লক্ষ্য মোডী চৰকাৰক ‘উৎখাত’; পুনৰ জুলাইত বেংগালুৰুত বিৰোধী দলসমূহৰ মহা বৈঠক

লোকসভা নিৰ্বাচনলৈ লক্ষ্য! পাটনাৰ পৰা “ইতিহাস আৰম্ভ” হোৱা বুলি পূৰ্বৰ বৈঠকত বিৰোধীয়ে ইংগিত দিছিল। এইবাৰ জনা গৈছে যে বিৰোধী ৰাজনৈতিক দলসমূহে পুনৰ এখন মহা বৈঠক অনুষ্ঠিত কৰিবলৈ ওলাইছে।

এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে কয় যে বিৰোধী দলসমূহৰ পৰৱৰ্তী বৈঠক ১৩ আৰু ১৪ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ’ব। এই বৈঠকত কোন কোন ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক: শেষ সুযোগ! কাইলৈ পান-আধাৰ লিংকৰ অন্তিম দিন; নহ’লে কি হ’ব?

উল্লেখ্য যে ২৪’ ৰ লোকসভা নিৰ্বাচনলৈ তীক্ষ্ণ দৃষ্টি ৰাখি যুদ্ধক্ষেত্ৰত জপিয়াই পৰিবলৈ আগবাঢ়িছে আটাইকেইটা ৰাজনৈতিক দলে। যোৱা নিশা প্ৰধানমন্ত্ৰীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। সূত্ৰ অনুসৰি, তাত লোকসভাকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ইফালে, দুটা কাৰ্যকালৰ পাছত মোডী চৰকাৰ যাতে পুনৰ ঘূৰি নাহে সেয়া নিশ্চিত কৰিবলৈ বিৰোধী দলসমূহ তৎপৰ হৈ পৰিছে।

শেহতীয়াকৈ নীতিশ কুমাৰৰ উদ্যোগত পাটনাত এখন মহা বৈঠকৰ আয়োজন কৰা হৈছিল। তাত উপস্থিত আছিল ১৫টা অবিজেপি দল। প্ৰায় ৩০ জন প্ৰতিনিধিয়ে সভাত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত বিহাৰৰ মুখ্যমন্ত্রীয়ে কৈছিল যে আগন্তুক দিনত দলসমূহে একেলগে লোকসভাত যুঁজ দিয়াৰ প্রতিশ্রুতি দিছে৷

নীতিশ কুমাৰে কৈছিল যে আগন্তুক দিনত আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিম।সকলোৱে লোকসভাত একেলগে যুঁজ দিয়াটো উচিত বুলি ভাবে। লগতে শিমলাত বিৰোধীৰ মহা বৈঠক অনুষ্ঠিত হ’ব বুলিও অৱগত কৰে। কংগ্ৰেছৰ হৈ তাত ৰাষ্ট্ৰপতি মল্লিকাৰ্জুন খৰ্গে উপস্থিত থাকিব বুলিও জনোৱা হৈছিল।

লগতে পঢ়ক: বিজেপি শাসিত মণিপুৰত আৰক্ষীয়ে আৱদ্ধ কৰিলে ৰাহুল গান্ধীৰ কনভয়; শৰণাৰ্থী শিবিৰলৈ যোৱাত বাধা

ইফালে সৰ্বদলীয় বৈঠকত মিত্ৰতাৰ ভিত্তি প্ৰস্তুত কৰা হৈছে যদিও আসন বুজাবুজিৰ পৰা আৰম্ভ কৰি যিবোৰ বিষয়ত আলোচনা হ’ব আৰু মিত্ৰতাৰ ৰূপৰেখা কি হ’ব, সেইবোৰৰ ওপৰত আলোচনা হোৱা নাই। সামগ্ৰিক প্ৰেক্ষাপটত পৰৱৰ্তী বিৰোধী বৈঠকখন অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।