• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজনৈতিক সংকট! সংসদ ভংগৰ অনুমোদন দিলে নেপালৰ ৰাষ্ট্ৰপতিয়ে; ঘোষণা কৰিলে নিৰ্বাচনৰ দিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2020 11:31 am

2 min read

oli with ministers

মন্ত্ৰীমণ্ডলীৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰী অ'লি।

15.3k
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন চৰ্চা চলি থকাৰ মাজতে দেওবাৰে নেপালৰ সংসদ ভংগ কৰি দিয়া হৈছে। ৰাষ্ট্ৰপতি বিদ্যাদেবী ভাণ্ডাৰীয়ে দুটা পৰ্যায়ত ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন ঘোষণা  কৰিছে।

ইয়াকে লৈ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ তথা আন নিৰ্বাচনী বিষয়াসকলৰ সৈতে প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে বৈঠক অনুষ্ঠিত কৰে।

শাসকীয় দল নেপালৰ কমিউনিষ্ট পাৰ্টিৰ ভিতৰত সৃষ্টি হোৱা চাপৰ মাজতে দেওবাৰে প্ৰধানমন্ত্ৰী অ’লিয়ে সংসদ ভংগৰ প্ৰস্তাৱ দিয়ে।

মন্ত্ৰীসভাৰ জৰুৰী বৈঠকত সেই প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতি বিদ্যাদেবীয়ে লগে লগেই এই প্ৰস্তাৱত অনুমোদন দিয়ে।

মন্ত্ৰীমণ্ডলৰ প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিনো ঘোষণা কৰা হৈছে। সেই অনুসৰি, নতুন বছৰৰ ৩০ এপ্ৰিল আৰু ১০মে’ত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী অ’লিয়ে দেশৰ নিৰাপত্তা বিষয়ৰ মুৰব্বীৰ সৈতেও আলোচনাত বহে। ইয়াৰ মাজতে অ’লি মন্ত্ৰীসভাৰ পাঁচগৰাকী সদস্যই পদত্যাগো কৰে।

উল্লেখ্য যে যোৱা মঙলবাৰে এখন অধ্যাদেশ জাৰি কৰি কোনো গুৰুত্বপূৰ্ণ নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ নিজৰ হাতলৈ নিছিল প্ৰধানমন্ত্ৰী অ’লিয়ে। কিন্তু পৰৱৰ্তী দিনটোতে শাসকীয় দলৰ ষ্টেণ্ডি কমিটিয়ে এটা প্ৰস্তাৱ গৃহীত কৰি অ’লিক সেই অধ্যাদেশ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছিল।

ইয়াৰ পাছতে অ’লিয়ে বিভিন্ন নেতাৰ সৈতে আলোচনা কৰি পৰিস্থিতি চম্ভালাৰ চেষ্টা  কৰিছিল যদিও সংকটৰ চাপ ক্ৰমে গভীৰ হৈ পৰা দেখা গৈছিল।

ৰাষ্ট্ৰপতি বিদ্যাদেবীয়ে প্ৰধানমন্ত্ৰী অ’লিক শনিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত সাক্ষাতৰ সময়ত সংসদ ভংগ নকৰাৰ পৰামৰ্শ দিছিল যদিও অ’লিয়ে সিদ্ধান্ত সলনি নকৰিলে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd