নিজৰ বাৰীৰ হালধি গছৰ তলত এটি নৱজাতকৰ উদ্ধাৰ হোৱা ঘটনাকলৈ আজি পুৱাই বোকাখাতত চাঞ্চল্যৰ সৃষ্টি হয় ৷ পুৱা বোকাখাতৰ গড়মূৰ বৰটিকা গাওঁৰ বাবা গগৈ নামৰ লোকজনৰ ঘৰৰ চৌহদত উদ্ধাৰ হয় এটি সদ্যজাত কন্যা শিশুৰ ৷
অবৈধ মাতৃত্বৰ বোজা বহন কৰিব নোৱাৰি কোনোৱে গগৈৰ ঘৰৰ কাষৰ হালধি গছৰ গুৰিত সদ্যজাত শিশুটিক এৰি থৈ যোৱা ঘটনাক লৈ হৱা দুৱা লাগে ৷ স্থানীয় মহিলাসকলৰ মাজত ঘটনাটৱে বিশেষভাৱে চাঞ্চল্যৰ সৃষ্টি কৰে ৷
আনহাতে, কিছুসময় পাছতে উৰহী গছৰ ওৰ ওলাই পৰে ৷ অবৈধ কন্যা সন্তানটি বাবা গগৈৰ কন্যা টুলুমণি গগৈৰ বুলি স্থানীয় মহিলা সকলে দাবী কৰে ৷ ইয়াৰ পাছতে স্থানীয় লোকে টুলুমনি গগৈ আৰু সদ্যজাত কন্যা সন্তানটিক বোকাখাত অসামৰিক চিকিৎসালয়লৈ লৈ আনে ৷
ইপিনে চিকিৎসকে সন্তানতো তিনি ঘন্টাৰ পুৰ্বে প্ৰসৱ কৰা আৰু টুলু মনি গগৈৰ বুলি নিশ্চিত কৰে ৷ অবৈধ মাতৃত্বৰ বোজা ঢাকিবৰ বাবেই পুৱাই বাবা গগৈৰ কন্যাই এই অমানুষিক কাণ্ড কৰাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৷