• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শেতালীৰ নি:কিন দিপালী বৰাৰ পৰিয়াললৈ স্পৰ্শ আৰু সাৰথিৰ সহায়ৰ হাত

NE NOW NEWS মিণ্টু দাস
নগাঁও , December 23, 2018 4:07 pm

2 min read

nagaon

দুৰ্ভগীয়া দিপালী বৰাৰ শেতালীৰ ঘৰত সহায়ৰ আগবঢ়াই উপস্থিত বিভিন্ন ব্যক্তি। ফটো : নৰ্থইষ্ট নাও

606
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ শেতালী চাৰিআলিৰ  দিপালী বৰা নামৰ এগৰাকী নি:কিন যুৱতীৰ ঘৰৰ চোতালৰ পকা ধানৰ মেজিত আজি কেইদিনমানৰ আগতে নিশা কোনো দুৰ্বৃত্তই জুই দি পিতৃহীনা দৰিদ্ৰ পৰিয়াললৈ অমানিশা নমাই আনিছিল৷ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত এই অমানৱীয় ঘটনাতো প্ৰচাৰ হৈছিল।

কাৰো ওচৰত হাত নাপাতি  আনৰ ঘৰত হাজিৰা কৰি ৰোগাগ্ৰস্তা বিধৱা মাতৃ  আৰু ৰুগীয়া ভাতৃক সাহসৰে পোহপাল দি অহা অবিবাহিতা ৰূপালীক সাহস আৰু সহায় কৰিবলৈ শনিবাৰে তেওঁলোকৰ জুয়ে পোৰা চোতালত নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পৰ্শ’ৰ লগতে  সাৰথি,  অনুশীলন, প্ৰেছ ক্লাৱ বেবেজীয়া, ক্ৰিয়েশ্যন আদি অনুষ্ঠানৰ কৰ্মকৰ্তাসকল উপস্থিত হয়।

স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পৰ্শ’ৰ হৈ অনুষ্ঠানটিৰ সভাপতি তথা সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ বৰদলৈ, সম্পাদক তথা জনপ্ৰিয় অভিনেতা-নাট পৰিচালক দিব্যজ্যোতি শইকীয়া আৰু বিত্ত সম্পাদক মুনজ্যোতি নাথে পৰিয়ালটোৰ হাতত অৰ্থ সাহায্যৰ লগতে খাদ্য সামগ্ৰীৰ টোপোলা অৰ্পণ কৰে।

একেদৰে হাতীচোং চকলাঘাটৰ  “সাৰথি আত্ম সহায়ক” গোটৰ হৈ অনুষ্ঠানটোৰ সভাপতি লোকেন চন্দ্ৰ নাথ আৰু কৰ্মকৰ্তা দেৱেশ্বৰ তালুকদাৰে দিপালী বৰাৰ পৰিয়ালটোৰ হাতত কিছু অৰ্থ সাহায্য প্ৰদান কৰে।

দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত এই অনুষ্ঠান দুটিৰ লগতে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, প্ৰেছ ক্লাৱ বেবেজীয়াৰ সভাপতি সমীৰ হাজৰিকা, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি বালা কাকতি, প্ৰতিদিন টাইমৰ নগাঁৱস্থ সাংবাদিক বীৰেন বৰা, যুৱনেতা পাৰ্থ সাৰথি বৰা, স্থানীয় সংবাদ কৰ্মী তুষাৰ শৰ্মাৰ  লগতে  ফেচবুকত এটা  পোষ্টৰ  জৰিয়তে দুৰ্ভগীয়া দিপালী বৰাৰ পৰিয়ালটোক সহায়ৰ বাবে  প্ৰথম আহ্বান জনোৱা কল্যান বৰা আদি উপস্থিত থাকি দিপালী বৰাৰ চোতালত সংঘটিত হোৱা এই নিন্দনীয় কাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।

গল্পকাৰ শিৱানন্দ কাকতিয়ে পৰিয়ালটোক সহায় আৰু সাহস দিবলৈ আগবাঢ়ি অনুষ্ঠানসমূহক ধন্যবাদ জনায় কয় যে সমাজত এতিয়াও মানৱতা সবল ৰূপত জীয়াই আছে। ইপিনে, আজি হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো কিছু সুহৃদ ব্যক্তিয়ে দিপালী বৰাক সহায় আগবঢ়াব বুলি ছাত্ৰনেতা নিপন শৰ্মাই জানিবলৈ দিছে।

আনহাতে, দিপালী বৰাৰ ঘৰত দুস্কাৰ্য সংঘটিত হোৱাৰ নিশাই সমীপৰে জামুগুৰি গাঁৱৰ নিৱাসী তথা হাতীচোং জিলা পৰিষদৰ পঞ্চায়ত নিৰ্বাচনৰ পৰাজিত অগপ প্ৰাৰ্থী অৱন্তী দেৱীৰ ঘৰতো জুই দি দুৰ্বৃত্তই বিস্তৰ ক্ষতি সাধন কৰিছিল। শনিবাৰে অৱন্তী দেৱীৰ ঘৰতো দিপালী বৰাৰ ঘৰত সমবেত হোৱা সকলো ব্যক্তি উপস্থিত হৈ খবৰ লৈ সমবেদনা জ্ঞাপন কৰে।

Recent News

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

coalmining-750x375

মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

WhatsApp-v-Facebook-Messenger-950402

হোৱাটছএপতকৈয়ো অধিক বিপদজনক মেছেঞ্জাৰ! কি কয় বিশেষজ্ঞই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd