NORTHEAST NOW (Assamese)

অসমৰ মানচিত্ৰত ৩৪ সংখ্যক জিলা হিচাপে আনুষ্ঠানিকভাৱে অন্তৰ্ভূক্ত হ’ল বজালী

January 13, 2021 10:52 am · এন ই নাও নিউজ

বজালী মহকুমাক আনুষ্ঠানিকভাৱে নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে।

মঙলবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এই সম্পৰ্কত এখন জাননী প্ৰকাশ কৰে।

বজালীক জিলা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে ই অসমৰ ৩৪ সংখ্যক জিলা হিচাপে পৰিগণিত হয়।

পূৰ্বতে বজালী বৰপেটা জিলাৰ অন্তৰ্ভূক্ত আছিল।

ইয়াৰ পূৰ্বে ২০২০ চনৰ আগষ্ট মাহত অসম চৰকাৰে বজালীক জিলা হিচাপে ঘোষণা কৰাৰ এক নিৰ্দেশ জাৰি কৰিছিল।

ৰাজ্যপালৰ আনুষ্ঠানিক নিৰ্দেশনালৈ সকলোৱে অপেক্ষা কৰি আছিল আৰু ভোগালী বিহুৰ পূৰ্বে ৰাজ্যপালে বজালীক আনুষ্ঠানিকভাৱে অসমৰ ৩৪ সংখ্যক জিলা হিচাপে ঘোষণা কৰে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বজালীক নতুন জিলা হিচাপে ঘোষণা কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে।

সোণোৱালে বজালীৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু বজালীক জিলা হিচাপে ঘোষণা কৰাৰ পাছত জিলাখনৰ বিকাশৰ গতি অধিক তৰন্বিত হ’ব বুলি কয়।

Related News