NORTHEAST NOW (Assamese)

যাবলৈ খুজিও থমকিব দুভৰি….. টিকি থাকিল অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ সংসাৰ

March 9, 2021 8:02 pm · এন ই নাও নিউজ

অৱশেষত সংসাৰ টিকি থাকিল বলিউডৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ।

এবছৰ পূৰ্বে অভিনেতাজনলৈ পত্নী আলিয়াই বিচ্চেদৰ জাননিপত্ৰ প্ৰেৰণ কৰিছিল।

বিচ্চেদৰ কাৰণ হিচাপে আলিয়াই কৈছিল যে নৱাজুদ্দিনৰ ভাতৃ ছামাছে তেওঁক অত্যাচাৰ কৰি আহিছিল।

কিন্তু আলিয়াই এতিয়া সিদ্ধান্ত সলনি কৰি বিচ্ছেদৰ জাননিখন উঠাই লৈছে।

উল্লেখযোগ্য যে আলিয়াৰ কভিড পজিটিভ হৈছিল।

সিদ্ধান্ত সলনিৰ কাৰণ হিচাপে তেওঁ কয় যে তেওঁ কভিড পজিটিভ হোৱাৰ পাছত অভিনেতাজনে তেওঁলোকৰ সন্তানৰ লগতে তেওঁকো প্ৰতিপালন কৰাৰ বাবে আলিয়াৰ পুনৰ নৱাজুদ্দিনক ভাল লাগে।

”তেওঁ আমাৰ প্ৰাৰ্থক্যবিলাক আঁতৰাই ৰাখি মোক চোৱা-চিতা কৰিছিল। যেতিয়াই মই মানসিক চাপত থাকো, তেতিয়াই তেওঁ মোক সহায় কৰিছিল। এই মহামাৰীটোৱে মোৰ চকু মুকলি কৰি দিলে। আমাৰ সন্তানৰ বাবে আমি প্ৰয়োজন।”- আলিয়াই কয়।

৪৬ বছৰীয়া নৱাজুদ্দিনৰ স’তে আলিয়াই দহ বছৰধৰি সংসাৰ কৰি আহিছে।

সংসাৰৰ ফলস্বৰুপে য়ানী আৰু শ্ব’ৰা নামৰ দুটা সন্তানো তেওঁলোকৰ আছে।

বৰ্তমান তেওঁলোকে পৃথকে পৃথকে আছে।

এই সন্দৰ্ভত অভিনেতাজনে কয় যে তেওঁ পত্নীৰ খেয়াল ৰাখি যাব আৰু এইক্ষেত্ৰত তেওঁ দুই সন্তানক প্ৰাধান্য দিছে।

বৰ্তমান অভিনেতাজন ‘ন মেনছ লেণ্ড’ আৰু ‘জাগিৰা চাৰা ৰা ৰা’ নামৰ চিনেমা দুখনৰ কামত ব্যস্ত আছে।

Related News