• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪ সংখ্যক প্ৰকৃতি শিৱিৰ: ১৩খন বিদ্যালয়ৰ ৪০গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , February 15, 2021 8:57 am

2 min read

Noi.21

ফটো: নৰ্থইষ্ট নাও।

111
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়াকৈ আয়োজিত ১৪ সংখ্যক প্ৰকৃতি শিৱিৰৰ দেওবাৰে সামৰণি পৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নেতৃত্বত প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি,কৰবেট ফাউণ্ডেশ্যন, ভূমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগিতাত ১৩ ফেব্ৰুৱাৰীত নেচাৰ্চ অৰিয়েন্টেশ্যন ইনিচিয়েটিভ নামৰ এই প্ৰকৃতি শিৱিৰৰ শুভাৰম্ভ হয়।

এই শিৱিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫ টা বনাঞ্চলৰ ২৮ খন গাওঁৰ ১৩ খন বিদ্যালয়ৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে ৷

উদ্বোধনী অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱ কুমাৰৰ লগতে জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, বিশ্ব প্ৰকৃতি নিধিৰ ড৹ প্ৰনৱ জ্যোতি বৰ , ৱাইল্ড লাইফ ট্ৰাষ্টৰ ডা৹ ভাস্কৰ চৌধুৰী আৰু উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা আৰু প্ৰদীপ কুমাৰ বাৰ্মা উপস্থিত থাকে ৷

একেদৰে ১৪ ফেব্ৰুৱাৰীৰ বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা সমাৱৰ্তন সমাৰোহত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,কেম্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক মান বৰুৱা,পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, শিৱসাগৰৰ বনসংমণ্ডলৰ ডি এফ অ’ জয়শ্ৰী নাইডুংগে, জ্যেষ্ঠ সাংবাদিক স্বপন নাথ আৰু দেৱাশীষ বৰুৱা উপস্থিত থাকে ৷

এই অনুষ্ঠানতে শিৱিৰত অংশগ্ৰহণ কৰা ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয় ৷ দুয়ো দিন অনুষ্ঠানৰ আঁত ধৰে গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই ৷

২০০৭ চনৰ পৰা চলি এই বাৰ্ষিক প্ৰকৃতি শিৱিৰত ছাত্ৰ-ছাত্ৰী সকলক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগতে ক্ষেত্ৰ অধ্যয়ন, পৰিবেশ শিক্ষাৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ লগতে পৰিবেশ শিক্ষাৰ ধেমালীৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেখুৱা হয় ৷

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd