• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2026 9:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতালৈ অহাৰ মাত্ৰ ১০০ দিনৰ ভিতৰতে ইটোৰ পাছত সিটো বিতৰ্কত সোমাই পৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী থলপতি বিজয়। এইবাৰ ৰাজ্যৰ বিধায়কসকলৰ বাবে নতুন সুবিধা ঘোষণা কৰি পুনৰ চৰ্চালৈ আহিছে বিজয় চৰকাৰ। ৰাজ্যৰ প্ৰতিগৰাকী বিধায়কক চৰকাৰে এখনকৈ নতুন গাড়ী দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ লগতে গাড়ীৰ চালকৰ দৰমহা হিচাপে প্ৰতিমাহে ৭৫ হাজাৰ টকাকৈ দিয়াৰ কথাও ঘোষণা কৰা হৈছে।

বুধবাৰে বিধানসভাত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী থলপতি বিজয়ে। তেওঁৰ মতে, বিধায়কসকলে নিজৰ সমষ্টিত নিয়মীয়াকৈ ঘূৰি ফুৰিব লাগে। জনসাধাৰণৰ সমস্যা শুনা, তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰা আৰু বিভিন্ন কাম-কাজৰ খবৰ লোৱাৰ বাবে বিধায়কসকলৰ নিজৰ সমষ্টিত উপস্থিতি অতি প্ৰয়োজনীয়। সেইবাবেই বিধায়কসকলক নতুন গাড়ী দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

Apply Now

কেৱল গাড়ী দিয়াতে সিদ্ধান্ত সীমাবদ্ধ থকা নাই। নতুন গাড়ীখনৰ চালকৰ দৰমহা হিচাপে চৰকাৰে প্ৰতিমাহে ৭৫ হাজাৰ টকা দিব। ইয়াৰ উপৰি বিধায়কৰ কাৰ্যালয়ৰ ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত কৰ্মচাৰীৰ দৰমহাৰ বাবে প্ৰতিমাহে ২৫ হাজাৰ টকাকৈ দিয়াৰ কথাও ঘোষণা কৰা হৈছে। অৰ্থাৎ বিধায়কসকলে বৰ্তমানৰ দৰমহা আৰু ভাতাৰ উপৰি প্ৰতিমাহে অতিৰিক্ত ১ লাখ টকাৰ সুবিধা লাভ কৰিব।

তামিলনাডু দেশৰ আৰ্থিকভাৱে আগবঢ়া ৰাজ্যসমূহৰ ভিতৰত অন্যতম। ৰাজ্যখনৰ বিধায়কসকলেও আন বহু ৰাজ্যৰ তুলনাত অধিক দৰমহা আৰু ভাতা লাভ কৰে। বৰ্তমান দৰমহা আৰু বিভিন্ন ভাতা মিলি প্ৰতিমাহে বিধায়কসকলে ১ লাখ ৫ হাজাৰ টকাৰো অধিক লাভ কৰে। তাৰ ওপৰত এতিয়া নতুনকৈ ১ লাখ টকাৰ সুবিধা যোগ হ’ব। ইয়াৰ উপৰি বিধায়কসকলে আন বিভিন্ন চৰকাৰী সুবিধাও লাভ কৰি আহিছে।

বিজয় চৰকাৰৰ এই সিদ্ধান্তক লৈ চৰ্চা আৰম্ভ হ’লেও বিৰোধী দলসমূহে ইয়াৰ বিশেষ বিৰোধিতা কৰা নাই। বৰং বিধায়কসকলৰ বাবে অধিক সুবিধা দিয়াৰ দাবী বিৰোধী শিবিৰৰ পৰাই উত্থাপন হৈ আহিছিল। ভিচিকেৰ বিধায়ক জ্যোতিমণিয়ে কয় যে বহু বিধায়কে গাড়ীৰ অভাৱত নিজৰ সমষ্টিলৈ নিয়মীয়াকৈ যাব নোৱাৰে। তেওঁৰ মতে, বিধায়কৰ দায়িত্ব কেৱল বিধানসভাৰ কামতে সীমাবদ্ধ নহয়, নিজৰ সমষ্টিৰ লোকসকলৰ সৈতেও নিয়মীয়াকৈ যোগাযোগ ৰখাটো তেওঁলোকৰ দায়িত্ব।

ডিএমকেৰ এগৰাকী বিধায়কে এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী বিজয়ক ধন্যবাদ জনাই কয় যে বহু সময়ত বিধায়কসকলৰ প্ৰয়োজনীয়তাৰ বিষয়টো উপেক্ষা কৰা হয়। নতুন সিদ্ধান্তৰ জৰিয়তে সেই সমস্যাৰ কিছু সমাধান হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। অৱশ্যে, চৰকাৰৰ এই নতুন সুবিধাই ৰাজকোষৰ ওপৰত কিমান অতিৰিক্ত বোজা পেলাব, সেই লৈ ৰাজনৈতিক মহলত এতিয়াও আলোচনা চলি আছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd