স্ব-ৰাজ্যৰ জ্বলন্ত সমস্যা নিজৰ মুখ্য মন্ত্ৰীৰ আগত দাঙি ধৰাত বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বাধা দিয়াৰ অভিযোগত মঙলবাৰে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় প্ৰতিবাদত উত্তাল কৰি তোলে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীয়ে।
অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ মুখ্য মন্ত্ৰী উপস্থিত থকা এ’ বি ভি পি আয়োজিত এখন সভাত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীক মত বিনিময় দূৰৰে কথা প্ৰৱেশতে এবিভিপিয়ে বাধা দিয়াক কেন্দ্ৰ কৰিয়েই মঙলবাৰে সৃষ্টি হয় এই প্ৰতিবাদৰ।
জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ কইনা ছাত্ৰাবাসত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত মঙলবাৰে ‘ইশান উদয়ঃ ব্ৰীজিং দ্য হাৰ্ট’ নামৰ এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। অনুষ্ঠানটোত উপস্থিত আছিল অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু আৰু মনিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং।
Yesterday in JNU, ABVP verbally abused the entire northeast students community by using some extremely offensive, patronising and derogatory remarks. In this video, the common students from Assam who were present during the incident exposes ABVP, and their prejudice against people from India's northeast. We are mere common students not affiliated to any political organisations, and we demand that ABVP must apologise to the northeast community in JNU for their behaviour.#ABVPMustApologiseRead about the incident here – https://facebook.com/story.php?story_fbid=1072549569587070&id=854840158024680&ref=notif_textonly
Posted by Assam Study Circle, JNU on Wednesday, August 29, 2018
নিজ নিজ ৰাজ্যৰ জ্বলন্ত সমস্যাক লৈ তিনি মুখ্য মন্ত্ৰীৰে মত-বিনিময় কৰিব বিচাৰিছিল উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলে। কিন্তু মুখ্য মন্ত্ৰীৰে মত-বিনিময়ৰ অনুমতি নিদি আনকি সভাতে প্ৰৱেশ কৰিবলৈ নিদিয়াত ব্যাপক প্ৰতিবাদ কৰে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলে।
তিনি মুখ্য মন্ত্ৰীৰ উপস্থিত্তে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু দীনদয়াল উপাধ্যায় মহাবিদ্যালয় স্থাপনৰ বিৰোধিতা কৰে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলে।
আনহাতে প্ৰতিবাদমুখৰ উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলক বাংলাদেশীৰ সমৰ্থক, নক্সাল বুলি গালি-গালাজ দি শ্ল’গান দিয়ে একাংশ এবিভিপি সদস্যই।