Agnipath: ‘অগ্নিপথ’ বিতৰ্কৰ প্ৰভাৱ গোৰ্খা ৰেজিমেণ্টত; নিযুক্তি স্থগিত ৰাখিব বিচাৰিছে নেপালে

Nepal stalls recruitment of Gorkha soldiers in Indian Army গোৰ্খাসকলক ‘অগ্নিপথ’ প্ৰকল্পৰ জৰিয়তে ভাৰতীয় সেনাত নিয়োগ কৰা নহয়। নেপালে এইক্ষেত্ৰত নতুন দিল্লীক নিজৰ আপত্তি জনাইছে। কেৱল এয়াই নহয়, কাঠমাণ্ডুৱে সেনাবাহিনীত গোৰ্খাসকলৰ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈও অনুৰোধ জনাইছে।

ভাৰতীয় সেনাই বৃহস্পতিবাৰৰ পৰা এই প্ৰকল্পটোৰ জৰিয়তে গোৰ্খাসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি নেপালৰ আপত্তি থাকিলেও এই পৰিস্থিতিত ইয়াক আৰু পলম কৰা সম্ভৱ নহয়।

লগতে পঢ়ক: ৰিঙত বাগৰি পৰাৰ পিছত মৃত্যুক সাৱটিলে অৰুণাচলৰ ২৪ বছৰীয়া কিকবক্সাৰ ইয়োৰা টাডে

কূটনৈতিক বিশেষজ্ঞসকলে দাবী কৰে যে যদি কাঠমাণ্ডুয়ে এই ক্ষেত্ৰত কোনো পদক্ষেপ লয় তেন্তে নেপালত ‘অগ্নিপথ’ প্ৰকল্প স্থবিৰ হৈ পৰিব। একে সময়তে, ব্ৰিটিছ যুগৰ পৰা চলি অহা ভাৰতীয় সেনাৰ আটাইতকৈ সাহসী ৰেজিমেণ্টটো হেৰুওৱাৰ আশংকা আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে বৃহস্পতিবাৰে কয় যে ভাৰতীয় সেনাই ‘অগ্নিপথ’ প্ৰকল্পৰ জৰিয়তে নেপালৰ পৰা গোৰ্খাসকলক নিযুক্তি দিবলৈ গৈ আছে। কিন্তু ইয়াৰ মাজতে কাঠমাণ্ডুৰ ‘অগ্নিপথ’ৰ ওপৰত আপত্তি সন্মুখলৈ আহিল।

নেপালৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে দেশখনত থকা ভাৰতীয় ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তক আঁচনিখনৰ জৰিয়তে গোৰ্খাসকলৰ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছে। এই প্ৰকল্পৰ জৰিয়তে ভাৰতীয় সেনাত নিযুক্তিৰ ঘোষণাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী আন্দোলন আৰম্ভ হয়।

সূত্ৰ অনুসৰি, কাঠমাণ্ডুৱে নৰেন্দ্ৰ মোডী চৰকাৰৰ পৰা এই সন্দৰ্ভত ব্যাখ্যা বিচাৰিছে। তেওঁলোকৰ প্ৰশ্ন হৈছে য’ত ভাৰততেই এই প্ৰকল্পটোৰ বিৰুদ্ধে ইমান আন্দোলন হৈছে, ইয়াৰ জৰিয়তে নেপালত গোৰ্খাসকলক নিযুক্তি দিয়াৰ যুক্তি ক’ত?

লগতে পঢ়ক: বিশ্বত প্ৰথম! একেলগে মাঙ্কিপক্স, কোভিড, এইচআইভি- তিনিওটা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ল এক ব্যক্তি

ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে অহা মাহত নেপাল ভ্ৰমণ কৰিব। বিশেষজ্ঞসকলে দাবী কৰিছে যে তেওঁ ‘অগ্নিপথ’ সন্দৰ্ভত নেপাল চৰকাৰৰ প্ৰশ্নৰ সন্মুখীন হ’ব লগাত পৰিব পাৰে।

নতুন দিল্লীয়ে ১৯৪৭ চনৰ ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে নেপালৰ গোৰ্খাসকলক ভাৰতীয় সেনাত নিয়োগ কৰি আহিছে। একে বছৰতে নেপালে ভাৰত আৰু ব্ৰিটেইনৰ সৈতে গোৰ্খাসকলক ভাৰতীয় সেনাত সেৱা আগবঢ়োৱাৰ অনুমতি দিয়াৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে। তাত কোৱা হৈছে যে ভাৰতীয়সকলৰ দৰে, গোৰ্খাসকলেও একে দৰমহা, পেঞ্চন আৰু আন সকলো সুবিধা লাভ কৰিব।

কাঠমাণ্ডুই দাবী কৰিছে যে নতুন দিল্লীয়ে চুক্তি ভংগ কৰিছে। সেনাবাহিনীত সেৱা কৰাৰ বাবে বহুতো গোৰ্খা ভাৰতত থাকি গৈছে। এই আঁচনিৰ জৰিয়তে নিযুক্তিৰ ৪ বছৰৰ পিছত বহাই দিয়া সকলৰ ভৱিষ্যত কি? নেপাল চৰকাৰে এই প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক: মাদ্ৰাছা শিক্ষকৰ বিৰুদ্ধে পত্নীক তলা বন্ধ কৰি ৰাখি শাৰীৰিক,মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

মোডী চৰকাৰে ‘অগ্নিপথ’ আঁচনিৰ জৰিয়তে ভাৰতীয় সেনাত জোৱান নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। কোৱা হৈছে যে এই প্ৰকল্পৰ জৰিয়তে চাৰি বছৰৰ বাবে চুক্তিৰ ভিত্তিত সেনাবাহিনীত নিযুক্তি দিয়া হ’ব। যিসকলে নিযুক্তি পত্ৰ লাভ কৰে তেওঁলোকক ‘অগ্নিবীৰ’ বুলি কোৱা হ’ব। চাৰি বছৰৰ পিছত ইয়াৰ মাত্ৰ ২৫ শতাংশ সেনাত অন্তৰ্ভুক্ত কৰা হ’ব। বাকী ৭৫ শতাংশ প্ৰায় ১০ লাখৰ আশে পাশে টকা দিয়া হ’ব। সেয়া সম্পূৰ্ণৰূপে কৰ-মুক্ত হ’ব। এইবাৰ নেপালে এই ৭৫ শতাংশৰ ভৱিষ্যত কি হ’ব বুলি প্ৰশ্ন উত্থাপন কৰিছে।