• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খেলপথাৰৰ বাহিৰতো নেইমাৰৰ মানৱীয়তা! ভেনেজুৱেলাৰ ভূমিকম্প দুৰ্গতৰ সাহায্যৰ বাবে আগবঢ়ালে ২.৫ কোটি টকা

চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ মাজতেই খেলপথাৰৰ বাহিৰত এক বিৰল মানৱীয় নিদৰ্শন দাঙি ধৰিছে ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে। শেহতীয়াকৈ ভেনেজুৱেলাত সংঘটিত প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্যৰ বাবে তাৰকাগৰাকীয়ে প্ৰায় ২.৫ কোটি টকা আৰ্থিক অনুদান আগবঢ়াইছে। ভূমিকম্পত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বিশ্বকাপৰ প্ৰতিখন মেচৰ পূৰ্বে নীৰৱতা পালন কৰি থকাৰ সময়তে নেইমাৰৰ এই আৰ্থিক সাহায্যই দুৰ্গতসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 8:09 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ মাজতেই খেলপথাৰৰ বাহিৰত এক বিৰল মানৱীয় নিদৰ্শন দাঙি ধৰিছে ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে। শেহতীয়াকৈ ভেনেজুৱেলাত সংঘটিত প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্যৰ বাবে তাৰকাগৰাকীয়ে প্ৰায় ২.৫ কোটি টকা আৰ্থিক অনুদান আগবঢ়াইছে। ভূমিকম্পত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বিশ্বকাপৰ প্ৰতিখন মেচৰ পূৰ্বে নীৰৱতা পালন কৰি থকাৰ সময়তে নেইমাৰৰ এই আৰ্থিক সাহায্যই দুৰ্গতসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

চি এন এনে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা বুধবাৰে ভেনেজুৱেলাত ৭.২ আৰু ৭.৫ প্ৰাৱল্যৰ দুটাকৈ ভয়ংকৰ ভূমিকম্পৰ ফলত কমেও ১৪৩০ জন লোকৰ মৃত্যু ঘটিছে। এই প্ৰাকৃতিক দুৰ্যোগত ৩২৩৮ জনতকৈ অধিক লোক আহত হোৱাৰ লগতে ৩১৪২ টা পৰিয়াল সম্পূৰ্ণৰূপে গৃহহীন হৈ পৰিছে। দুৰ্যোগত বিস্তৰ পৰিমাণৰ বহুমহলীয়া আৱাসিক ভৱন ভাঙি পৰিছে আৰু বহু আহত লোকৰ অৱস্থা সংকটজনক হৈ আছে। এই জটিল সময়ত নেইমাৰে প্ৰদান কৰা ধনেৰে দুৰ্গতসকলৰ বাবে আৱশ্যকীয় খাদ্য, খোৱাপানী, ঔষধ আৰু অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰা হ‘ব বুলি জানিব পৰা গৈছে।

Apply Now

এই দুৰ্যোগ সন্দৰ্ভত ব্ৰাজিলৰ এক সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নেইমাৰে কয় যে ভেনেজুৱেলাৰ জনসাধাৰণৰ কষ্ট সহ্য কৰিব পৰা বিধৰ নহয় আৰু ঈশ্বৰে তেওঁলোকক এই পৰিস্থিতি অতিক্ৰম কৰিবলৈ শক্তি প্ৰদান কৰক। উল্লেখ্য যে ভেনেজুৱেলাৰ এই বিপৰ্যয়ৰ সময়ত পৃথিৱীৰ বহুকেইখন দেশে উদ্ধাৰ অভিযানৰ লগতে জনজীৱন স্বাভাৱিক কৰাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে আৰু বৰ্তমান ব্ৰাজিলৰ তাৰকাগৰাকীও এই মানৱীয় প্ৰচেষ্টাৰ অংশীদাৰ হৈ পৰিছে।

আনহাতে, বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত মাত্ৰ ১৫ মিনিটৰ বাবে খেলপথাৰত নমা নেইমাৰৰ পৰৱৰ্তী মেচত অংশগ্ৰহণক লৈয়ো ক্ৰীড়াপ্ৰেমীসকলৰ মাজত চৰ্চা চলিছে। ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশা ১০:৩০ বজাত নকআউট পৰ্যায়ত এছিয়াৰ অন্যতম শ্ৰেষ্ঠ দল জাপানৰ মুখামুখি হ‘ব ব্ৰাজিল। মেচখনৰ পূৰ্বে ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো আনচেলোট্টিয়ে অনুৰাগীসকলক আশ্বস্ত কৰি জানিবলৈ দিছে যে যোৱা এক সপ্তাহত নেইমাৰৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট উন্নতি ঘটিছে।

প্ৰশিক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, যদিও নেইমাৰে আৰম্ভণিৰে পৰা খেলপথাৰত নমাৰ সম্ভাৱনা কম, তথাপিও তেওঁ পূৰ্বৰ মেচখনতকৈ অধিক সময় খেলিবলৈ সক্ষম হ‘ব। অৱশ্যে তেওঁক মূল একাদশত ৰখা হ‘ব নে পৰিৱৰ্ত খেলুৱৈ হিচাপে নমোৱা হ‘ব, সেই বিষয়ে আনচেলোট্টিয়ে চূড়ান্ত সিদ্ধান্ত সদৰী কৰা নাই যদিও প্ৰশিক্ষকগৰাকীৰ ইংগিত অনুসৰি তেওঁক পৰিৱৰ্ত খেলুৱৈ হিচাপে ব্যৱহাৰ কৰাৰেই পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীয়ে জাপানৰ বিৰুদ্ধে মেচখনত নেইমাৰৰ প্ৰদৰ্শনৰ লগতে ভেনেজুৱেলাত অব্যাহত থকা উদ্ধাৰ তথা সাহায্য অভিযানৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd