• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অথলে গ’ল বিৰাটৰ শতক, ইন্দোৰত পৰাস্ত হৈ নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা হেৰুৱালে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2026 8:19 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেতিয়ালৈকে কোহলি ক্ৰীজত থাকে তেতিয়ালৈকে আশা জীয়াই থাকে। তেওঁ এতিয়াও ৰাণৰ লক্ষ্য অনুসৰণত ‘চেজমাষ্টাৰ’। অৱশ্যে প্ৰতিখন মেচতে সেয়া সম্ভৱ নহয়। দেওবাৰে ইন্দোৰত তৃতীয়খন এদিনীয়াত নিউজিলেণ্ডৰ বিৰুদ্ধে নোৱাৰিলে। দুজনমান খেলুৱৈয়ে তেওঁক ৰানৰ পাহাৰ অতিক্ৰম কৰাত সংগ দিলে যদিও সেয়া যথেষ্ট নাছিল।

কোহলি ১২৪ ৰানত আউট হৈছিল। আৰু তাৰ পিছত ভাৰতে ৪১ ৰাণত পৰাস্ত হয় মেচখনত। ৩৩৮ ৰানৰ লক্ষ্য খেদি ভাৰতৰ ইনিংছ ২৯৬ ৰানত সমাপ্ত হয়। শৃংখলাত ২-১ ব্যৱধানত পৰাস্ত হয় শুভমন গিল বাহিনী। এইবাৰ প্ৰথম ভাৰতৰ মাটিত শৃংখলা জয় কৰিলে নিউজিলেণ্ডে। কোহলীৰ ফৰ্মৰ বাহিৰে বহু প্ৰশ্নৰ অৱতাৰণাৰে আৰম্ভ হ’ল ভাৰতীয় ক্ৰিকেটৰ বছৰটো।

Apply Now

প্ৰথম প্ৰশ্ন অৱশ্যেই বলিং। যশপ্ৰীত বুমৰাহ অবিহনে এই দলটোৰ বলিঙৰ ওপৰত কিবা আত্মবিশ্বাস আছেনে? অৰ্শদীপ সিং আৰু হৰ্ষিত ৰানাহঁতে ৩টা উইকেট দখল কৰে যদিও তেওঁলোকে ৰান দিলে প্ৰচুৰ। মহম্মদ ছিৰাজে আনসকলতকৈ কম ৰান দিছিল। আন এখন খেলত উইকেটহীন হৈ থাকিল ৰবীন্দ্ৰ জাডেজা। এই শৃংখলাৰ পিছত অৱশ্যে জাদেজাৰ এদিনীয়া ভৱিষ্যতক লৈ চৰ্চা হোৱাটো নিশ্চিত। অক্ষৰ পেটেলৰ দৰে ক্ৰিকেটাৰসকলে বহি সুযোগৰ বাবে অপেক্ষা কৰি আছে। কুলদীপ যাদৱে অলপ চাপ পৰিলেই নিজৰ লাইন পাহৰি যায়। মুঠতে বলিঙৰ অনুশাসনৰ অভাৱ।

ডেৰিল মিচেল আৰু গ্লেন ফিলিপছে ইয়াৰ সুবিধা লোৱাত অলপো ভুল কৰা নাছিল। এই মুহূৰ্তত কেৰিয়াৰৰ শ্ৰেষ্ঠ ফৰ্মত আছে মিচেল। এইখন খেলত তেওঁ ১৩১টা বলত ১৩৭ ৰান সংগ্ৰহ কৰে। আনহাতে, গ্লেন ফিলিপছে ৮৮টা বলত ১০৬ ৰান সংগ্ৰহ কৰে। ৫ ৰানত ২ উইকেটৰ পৰা কিউইৰ ইনিংছ শেষ হয় ৩৩৭ ৰাণত।

এই ৰান খেদি জয়ী হোৱা কঠিন। অৱশ্যে ভাৰতৰ তাৰকাৰে ভৰা বেটিঙৰ বাবে সেয়া অসম্ভৱো নহয়। কিন্তু হঠাৎ ৰোহিত শৰ্মাই হেৰুৱাই পেলাইছে বিস্ফোৰক ছন্দ। তেওঁ সাৱধানে খেলি আছে। দলত নিজৰ স্থানক লৈ এতিয়াও সন্দেহ আছে নেকি? যিয়েই নহওক, ই দল আৰু হিটমেন দুয়োটাকে ক্ষতি কৰিছে। দেওবাৰে তেওঁ মাত্ৰ ১১ ৰান সংগ্ৰহ কৰি উভতি আহে। গোটেই শৃংখলাটোত তেওঁ ৰান কৰিব পৰা নাছিল।

অধিনায়ক শুভমন গিল (২৩)ৰ ক্ষেত্ৰতো একেই কথা। প্ৰশ্ন উত্থাপন হ’ব, এদিনীয়া মেচত ভাৰতক নেতৃত্ব দিবলৈ তেওঁ সাজু নে? কাৰণ, আগতে ৰোহিত-কোহলী-ধোনীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল। ফিল্ডিং কৰাৰ সময়ত তেওঁলোক উৎসাহ দিছিল। লগতে ৰানো কৰিছিল। গিলে দুয়োটাৰে কোনোটোৱেই কৰা নাই।

এতিয়া প্ৰশ্ন হয়, কোহলিক সংগ দিব কোনে? শ্ৰেয়াছ আয়াৰেও ছন্দ হেৰুৱাইছে। ডাঙৰ আঘাতৰ পৰা উভতি অহাৰ পিছত প্ৰথমখন এদিনীয়াত তেওঁ ৰান সংগ্ৰহ কৰিছিল। বাকী দুখন এদিনীয়াত তেওঁ বেট নীৰৱ হৈ পৰিল। দেওবাৰে মাত্ৰ ১ ৰানত আউট হৈছিল কে এল ৰাহুল। ডাঙৰ ৰান অনুসৰণত পাৰ্টনাৰশ্বিপৰ প্ৰয়োজন। এফালে কোহলি, আৰু আনফালে কেৱল অহাযোৱা। পাৰ্টনাৰশ্বিপেই গঢ়ি নুঠিল।

বেটিঙৰ লগতে বলিঙৰ ক্ষেত্ৰতো জাদেজাই সংগ্ৰাম অব্যাহত ৰাখিছে। বৰঞ্চ গম্ভীৰৰ দুই ‘প্ৰিয়’ খেলুৱৈ তৰুণ যুৱক নীতিশ কুমাৰ ৰেড্ডী আৰু হৰ্ষিত ৰাণাই অৰ্ধশতক অৰ্জন কৰি যুঁজখন অব্যাহত ৰাখে। বিশেষকৈ হৰ্ষিতৰ কথা উল্লেখ কৰিব লাগিব। তেওঁ নিজকে অল ৰাউণ্ডাৰ কৰি তুলিছে। তেওঁ ডাঙৰ শ্বট মাৰিব পাৰে। তেওঁ দিয়া ৰানৰ ক্ষতিপূৰণ কৰিবলৈ চেষ্টা কৰিছে।

আৰু কোহলি। আজিও তেওঁ ভাৰতীয় ক্ৰিকেটৰ অকলশৰীয়া যোদ্ধা। কোনে বা কিছুমানে মাজে মাজে বিৰাট কোহলিক বাদ দিবলৈ চেষ্টা কৰিছিল। বাদ? বিৰাটৰ এটাই মতাদৰ্শ – ৰান কৰা, সমালোচকসকলৰ স্বয়ংক্ৰিয়ভাৱে মুখ বন্ধ হৈ যাব।

দেওবাৰে কোহলিৰ ১০৮ বলত ১২৪ ৰানৰ ইনিংছৰ পৰা তৰণ ক্ৰিকেটাৰে চাপ চম্ভালিবলৈ শিকিব পাৰিব। বিনিময়ত প্ৰতিপক্ষৰ ওপৰত কেনেকৈ চাপ দিব পাৰি তাকো শিকিব। ৩৭ বছৰীয়া কোহলিৰ ষ্ট্ৰাইক ৰোটেত কৰাত আছে বিচক্ষণতা। এতিয়াও তেওঁ বাউণ্ডেৰীৰ বাহিৰত বল পঠিওৱাত সমানেই পাকৈত। কেৰিয়াৰৰ ৮৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় শতক কৰাতো তেওঁ ১০টা ছয় আৰু ৩টা ছয় মাৰে।

কিন্তু ক্ৰিকেট এজনৰ খেল নহয়। হয়তো প্ৰশিক্ষক গৌতম গম্ভীৰে সেই কথা বুজি পাব। যদি তেওঁ নাপায় তেন্তে ২০২৭ চনৰ বিশ্বকাপৰ সপোন দেখাটো হয়তো দেশৰ ক্ৰিকেট অনুৰাগীৰ বাবে এক বিলাসীতা হৈ পৰিব পাৰে।

সংক্ষিপ্ত স্কোৰঃ

নিউজিলেণ্ডঃ ৩৩৭/৮ (মিচেল ১৩৭, ফিলিপছ ১০৬, অৰ্শদীপ ৬৩/৩)

ভাৰতঃ ২৯৬/১০ (কোহলি ১২৪, নীতিশ ৫৩, কৃষ ক্লাৰ্ক ৫৪/৩)

৪১ ৰানত পৰাস্ত ভাৰত।

নিউজিলেণ্ডে ২-১ ব্যৱধানত জয়লাভ কৰে এই শৃংখলা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd