• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰায় তিনিটা দশকৰ অন্তত দেশত নতুন শিক্ষা নীতি: কি আছে নতুন শিক্ষা নীতি-২০২০ত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2020 10:43 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় কেবিনেটে আজি নতুন শিক্ষা নীতি-২০২০ত অনুমোদন জনায়। ১৯৮৬ চনতে গৃহীত ৰাষ্ট্ৰীয় শিক্ষা নীতি সংশোধন ঘটোৱা হৈছিল ১৯৯২ চনত।

ইয়াৰ পিছত প্ৰায় তিনিটা দশকৰ ধৰি শিক্ষা নীতিৰ কোনো সংশোধন ঘটোৱা হোৱা নাছিল।

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত বৰ্ষৰ মে’ মাহত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আমূল পৰিৱৰ্তন ঘটোৱা হ’ব বুলি ইংগিত দিছিল।

তাৰেই ফলশ্ৰুতিত আজি কেন্দ্ৰীয় কেবিনেটে শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনি কৰাৰ লগতে নতুন শিক্ষা নীতিতো অনুমোদন জনায়।

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে অনুমোদন জনোৱা নতুন শিক্ষা নীতি-২০২০ কি আছে বাৰু চাওঁ আহকচোন—

  • শ্ৰেণী শেষ হোৱাৰ পিছত বিদ্যালয় চৌহদ ব্যৱহাৰ হ’ব প্ৰাপ্ত বয়স্কৰ শিক্ষাতঃ নতুন শিক্ষা নীতি অনুসৰি বিদ্যালয়ৰ শ্ৰেণী সমূহ অন্ত পৰাৰ পিছত বিদ্যালয়ৰ কোঠা,পুথিভঁৰাল আদি প্ৰাপ্ত বয়স্কৰ শিক্ষাত ব্যৱহাৰ কৰা হ’ব।
  • বৃত্তিমুখী পাঠ্যক্ৰমত অধিক গুৰুত্ব আৰোপঃ বৃত্তিমুখী পাঠ্য ক্ৰম যেনে কাঠ মিস্ত্ৰীৰ কাম,ধাতুৰ কাম,উদ্যানৰ কাম,মৃৎ শিল্প আদিত গুৰুত্ব
  • কেন্দ্ৰীয় বিদ্যালয়ত প্ৰাক-বিদ্যালয় শাখা স্থাপনঃ দেশৰ প্ৰতিখন কেন্দ্ৰীয় বিদ্যালয়ত কমেও এবছৰৰ বাবে শিশুৰ যতন আৰু শিক্ষাৰ বাবে প্ৰাক-বিদ্যালয় শাখা স্থাপন। দেশৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়তে এই ব্যৱস্থা।
  • উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা দপ্তৰৰ অধীনত এন চি চিৰ শিক্ষাঃ  প্ৰতিৰক্ষা দপ্তৰৰ অধীনত ৰাজ্য চৰকাৰ সমূহে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এন চি চি শিক্ষাৰ ব্যৱস্থা কৰিব।
  • জৱহৰ নৱোদয় বিদ্যালয়ত আৰ্থিক ভাৱে পিছ পৰা শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থা।
  • ডিজিটেল আৰু অন লাইন শিক্ষাৰ ব্যৱস্থাঃ বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানত ডিজিটেল আৰু অন লাইন শিক্ষাত গুৰুত্ব প্ৰদান।
  • জলপানিৰ সঠিক বিতৰণ নিশ্চিত কৰিবলৈ নেছনেল স্কলাৰশ্বিপ প’ৰ্টেল মুকলিৰ প্ৰস্তাৱঃ অনূসুচিত জাতি, জনজাতি,অন্যান্য পিচ পৰা শ্ৰেণীৰ শিক্ষাৰ্থী সকলে সঠিক ভাবে জলপানি লাভ কৰিছেনে নাই সেয়া নিৰীক্ষণ কৰিবলৈ নেছনেল স্কলাৰশ্বিপ প’ৰ্টেল মুকলি কৰা হ’ব।
  • শিক্ষকতাৰ বাবে নূন্যতম অৰ্হতা -৪ বছৰীয়া সংহত বি এড ডিগ্ৰীঃ  ২০৩০ চনৰ ভিতৰত শিক্ষকতা কৰাৰ বাবে শিক্ষক এগৰাকীৰ ৪ বছৰীয়া সংহত বি এড ডিগ্ৰী থাকিব লাগিব।
  • নতুন শিক্ষা নীতিৰ গুৰুত্বপূৰ্ণ কথাটো হ’ল- পঞ্চম শ্ৰেণী লৈকে ভাৰতীয় ভাষাত শিক্ষা দান আৰু তাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী ইংৰাজী ঐচ্ছিক বিষয় হিচাপে গণ্য কৰা হ’ব।।
  • হায়াৰ এডুকেশ্বন আয়োগ গঠনঃ মেডিকেল আৰু আইনৰ শিক্ষাক বাদ দি আন উচ্চ শিক্ষাৰ ক্ষেত্ৰত হায়াৰ এডুকেশ্বন কমিছন অৱ ইণ্ডিয়া গঠন কৰা হ’ব।এই আয়োগৰ চাৰিটা বিশেষ শাখা থাকিব।
  • দেশৰ শিক্ষা খণ্ডত মাতৃভাষা, আধুনিক ভাৰতীয় ভাষা, আঞ্চলিক ভাষা আৰু সংস্কৃত ভাষাক গুৰুত্ব প্ৰদান কৰা হ’ব।
  • ছাত্ৰ ছাত্ৰীৰ উদ্ভাৱনী শক্তিৰ বিকাশত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হ’ব।
  • শিক্ষাৰ বিভিন্ন স্তৰত পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা হ’ব।
  • আধুনিক ভাৰতীয় ভাষা, আঞ্চলিক ভাষা আৰু সংস্কৃত ভাষাৰ বহুল প্ৰচাৰৰ বাবে ‘Indian Institute of Translation and Interpretation’ গঠন হ’ব। উচ্চ সমাজ বিজ্ঞান, গণিতৰ জটিল তত্ত্বসমূহৰ ভাৰতীয় ভাষাত সঠিক তৰ্জমা আৰু বাখ্যা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব এই প্ৰতিষ্ঠানে।
  • ত্ৰিভাষাৰ ক্ষেত্ৰত সংস্কৃত অতি গুৰুত্বপূৰ্ণ ভাষা হ’ব।
  • কিতাপ, দৃশ্য-শ্ৰাব্য সমল সমূহ ভাৰতীয় ভাষাত উপলব্ধ কৰি শিক্ষাৰ্থীক সহজে জ্ঞান প্ৰদানৰ চেষ্টা চলোৱা হ’ব।
  • শিক্ষা দানৰ ক্ষেত্ৰত ভাৰতীয় ভাষা, সংগীত, কলা, দৰ্শন আদিৰ ক্ষেত্ৰত গুৰুত্ব  দিয়া হ’ব।
  • ৪ বছৰীয়া ‘all inclusive inter disciplinary B. Ed course’ আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।
  • Objective আৰু Descriptive দুই ভাগত বিভক্ত হ’ব শিক্ষান্ত পৰীক্ষা সমূহ। বোৰ্ডৰ পৰীক্ষা সমূহতো কিছু সাল-সলনি ঘটোৱা হ’ব।
  • জ্ঞান বৃদ্ধিৰ বাবে ছাত্ৰী ছাত্ৰ সকলে পাঠদানৰ পৰা কিছু দিন বিৰতিলৈ শিক্ষামূলক ভ্ৰমণ কৰিব পাৰিব ।
  • নতুন শিক্ষা নীতিৰ অধীনত দেশৰ ৪৫,০০০ মহাবিদ্যালয়ক অধিক বিত্তীয় ক্ষমতা প্ৰদান কৰাৰ দিহা কৰা হ’ব।
  • দেশৰ সকলো মহাবিদ্যালয়ত নামভৰ্তিৰ কাৰণে গোটেই দেশতে এটাই প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব।
  • নতুন শিক্ষা নীতি অনুসৰি দেশৰ সকলো বিদ্যালয়তে ষষ্ঠ শ্ৰেণীৰ পৰাই Coding system কাৰ্যকৰী হ’ব।
  • শিক্ষাখণ্ডত National Literacy Missionৰ লগতে National Numeracy Mission থাকিব। মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ক শিক্ষা মন্ত্ৰণালয় বুলি জনা যাব।
  • নতুন শিক্ষা নীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল-স্কুলীয়া শিক্ষা ৫+৩+৩+৪ পদ্ধতিৰ কৰা  হ’ব । ইয়াৰে প্ৰথম ৫ বছৰত অন্তৰ্ভুক্ত হ’ব প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। পিছৰ ৩ বছৰত অন্তৰ্ভুক্ত হ’ব তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। তাৰ পিছৰ তিনি বছৰত থাকিব ষষ্ঠ, সপ্তম আৰু অষ্টম। শেষৰ চাৰি বছৰত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী। উচ্চতৰ মাধ্যমিকৰ চাৰি বছৰত শিক্ষা গ্ৰহণৰ শাখা  কলা, বাণিজ্য বা বিজ্ঞান হিচাবে বিভক্ত কৰা নহ’ব। শিক্ষাৰ্থী সকলে নিজৰ ইচ্ছা অনুসৰি পঠনীয় বিষয় গ্ৰহণ কৰিব পাৰিব।
  • শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ ব্যয় কৰা হ’ব । বৰ্তমানৰ ব্যয় কৰা হৈছে ৪.৪৩ শতাংশ
  • ২০৩৫ চনৰ ভিতৰত ৫০ শতাংশ নামভৰ্তিৰ লক্ষ্য স্থিৰ কৰি মতুন শিক্ষা নীতি অনুসৰি স্নাতকৰ পাঠ্যক্ৰম সৰ্বমুঠ চাৰি বছৰৰ হ’ব । পাঠ্যক্ৰমৰ বিভিন্ন multiple exitৰ ব্যৱস্থা  থাকিব আৰু সেই মতে শিক্ষাৰ্থীয়ে পাঠ্যক্ৰম সমাপ্ত কৰিব পাৰিব।
  • পাঠ্যক্ৰমৰ মাত্ৰা হ্ৰাস কৰা হ’ব আৰু শিক্ষাৰ্থীক নতুন ভাৱে কথাবোৰ চিন্তা কৰাৰ সুবিধা উলিয়াই দিয়া হ’ব।
  • শিক্ষাৰ্থীৰ শাৰীৰিক-মানসিক বিকাশৰ বাবে হেলথ কাৰ্ডৰ ব্যৱস্থা কৰা হ’ব।
  • ৫ বছৰৰ তলৰ শিশুৰ বাবে প্ৰিপেৰেটৰী পাঠ্যক্ৰম বালভাটিকাৰ প্ৰৱৰ্তন।
  • বিদেশত দেশৰ আগশাৰীৰ বিশ্ব বিদ্যালয়ৰ কেম্পাছ স্থাপন কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd