুযোগ পায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
মটৰ দুৰ্ঘটনা ক্ষতিপূৰণ গোচৰ,চেক বাউঞ্চজনিত অপৰাধ গোচৰ, আইনত মীমাংসা হ’ব পৰা অপৰাধজনিত গোচৰ আৰু গাৰ্হস্থ্য হিংসা তথা খোৰাকীজনিত গোচৰৰ বিচাৰাধীন গোচৰ আদি নিষ্পত্তিৰ বাবে এই লোক আদালতত হাতত লোৱা হৈছে।
এইবিলাকৰ উপৰিও ভৱিষ্যতে দাখিল হোৱাৰ সম্ভাৱনা থকা গোচৰ নিষ্পত্তিৰ বাবে হাতত লোৱা হৈছে।
তাৰ মাজত আছে বেংকৰ ঋণ আদায় জড়িত গোচৰ, বিদ্যুৎ বিভাগৰ বকেয়া মাচুল আদায় জড়িত গোচৰ আৰু ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ বকেয়া মাচুল আদায় জড়িত গোচৰ।
উক্ত গোচৰসমূহত প্ৰাক লোক আদালত সমঝোতা বৈঠকৰ ব্যৱস্থা কৰা হৈছে।বৈঠকত মধ্যস্থতাকাৰীসকলৰ হস্তক্ষেপত আলোচনাৰ মাধ্যমত মামলা নিষ্পত্তি কৰা হ’ব যাতে ভৱিষ্যতে আদায়জনিত মামলা আদালতত দাখিল কৰিব লগা নহয়।
বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা ব্যৱস্থা কৰা এই প্ৰাক লোক আদালত সমঝোতা বৈঠকত যোগদান কৰি নিজৰ গোচৰ নিষ্পত্তিৰ সুযোগ গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে।